আদালতৰ ৰায়ৰ পিচতো মনোনয়ন দিব সাংসদ নৱ শৰণীয়াই - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:57 AM IST

Updated : Apr 19, 2024, 3:14 PM IST

thumbnail

নলবাৰী, ১৮ এপ্ৰিল: নিৰ্বাচন খেলাৰ মন এতিয়াও এৰা নাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই । এক গোচৰৰ ভিত্তিত আদালতৰ ৰায়ত কিছুদিন পূৰ্বে সকাহ পোৱাত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি থিৰাং কৰা নৱ শৰণীয়াই বৃহস্পতিবাৰে পুনৰ মুখঠেকেচা খালে ।

সাংসদগৰাকীৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিয়াৰ পিচতো তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আশাবাদী হৈ আছে । বৃহস্পতিবাৰে নলবাৰীত নেতাগৰাকীয়ে কোকৰাঝাৰবাসীক দিলে এই বাৰ্তা ।

শুকুৰবাৰে তেওঁ মনোনয়ন দাখিল কৰিব বুলিও জানিবলৈ দিলে ৷ চৰকাৰী পক্ষই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱৰাকৈ এনেদৰে ষড়যন্ত্ৰ কৰা বুলি নৱ কুমাৰ শৰণীয়াই অভিযোগ কৰে এক ভিডিঅ’ বাৰ্তাযোগে । শৰণীয়াই কয় যে আদালতৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছে আৰু পুনৰ তেওঁ আদালতৰ কাষ চাপিছে ৷

লগতে পঢ়ক: কোনে দিছিল সাংসদ নৱ কুমাৰ শৰণীয়াক ভুৱা জাতিগত প্ৰমাণপত্ৰ ?

Last Updated : Apr 19, 2024, 3:14 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.