চৰকাৰৰ ষড়যন্ত্ৰক ধিক্কাৰ নৱ কুমাৰ শৰণীয়াৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 6:00 PM IST

thumbnail

বাক্সা,১০ এপ্ৰিল: ৭ মে'ত ১ নং কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ প্ৰাকক্ষণত বাতিল কৰা হয় কোকৰাঝাৰ লোকসভাৰ পৰা দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন । সকলোকে হাতযোৰ কৰি এই যুদ্ধখন আগবঢ়াই নিবলৈ আহ্বান জনাই নৱ কুমাৰ শৰণীয়াই । নৱ কুমাৰ শৰণীয়াৰ বিকল্প বি পি এফ বা ইউ পি পি এল নহয় বুলি তেওঁ উল্লেখ কৰে ।  

গতিকে সকলোকে টৰ্চ লাইটৰ ছবিত ভোটদান কৰি জি এছ পি প্ৰাৰ্থী বিনীতা ডেকাক জয়ী কৰোৱাৰ আহ্বান জনাই নৱ কুমাৰ শৰণীয়াই । লগতে শৰণীয়া-কছাৰী জনগোষ্ঠীক ভোট বৰ্জন নকৰি ভোটেৰে যুদ্ধ কৰি অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । চৰকাৰে কৰা ষড়যন্ত্ৰক তেওঁ ধিক্কাৰ দিয়ে । আনফালে প্ৰাৰ্থী বিনীতা ডেকাই সকলো ৰাইজৰ লগত বি টি আৰৰ যুঁজখন চলাই নিয়াৰ বাবে আগবাঢ়ি অহা বুলি কৈ সকলোকে টৰ্চ লাইটৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই : সাংসদ নৱ কুমাৰ শৰণীয়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.