মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব: ধৰণী সেউজ কৰাৰ পণ কুদৰতৰ - Naturalist Kudrat Ali - NATURALIST KUDRAT ALI

🎬 Watch Now: Feature Video

thumbnail
মৃত্যু পৰ্যন্ত গছপুলি ৰোপণেই জীৱনৰ ব্ৰত কুদৰতৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 14, 2024 at 8:46 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ,১৪ মে': "লাগিলে মই ঘৰেই নবনাওঁ । তথাপিও আমৃত্যু গছপুলি ৰোপণ কৰি যাম । মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব ।" প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন । কুদৰত আলীৰ ব্যতিক্ৰমী প্ৰয়াস । যিসময়ত নিৰ্মাণকাৰ্যৰ নামত অবাধে চলিছে ধ্বংসলীলা, যি সময়ত গোলকীয় উঞ্চতা বৃদ্ধিয়ে সমস্যাত পেলাইছে সমগ্ৰ বিশ্বৰ জনতাক, সেই সময়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ওলাই আহিছে কুদৰত আলী । মৃত্যু পৰ্যন্ত গছপুলি ৰোপণেই জীৱনৰ ব্ৰত কুদৰতৰ । 

কলিয়াবৰৰ মিছাৰ এগৰাকী ব্যক্তি কুদৰত আলী, যিগৰাকীয়ে গছপুলি বিতৰেণেৰে নিয়ন্ত্ৰণ কৰিব বিচাৰে পৃথিৱীৰ ভাগ্য । হাট-বজাৰ আদি ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যবান গছপুলি বিতৰণ কৰি গৈছে ব্যক্তিগৰাকীয়ে । কুদৰত আলীৰ এটাই লক্ষ্য তেওঁ বেছিদিন জীয়াই নাথাকে কিন্তু এজোপা গছ ২০০ৰ পৰা ২৫০ বছৰলৈ জীয়াই থাকিব । গতিকে তেওঁ হাৰ নামানে । লাগিলে তেওঁ ঘৰ-বাৰীয়েই নবনায়, কিন্তু মৃত্যু পৰ্যন্ত গছপুলি বিতৰণ তথা ৰোপণ কৰি যাব । ইতিমধ্যে ব্যক্তিগৰাকীয়ে বিভিন্ন বিদ্যালয় তথা ৰাজহুৱা স্থানত গছ পুলি ৰোপণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰিছে ।  

শগুণী লতা, অৰ্জুন আদি গছৰ দৰে দুৰাৰোগ্য ৰোগত ব্যৱহাৰ হোৱা প্ৰায় ২ হাজাৰ গছপুলি বিতৰণ কৰিছে ব্যক্তিগৰাকীয়ে । প্ৰকৃতি সংৰক্ষণৰ বার্তাৰে ৰাজহুৱা স্থানত সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান কলিয়াবৰৰ কুদৰত আলীৰ । আশা কৰো কুদৰতৰ এই প্ৰচেষ্টা সফল হওক ।  

লগতে পঢ়ক: কিয়, কি কাৰণে কাছৰ অস্তিত্ব আজি বিপদাপন্ন ? - Turtle In Assam

আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাবলৈ ধৰা অসমৰ বাঁহ অসমীয়াৰ সাহ হৈ থাকিবনে ? - Assam Bamboo Market Price

মৰুভূমিক বাসোপযোগী কৰি তোলাৰ লক্ষ টি এম পি কে-ৰ - TMPK Tree Plantation Programme

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details