পিতৃৰ সমষ্টিৰ দলীয় সমৰ্থকৰ সৈতে বিহু নাচিলে গৌৰৱ গগৈয়ে - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
সমৰ্থকৰ সৈতে বিহু নাচিলে গৌৰৱ গগৈয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 10:00 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট,৪ জুন: প্ৰাপ্তিৰ হাঁহি মুখত লৈ পিতৃৰ সমষ্টিত উপস্থিত গৌৰৱ গগৈ । বিজয় মুকুট পৰিধান কৰি পিতৃৰ সমষ্টিৰ দলীয় সমৰ্থকৰ মাজত বিজয় উল্লাস কৰিলে যোৰহাট লোকসভা সমষ্টিৰ বিজয়ী কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে । দলীয় সমৰ্থকৰ সৈতে বিহু নাচি আত্মহাৰা হৈ পৰে বিজয়ী গৌৰৱ গগৈ । যোৰহাট লোকসভা সমষ্টিত অভূতপূৰ্ব ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জয় লাভ কৰা লগে লগে কংগ্ৰেছ কৰ্মীসকলৰ মাজত আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024

ইয়াৰ মাজতে দলীয় কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিবলৈ গৈ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱে নিজ পিতৃৰ সমষ্টিত পদাৰ্পন কৰি সমৰ্থকৰ লগত এপাক বিহু নাচে । উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰত গৌৰৱ গগৈয়ে ৪০,৫৫৫ টা অধিক ভোটত অগ্ৰগতি লাভ কৰে । ইতিমধ্যে তিতাবৰত দলীয় সমৰ্থকৰ লগত বিহু নাচি যোৰহাট বিধানসভা সমষ্টিলৈ অগ্ৰসৰ হৈছে গগৈ আৰু যোৰহাটতে বিজয়ী প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব প্ৰাৰ্থীগৰাকীয়ে । 

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details