কোকৰাঝাৰত বিজয়ৰ হাঁহি মাৰিলে ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে - LOK SABHA ELECTION RESULTS 2024 - KOKRAJAHAR UPPL CANDIDATE

🎬 Watch Now: Feature Video

thumbnail
ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ জয়লাভ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 10:37 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 4 জুন : 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে ইউ পি পি এল তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 4,84,681 টা ভোট ৷ বি পি এফ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীক 51,913 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ খাম্ফা বৰগয়াৰীয়ে লাভ কৰিছে 4,32,768 টা ভোট ৷

জয়লাভ কৰাৰ পিচতেই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্ত বসুমতাৰীয়ে ৷ তেওঁ কয় যে, কোকৰাঝাৰ সমষ্টিটো এটা সমন্বয়ৰ সমষ্টি হিচাবে গঢ় দিব লাগিব, তাৰ কাৰণে নিশ্চয়কৈ কৰিবলগীয়া আছে ৷ তেওঁ জয়লাভ কৰাৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ সমষ্টিটোৰ যুৱক-যুৱতী বিশেষকৈ মহিলাসকলক কৰ্মমুখী তথা সংস্থাপনৰ বাবে যি পদক্ষেপ ল’ব লাগে সেয়া লোৱা হ’ব বুলি মন্তব্য কৰে জয়ন্ত বসুমতাৰীয়ে ৷ লগতে সংসদত বি টি আৰ চুক্তিৰ দফা ৰূপায়ণ, গৰাখহনীয়া ইত্যাদি সন্দৰ্ভত মাত মাতিব বুলি প্ৰকাশ কৰে তেওঁ ৷

লগতে পঢ়ক : বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details