কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই : সাংসদ নৱ কুমাৰ শৰণীয়া - Lok sabha Election 2024
Lok sabha Election 2024: কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী হ’ব প্ৰক্ষেপ বিনীতা ডেকা ৷ সংবাদমেলযোগে ঘোষণা শৰণীয়াৰ ৷ গণ সুৰক্ষা পাৰ্টীৰ লক্ষ্য, উদ্দেশ্য প্ৰকাশ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

Published : April 23, 2024 at 7:43 AM IST
কোকৰাঝাৰ, 23 এপ্ৰিল: কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিলে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পাচত এইবাৰ নৱ কুমাৰ শৰণীয়াই বিকল্প প্ৰাৰ্থী হিচাপে বিনীতা ডেকাৰ নাম লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিছে ৷ সোমবাৰৰ সন্ধিয়া কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি প্ৰাৰ্থী বিনীতা ডেকাক লগত লৈ নৱ কুমাৰ শৰণীয়াই কয়, "তেওঁৰ সৈতে যি ব্যৱহাৰ কৰিলে, যেনেদৰে প্ৰতাৰণা কৰা হ’ল তাৰ প্ৰত্যুত্তৰ হিচাপে কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই । নৱ কুমাৰ শৰণীয়া প্ৰাৰ্থী নোহোৱাৰ বাবে আজি সকলোৱে মৰ্মাহত হৈছে ৷ ৰাজনীতিত উত্থান-পতন থাকেই ৷"
সাংসদ নৱ কুমাৰ শৰণীয়াই তেওঁৰ বিকল্প হিচাপে বিনীতা ডেকাক ভোট দিবলৈ সকলোকে আহ্বান জনায় । শৰণীয়াক নিৰ্বাচন খেলাৰ পৰা অবৈধভাৱে যেনেদৰে বঞ্চিত কৰা হ'ল সেয়া পিছলৈ প্ৰত্যাহ্বান জনাব পৰা যাব বুলি উল্লেখ কৰি পোনপ্ৰথমে জিএছপিৰ প্ৰাৰ্থী বিনীতা ডেকাক নিৰ্বাচনত জয়ী কৰাই লওঁক বুলি সমষ্টিবাসীলৈ আহ্বান জনায় ৷

ইয়াৰ লগতে সংবাদমেলখনত অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ-মৰ্যাদা প্ৰতিষ্ঠা কৰা, কোঁচ ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ এইবাৰ দলটোৰ মূল লক্ষ্য হ'ব বুলি শৰণীয়াই উল্লেখ কৰে । নৱ কুমাৰ শৰণীয়াক ৰাজনৈতিকভাবে শ্বহীদ কৰাৰ চেষ্ঠা চলিছে বুলি অভিযোগ কৰি সাংসদগৰাকীয়ে ইয়াৰ উত্তৰ ৰাজনৈতিকভাৱে দিয়া হ'ব বুলিও প্ৰকাশ কৰিছে ।
তদুপৰি নৱ কুমাৰ শৰণীয়াই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা ঘনশ্যাম দাসৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু সকলো ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি জিএছপিৰ প্ৰাৰ্থী বিনীতা ডেকাক জয়যুক্ত কৰিবলৈ সংবাদমেলযোগে আহ্বান জনাইছে ।
উল্লেখ্য যে এই সংবাদমেলখনত সাংসদ নৱ কুমাৰ শৰণীয়াৰ সৈতে কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী বিনীতা ডেকাও উপস্থিত আছিল ।
লগতে পঢ়ক: আদালতৰ ৰায়ৰ পিচতো মনোনয়ন দিব সাংসদ নৱ শৰণীয়াই - Lok Sabha Election 2024

