ETV Bharat / state

Deprived fro treatment in Rangia: আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত

ৰঙিয়াৰ মজিবৰ ৰহমান নামৰ লোকজনে আৰ্থিক দুৰৱস্থাৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰিব পৰা হোৱা নাই (Deprived from treatment) । দুখীয়া পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে ।

Deprived from treatment
আৰ্থিক দুৰৱস্থাৰ বাবে অস্ত্ৰোপ্ৰচাৰৰ পৰা বঞ্চিত
author img

By

Published : Mar 11, 2023, 10:47 PM IST

আৰ্থিক দুৰৱস্থাৰ বাবে অস্ত্ৰোপ্ৰচাৰৰ পৰা বঞ্চিত

ৰঙিয়া, ১১ মাৰ্চ: কামৰূপ জিলাৰ ৰঙিয়াৰ ২ নং ধুহিৰ মজিবৰ ৰহমান নামৰ অসুস্থ লোকজনে আৰ্থিক দুৰৱস্থাৰ বাবে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে (Appeal for help in Rangia)। তিনি মাহে বিচনাত জীৱন কটাব লগা হৈছে ৰঙিয়াৰ এইজন লোকে । তেওঁ ধনৰ অভাৱৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । উল্লেখ্য় যে তিনি মাহ পূৰ্বে কাঠ মিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত ঘৰৰ ওপৰৰ পৰা হঠাতে পৰি যোৱাত গুৰুতৰভাৱে আহত হৈ পৰিছিল মজিবৰ ৰহমান । ইয়াৰ পিছতেই ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সুস্থ হৈ নুঠিল । চিকিৎসকে তেওঁক জটিল অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি কয় । কিন্তু ধনৰ অভাৱত তেওঁৰ অস্ত্ৰোপ্ৰচাৰ কৰিব পৰা হোৱা নাই । চৰকাৰী আয়ুস্মান কাৰ্ড থকাৰ পিছতো মজিবৰ ৰহমানে কোনো সাহায্য লাভ নকৰিলে ।

ইয়াৰ পিছতে উপযুক্ত চিকিৎসাৰ অভাৱত মজিবৰ ৰহমানৰ দেহৰ এটা অংশ অচল হৈ পৰে (Deprived from treatment)। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজন শয্যাসায়ী হোৱাত শোচনীয় হৈ পৰে ঘৰৰ অৱস্থা । দুখীয়া পৰিয়ালটোৱে গৰু, ছাগলী, মুৰ্গী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই । স্বামীৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰাগ । ইতিমধ্যে দুখীয়া পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে ।

মজিবৰ ৰহমানক সুস্থ কৰি তুলিবলৈ দৰকাৰ চাৰি লক্ষাধিক টকা । এই বৃহৎ পৰিমানৰ ধম যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ দৰিদ্ৰ পৰিয়ালটো ।লোকজনৰ উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰক সহায় কৰিবলৈ কাতৰ অনুৰোধ কৰিছে । স্বামীক সুস্থ কৰি তুলিবলৈ মজিবৰ ৰহমানৰ পত্নীয়ে মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, সুহৃদ ব্যক্তি অথবা দল-সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে । কোনো লোকে চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব বিচাৰিলে 91272 54566 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে । নাইবা ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাৰ 34342165042 নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব । অসহায় মজিবৰ ৰহমান আৰু তেওঁৰ পত্নীয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে সহৃদয়বান ৰাইজক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:Rishikesh International Yoga Festival: হৃষিকেশ আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.