ETV Bharat / politics

নিৰ্বাচন খেলিবলৈ কিয় বিহাৰক বাচি ল'লে নৱ কুমাৰ শৰণীয়াই ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 3:39 PM IST

NABA KUMAR SARANIA: অসমৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্দলীয় সাংসদ হিচাপে নিৰ্বাচিত নৱ কুমাৰ শৰণীয়াই এইবাৰ বিহাৰৰ পৰা নিৰ্বাচন খেলিবলৈ ওলাইছে । তেওঁ বাগাহাৰ বাল্মীকি নগৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । অসমৰ পৰিৱৰ্তে এই আসনখন কিয় বাছি ল'লে শৰণীয়াই ? ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সকলো ক'লে নৱ শৰণীয়াই ।

LOK SABHA ELECTION 2024
NABA KUMAR SARANIA EXCLUSIVE (ETV Bharat)
নিৰ্বাচন খেলিবলৈ কিয় বিহাৰক বাচি ল'লে নৱ কুমাৰ শৰণীয়াই ? (ETV Bharat)

নিউজ ডেস্ক, ৮ মে': বাল্মীকি নগৰ লোকসভা আসনত নিৰ্বাচনী কাৰ্যকলাপ অধিক তীব্ৰতৰ হৈ পৰিছে । আচলতে এইখন জেডিইউৰ পৰম্পৰাগত আসন আৰু এনডিএই এই আসনখন একেৰাহে দুটা দশক ধৰি দখল কৰি আহিছে যদিও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা অধিক আকৰ্ষণীয় হ’বলৈ গৈ আছে । অসমৰ কোকৰাঝাৰৰ পৰা দুবাৰকৈ নিৰ্দলীয় সাংসদ হৈ অহা নৱ কুমাৰ শৰণীয়া এইবাৰ ইয়াত নিৰ্বাচনী খেলপথাৰত নামি পৰিছে । যাৰ বাবে এন ডি এ আৰু ইণ্ডি মিত্ৰজোঁটৰ খেলখনৰ গতি সলনি হৈছে ।

কেৱল বাল্মিকীনগৰ লোকসভাৰ আসন কিয় ?

নৱ কুমাৰ শৰণীয়াক যেতিয়া সোধা হৈছিল যে তেওঁ বাল্মিকীনগৰ লোকসভাৰ আসনখন কিয় বাছি লৈছে, তেওঁ কয় যে "মই সদায় আদিবাসীৰ বাবে আন্দোলন কৰি আহিছোঁ, যেতিয়া মোদী চৰকাৰৰ প্ৰভাৱত মোৰ মনোনয়ন ষড়যন্ত্ৰমূলকভাৱে কোকৰাঝাৰৰ পৰা বাতিল কৰা হৈছিল, তেতিয়া মোৰ দলৰ কৰ্মীসকলে মোক আন কোনোবা লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ উৎসাহিত কৰিছিল । যিহেতু বাল্মীকি নগৰ দেশৰ এক নম্বৰ সংসদীয় সমষ্টি, মই এই লোকসভাৰ আসনখন বাছি লৈছিলোঁ ।"

'ৰাইজে বিকল্প বিচাৰিছে': তেওঁ কয়, "এই লোকসভাৰ আসনখন বাছনিৰ আঁৰৰ আন এটা কাৰণ হ'ল এই আসনখন পিছপৰাৰ ক্ষেত্ৰত এক নম্বৰ । ইয়াৰ সাংসদ-বিধায়কসকলে না উন্নয়ন কৰিছে, না জনজাতি, দলিত আৰু পিচপৰা সকলৰ বাবে সদনত মাত মাতিছে । সেয়েহে ইয়াৰ মানুহে বিকল্প বিচাৰিছে আৰু বিকল্প হিচাপে মই ইয়াৰ ৰাজনৈতিক ছিণ্ডিকেট ধ্বংস কৰিবলৈ আহিছো ।"

বিহাৰৰ গণ সুৰক্ষা পাৰ্টিৰ ৮ জন প্ৰাৰ্থী: ঝাৰখণ্ডত জনজাতীয়সকল অতি পিছপৰা, তেওঁ তাৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিলেহেঁতেন বুলি সোধাত তেওঁ কয়, "বাল্মিকী নগৰ মাত্ৰ এটা আৰম্ভণিহে । মোৰ বিহাৰৰ গণ সুৰক্ষা পাৰ্টিৰ পৰা ৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰি আছে । বাল্মিকীনগৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আন ৰাজ্যতো প্ৰৱেশ কৰিব ।" স্থানীয় সাংসদ, বিধায়ক আৰু প্ৰাৰ্থীক লক্ষ্য কৰি তেওঁ কয়, "ইয়াত জনপ্ৰতিনিধিসকল নিজেই ঠিকাদাৰ, কোনোবা এজন চুলাই কলৰ মালিক আৰু বহুতে কৃষকক হাৰাশাস্তি কৰি আহিছে, এনে পৰিস্থিতিত ইয়াতকৈ উত্তম বিকল্প কি হ'ব পাৰে ।"

‘মোদী চৰকাৰৰ বিৰুদ্ধে মহান পৰিৱৰ্তনৰ ঢৌ’: নৱ কুমাৰ শৰণীয়াই স্পষ্টকৈ কয় যে আলফাত থকাৰ সময়তে তেওঁ ২৫ বছৰ ধৰি দুখীয়াৰ বাবে আন্দোলন কৰিছিল । এই কাৰণেই জনসাধাৰণে দুবাৰকৈ স্বতন্ত্ৰভাৱে সুযোগ দিলে । "এইবাৰ মোৰ মনোনয়ন বাতিল হ'লেও, পূৰ্বৰ দৰে মই জনজাতীয়, পিছপৰা শ্ৰেণী আৰু দলিতৰ বাবে সংসদত মাত মাতিম আৰু শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপনকে ধৰি প্ৰতিটো ক্ষেত্ৰতে কাম কৰিম । এইবাৰো মোডী চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাম ।"

লগতে পঢ়ক: কপালত নাছিল কোকৰাঝাৰ; সেয়েহে নৱ শৰণীয়াই বাছি ল’লে বিহাৰ - Naba Sarania Contest From Bihar

চৰকাৰৰ ষড়যন্ত্ৰক ধিক্কাৰ নৱ কুমাৰ শৰণীয়াৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.