হাউলীৰ গহেখান্দাত খাম্ফা বৰগয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:18 PM IST

thumbnail

বৰপেটা, 1 মে’ : তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ হাউলীৰ গহেখান্দাত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ-ৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে ৷

নিৰ্বাচনী প্ৰচাৰ সভাত দৰং-ওদালগুৰি সমষ্টিত আৰু কোকৰাঝাৰ সমষ্টিত বি পি এফৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বি টি আৰত বি পি এফৰ লগত কোনেও পাত্তা নাপায় বুলি মন্তব্য কৰে তেওঁ ৷ আনহাতে তেওঁ কয়- "আমি কোনো দলৰ লগত কাজিয়া নকৰোঁ, লগতে জিকাৰ পিচতো আমি কাৰো লগত মিত্ৰতা নকৰোঁ" ৷ লগতে বি পি এফ প্ৰাৰ্থীজনে সকলো জাতি-জনগোষ্ঠীৰ ভোট পাব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছ চৰকাৰ আহিলে সঁচা লাখপতি বাইদেউ বনোৱাৰ প্ৰতিশ্ৰুতি সাংসদ গৌৰৱ গগৈৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.