মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব: ধৰণী সেউজ কৰাৰ পণ কুদৰতৰ - Naturalist Kudrat Ali

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:46 PM IST

thumbnail
মৃত্যু পৰ্যন্ত গছপুলি ৰোপণেই জীৱনৰ ব্ৰত কুদৰতৰ (ETV Bharat Assam)

কলিয়াবৰ,১৪ মে': "লাগিলে মই ঘৰেই নবনাওঁ । তথাপিও আমৃত্যু গছপুলি ৰোপণ কৰি যাম । মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব ।" প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন । কুদৰত আলীৰ ব্যতিক্ৰমী প্ৰয়াস । যিসময়ত নিৰ্মাণকাৰ্যৰ নামত অবাধে চলিছে ধ্বংসলীলা, যি সময়ত গোলকীয় উঞ্চতা বৃদ্ধিয়ে সমস্যাত পেলাইছে সমগ্ৰ বিশ্বৰ জনতাক, সেই সময়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ওলাই আহিছে কুদৰত আলী । মৃত্যু পৰ্যন্ত গছপুলি ৰোপণেই জীৱনৰ ব্ৰত কুদৰতৰ । 

কলিয়াবৰৰ মিছাৰ এগৰাকী ব্যক্তি কুদৰত আলী, যিগৰাকীয়ে গছপুলি বিতৰেণেৰে নিয়ন্ত্ৰণ কৰিব বিচাৰে পৃথিৱীৰ ভাগ্য । হাট-বজাৰ আদি ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যবান গছপুলি বিতৰণ কৰি গৈছে ব্যক্তিগৰাকীয়ে । কুদৰত আলীৰ এটাই লক্ষ্য তেওঁ বেছিদিন জীয়াই নাথাকে কিন্তু এজোপা গছ ২০০ৰ পৰা ২৫০ বছৰলৈ জীয়াই থাকিব । গতিকে তেওঁ হাৰ নামানে । লাগিলে তেওঁ ঘৰ-বাৰীয়েই নবনায়, কিন্তু মৃত্যু পৰ্যন্ত গছপুলি বিতৰণ তথা ৰোপণ কৰি যাব । ইতিমধ্যে ব্যক্তিগৰাকীয়ে বিভিন্ন বিদ্যালয় তথা ৰাজহুৱা স্থানত গছ পুলি ৰোপণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰিছে ।  

শগুণী লতা, অৰ্জুন আদি গছৰ দৰে দুৰাৰোগ্য ৰোগত ব্যৱহাৰ হোৱা প্ৰায় ২ হাজাৰ গছপুলি বিতৰণ কৰিছে ব্যক্তিগৰাকীয়ে । প্ৰকৃতি সংৰক্ষণৰ বার্তাৰে ৰাজহুৱা স্থানত সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান কলিয়াবৰৰ কুদৰত আলীৰ । আশা কৰো কুদৰতৰ এই প্ৰচেষ্টা সফল হওক ।  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.