হঠাৎ সপোন থানবান হ’ল ৰাজদীপৰ; জীৱনে বাট বুলিলে অন্য দিশে... - Life of a Dancer

By ETV Bharat Assamese Team

Published : May 15, 2024, 10:55 PM IST

thumbnail
হঠাৎ সপোন থানবান হ’ল ৰাজদীপৰ (ETV Bharat Assam)

চামগুৰি,১৫ মে': দায়িত্বৰ বাবে জলাঞ্জলি সপোনক । সপোনৰ সমাধিত বহি জীৱন সংগ্ৰাম । জীৱনৰ চকৰি কেতিয়া কোনফালে ঘূৰে কোনোৱে ক'ব নোৱাৰে । ঘৰৰ দায়িত্ববোৰ সপোনবোৰ হেঁচা মাৰি সুমুৱাই ৰাখিবলৈ বাধ্য কৰে । এসময়ত নৃত্য-অভিনয়েই সপোন আছিল । এতিয়া জীৱন নাটৰ ভাৱৰীয়া হৈ পৰিল । তেওঁৰ নাম ৰাজদীপ বৰা ওৰফে পাপুমণি । প্ৰায় ৬ টা বছৰ এগৰাকী নৃত্যশিল্পী তথা অভিনেতা হিচাপে বঢ়মপুৰৰ ভেৰভেৰী- বকুলতলৰ ৰাজদীপ অসমৰ কেইবাখনো আগশাৰীৰ থিয়েটাৰৰ লগত জড়িত আছিল । এগৰাকী সহশিল্পী হিচাপে কাম কৰিছিল প্ৰস্তুতি পৰাশৰ, ৰবি শৰ্মা, ৰাগ ঐনিতম আদি অসমৰ বহুকেইজন জনপ্ৰিয় তাৰকাৰ সৈতে । কিন্তু, ক'ভিডে সলনি কৰিলে সপোন । সাৰথি হ'ল এখন ই-ৰিক্সা ।

ক'ভিড পৰিস্থিতিৰ বাবে বঢ়মপুৰৰ ঘৰলৈ উভতি আহিব লগীয়া হোৱাত ৰাজদীপ পুনৰ থিয়েটাৰ জগতখনলৈ ঘুৰি যাব নোৱাৰিলে মাতৃৰ অসুস্থতাৰ বাবে । মাতৃৰ শুশ্ৰূষাত ব্ৰতী হোৱা উদীয়মান ৰাজদীপৰ বাবে পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ সাৰথি হৈ পৰিল ই-ৰিক্সাখন । আজৰি সময়ত বৃহত্তৰ বঢ়মপুৰ অঞ্চলত উদযাপন হোৱা বিভিন্ন অনুষ্ঠানৰ বাবে নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা ৰাজদীপে ই-ৰিক্সাখন লৈ যাত্ৰী কঢ়িয়াই কোনোমতে পৰিয়ালটো চলোৱাৰ লগতে যোগাৰ ধৰি আহিছে মাতৃৰ দৰৱ । নিজৰ সপোনক একাষৰীয়া কৰি মাতৃসেৱাত ব্ৰতী হোৱা শিল্পী ৰাজদীপ ওৰফে পাপু এতিয়া বঢ়মপুৰত হৈ পৰিছে সকলোৰে প্ৰশংসাৰ পাত্ৰ ।

লগতে পঢ়ক: মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব: ধৰণী সেউজ কৰাৰ পণ কুদৰতৰ - Naturalist Kudrat Ali

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.