ETV Bharat / politics

অসমত ভোটো বাঢ়িব, আসনৰ সংখ্যাও বাঢ়িব কংগ্ৰেছৰ : ভূপেন বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 7:44 PM IST

APCC President Bhupen Borah: অসমত কংগ্ৰেছৰ আসনৰ সংখ্যা বাঢ়িব । বাঢ়িব কংগ্ৰেছৰ ভোট- নিৰ্বাচনোত্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । নিৰ্বাচনী যুঁজৰ শেষত দিল্লী পালেগৈ ভূপেন বৰা।

BHUPEN BORAH IN DELHI
কংগ্ৰেছৰ আসনৰ সংখ্যা বাঢ়িব বুলি দাবী কৰিছে ভূপেন বৰাই (ETV BHARAT ASSAM)
নিৰ্বাচনোত্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ৮ মে’ : “মনঃস্তাত্বিক যুঁজত কংগ্ৰেছৰ হাতত পৰাজিত হৈছে মুখ্যমন্ত্ৰী ৷ অসমত কংগ্ৰেছৰ আসনৰ সংখ্যা বাঢ়িব ৷ অসমত কংগ্ৰেছৰ ভোটৰ হাৰো বাঢ়িব ৷ ধুবুৰীত ৰকিবুল হুছেইন হাৰিলে মই পদত্যাগ কৰিম বুলি কৈছিলো, মোৰ কথা মই ৰাখিম ৷"- অসমত নিৰ্বাচনী যুদ্ধ সামৰি আত্মবিশ্বাস ভৰা এই বিশ্লেষণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

অসমৰ মুঠ 14 টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিচত ভোটৰ হিচাবৰ টোপোলা বান্ধি দিল্লী পালেগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ অসমত শেষ হোৱা 14 টা লোকসভা সমষ্টিৰ ফলাফলক লৈ দিল্লীত সাংবাদিকৰ আগত আত্মবিশ্বাসী দেখা গ’ল বৰাক ৷ লোকসভা নিৰ্বাচনক লৈ অসমত কংগ্ৰেছৰ প্ৰদৰ্শন কেনে হ’ব এই প্ৰসংগত ভূপেন বৰাই আজি ক’লে যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ’মাইণ্ড গেম’ত জয়লাভ কৰিটোৱেই এইবাৰ নিৰ্বাচনত বৃহৎ সফলতা ৷ তেঁও কয়- “মুখ্যমন্ত্ৰীৰ সৈতে মনঃস্তাত্বিক যুঁজখনত এইবাৰ কংগ্ৰেছে জয় লাভ কৰিছে ৷ এয়া কংগ্ৰেছৰ বৃহৎ বিজয় ৷ নিৰ্বাচনৰ ফলাফলক লৈ মই একো সংখ্যাগত কথা নকও ৷ কিন্তু এটা কথা নিশ্চিতভাৱে ক’ব পাৰো যে অসমত কংগ্ৰেছৰ আসনৰ সংখ্যা বাঢ়িব ৷ ভোটো বাঢ়িব ৷”

এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰকাৰে চলোৱা মনঃস্তাত্বিক যুঁজখনত কংগ্ৰেছে জয়লাভ কৰা প্ৰসংগত ভূপেন বৰাই কয় যে কংগ্ৰেছৰ ওপৰত চাৰিওফালৰ পৰা এনে চাপ প্ৰয়োগ কৰিছিল যে দলটোৱে দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধেও যাব লগা হৈছিল ৷ কংগ্ৰেছৰ শেষ হৈ গ’ল, ভূপেন বৰাই বিজেপিত যোগদান কৰিব, ৰাজীৱ ভৱন শূন্য হৈ পৰিব আদি আক্ৰমণেৰে কংগ্ৰেছক মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ব্যতিব্যস্ত কৰিব খুজিও মুখ্যমন্ত্ৰী ব্যৰ্থ হ’ল ৷ আনহাতে ধুবুৰীত ৰকিবুল হুছেইনে জয় লাভ নকৰিলে পদত্যাগ কৰাৰ ঘোষণাত অটল আছে বুলি ক’লে ভূপেন বৰাই ৷ লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰছেৰ ৰকিবুল হুছেইনে জয় লাভ কৰিব বুলি দৃঢ়তাৰে দিল্লীত ঘোষণা ভূপেন বৰাৰ ৷

এই প্ৰসংগত তেঁও কয়- “মুখ্যমন্ত্ৰীয়ে কথা কয়, কিন্তু তেওঁ পাহৰি যায় ৷ মই নাপাহৰো ৷ মই কৈছিলো ৰকিবুল হুছেইন হাৰিলে মই পদত্যাগ কৰিম বুলি ঘোষণা কৰিছিলো ৷ কিন্তু মই পাহৰা নাই ৷ ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিওতে বহুতে কৈছিল ভুল সিদ্ধান্ত লৈছে কংগ্ৰেছে ৷ কিন্তু এতিয়া সকলোৱে কৈছে ৰকিবুল হুছেইন জিকিব ৷” আনহাতে তেওঁ কয় যে ধুবুৰীত কংগ্ৰেছৰ দুজন বিধায়ক আৰু এজন প্ৰাক্তন সাংসদৰ বিৰুদ্ধে নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ আছে ৷ দলীয় মঞ্চত এই কথাবোৰ আলোচনা কৰা হ’ব বুলি কয় ভূপেন বৰাই ৷

লগতে পঢ়ক : নিৰ্বাচন খেলিবলৈ কিয় বিহাৰক বাচি ল'লে নৱ কুমাৰ শৰণীয়াই ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.