ETV Bharat / state

আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাবলৈ ধৰা অসমৰ বাঁহ অসমীয়াৰ সাহ হৈ থাকিবনে ? - Assam bamboo market price

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 1:29 PM IST

Assam bamboo : বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ ফলত ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগস্বৰূপ বাঁহ খেতি আৰু তাৰ সৈতে জড়িত উদ্যোগ ৷ প্ৰচুৰ সম্ভাৱনীয়তা থকা এই ক্ষেত্ৰখনক এক নতুন গতি প্ৰদানৰ বাবে চৰকাৰ তথা ৰাইজৰ কৰণীয়খিনি উপস্থাপন কৰাৰ লক্ষ্যৰে ইটিভি ভাৰতৰ সাংবাদিক ৰূপজ্যোতি গোস্বামীৰ এক বিশেষ প্ৰতিবেদন...

assam bamboo price
বাঁহ ৰোপন আঁচনি (etv bharat assam)

বেম্ব' ছিড বাগ্ সন্দৰ্ভত ভাষ্য (etv bharat assam)

কলিয়াবৰ, 14 মে’ :
"বাৰীৰে ঢাপৰে জাতি বাঁহ এজুপিসিও মোৰ সোদৰৰ ভাই,

জীয়াই থাকোঁ মানে কৰো কাঠি-কামী মাৰিলে লগতে যায় ।"

বাঁহে সমৃদ্ধ কৰিছে অসমৰ জনজীৱন । বাঁহ আমাৰ সমাজ আৰু সংস্কৃতিত এক অপৰিহার্য সামগ্ৰী । বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই শিখৰ চুৱাৰ সময়তো বাঁহ আৰু অসমীয়া জনজীৱনৰ মাজত আছে এক এৰাব নোৱাৰা সম্পর্ক । বাঁহৰ অবিহনে অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাসগৃহবোৰ নির্মাণ অসম্ভৱ ।

গ্ৰাম্যাঞ্চলৰ বিভিন্ন জাতিৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰ পৰা আৰম্ভ কৰি ঘৰৰ খুঁটা, মূধৰ মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা টঙাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ (ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি গৃহ নির্মাণৰ বাবে প্ৰয়োজনীয় অধিকাংশ সামগ্ৰীৰ বাবে নির্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম সম্পূর্ণ হ’লেও বাঁহৰ প্ৰয়োজনৰ কিন্তু অন্ত নপৰে ।

assam bamboo price
বিজ্ঞানীৰ দল (etv bharat assam)

বাঁহ গছৰ গুৰুত্ব :

ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয় । অসমীয়া জাতিৰ বাপতি-সাহোন ৰঙালী বিহুতো কেইবাবিধ বাদ্যযন্ত্ৰ বাঁহেৰে সজা হয় । লগতে ৰঙালী বিহুৰ হুঁচৰি, বিহুগীত আদিতো বাঁহক লৈয়ে বিভিন্ন গীত প্ৰদর্শন কৰা দেখা যায় । বিহুৰ অপৰিহার্য গগনা, টকা, ঢোল বজোৱা লাঠী ইত্যাদি বাঁহেৰেই সজা হয় ।

"টকাৰ মাতে শুনি ৰ’বকে নোৱাৰো

এৰি যাওঁ পেটৰে ভাত ।

একেদৰে-

‘‘আগলি বাঁহেৰে লাহৰী গণনা বহি তাঁতৰৰ পাতে বাওঁ,

আহে কি নাহে ঐ মোৰনে লাহৰীচিৰি পাতি মঙলখন চাওঁ ।"

অসমীয়া জাতিৰ কাৰণে মাছ হ’ল খাদ্যৰ অভিন্ন অংগ । সেইবাবেই অসমীয়া মানুহে মাছ মাৰিবলৈ লগা সঁজুলিসমূহ যেনে জাকৈ, খালৈ, পল, বৰশী, চেপা আদি বাঁহেৰে সুন্দৰভাৱে তৈয়াৰ কৰি লৈছিল ৷ এসময়ত অসমীয়া শিপিনীৰ আদৰৰ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক তাঁতশালখন আৰু ইয়াৰ সঁজুলিসমূহো বাঁহেৰে সজা হৈছিল ।

assam bamboo price
অসমীয়াই পাইছেনে বাঁহৰ উচিত মূল্য (etv bharat assam)

বাঁহগছৰ ইতিহাস

বাঁহগছৰ উৎপত্তি সম্পৰ্কে কেইবাটাও সুন্দৰ কাহিনী আমাৰ ধাৰ্মিক গ্ৰন্থ বা লোককথাৰ পৰা পোৱা যায় । এদিন ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পৰামৰ্শ মতে মালাগিৰিয়ে নদীপাৰলৈ গৈ এটা বাঁহ পুলি পালে আৰু তেওঁ সেই পুলিটো আনি বাঁহ খেতি আৰম্ভ কৰিলে । এইদৰেই বাঁহৰ উৎপত্তি হ’ল আৰু সময়ত বিভিন্ন বাঁহৰ সৃষ্টি হোৱাত উপযুক্ত বাঁহ কাটি আনি ধুই-মেলি পৰিষ্কাৰ কৰি পূজাৰ বাবে প্ৰস্তুত কৰে । প্ৰতিজন অসমীয়াই জন্মগতভাৱে সুন্দৰ বাঁহৰ কাম জানিছিল ।

ঘৰ-বাৰী সাজোঁতে, নঙলা দিয়া, জেওৰা দিয়া ইত্যাদি কামবোৰ বাঁহগছৰ পৰা কৰাৰ লগতে ঢাৰি, মূঢ়া, জাঁপি, বিচনি, টুকুৰি, ডলা, চালনি ইত্যাদি ঘৰৰ প্ৰায় প্ৰতিটো সামগ্ৰীয়ে অসমীয়া মানুহে নিপুণভাৱে বাঁহেৰে তৈয়াৰ কৰিছিল । অসমীয়া লোক-সংস্কৃতিৰ অন্যতম উৎকৃষ্ট নিদৰ্শন বাঁহ । সেয়ে অসমীয়া মানুহৰ বাৰীত বাঁহগছ থাকিবই । এই বাঁহগছ বাৰীৰ কোন দিশত থাকিব লাগিব তাৰ নিৰ্দেশ ডাকৰ বচনত সুন্দৰভাৱে পোৱা যায় ।

‘‘পূবে হাঁহ, পশ্চিমে বাঁহ

উত্তৰে গুৱা, দক্ষিণে ধুৱা ।”

‘‘যাৰ নাই বাঁহ তাৰ নাই সাহ ।’’ (সংগ্ৰহীত তথ্য)

সংকটত বাঁহগছ

এই অসমীয়াৰ সাহ বাঁহে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম অধিকাৰ কৰিছে । কাৰণ বাঁহ ফুলিছে আৰু এই বাঁহত উৎপত্তি হোৱা 'বেম্ব' ছিড বাগ্' নামৰ পোকবিধৰ সন্ত্ৰাস বিদ্যালয়ৰ পৰা ঘৰলৈকে বিয়পি পৰিছে । ফলস্বৰূপে বিদ্যালয়ৰ পাঠদান পৰ্যন্ত বন্ধ কৰিব লগাত পৰিছে । কলিয়াবৰত পূৰ্বে-নোহোৱা-নোপোজা ঘটনাৰ অধ্যয়ন কৰিবলৈ শ্বিলঙৰ পৰা বিজ্ঞানীৰ দলটোৰ উপস্থিত হৈছেহি ।

কলিয়াবৰত উপস্থিত হৈ কৃষি বিজ্ঞানীৰ দলটোৱে পোক আৰু কোটোহা বাঁহৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে শ্বিলঙলৈ প্ৰেৰণ কৰিছে । কলিয়াবৰৰ এখন বিদ্যালয়ত বেম্ব' ছিড বাগ্‌ নামৰ পোকৰ সন্ত্ৰাসৰ পাচতেই শেহতীয়াকৈ কলিয়াবৰৰ দলগাঁও, আখিৰঙাত উপস্থিত বিজ্ঞানীৰ দল ।

assam bamboo price
বেম্ব' ছিড বাগ্ (etv bharat assam)

প্ৰথম অৱস্থাত এই পোকৰ বিচৰণ ধৰা পৰিছিল দলগাঁও মজলীয়া বিদ্যালয়ত । তাৰ পাচতেই এই পোকে গৈ বিচৰণ কৰে দলগাঁৱৰ কেইবাঘৰত । ভয়, আতংক তথা ত্ৰাসৰ সৃষ্টি হৈছিল গাঁওকেইখনত । সমান্তৰালকৈ তৎপৰ হৈ উঠিল কৃষি বিভাগ । বিভাগৰ ফালৰ পৰা স্কুল আৰু গাঁৱত ঔষধযুক্ত স্প্ৰে কৰিছে । বিতৰণ কৰিছে ঔষধ ।

তাৎপৰ্যপূৰ্ণ যে, বিদ্যালয়খনৰ চৌপাশত বাঁহ ফুলাৰ বাবেই বিদ্যালয়খনত অচিনাক্ত পোকৰ সংক্ৰমণ হৈছিল । তদুপৰি, কাষৰীয়া অঞ্চলতো বাঁহ ফুলাৰ লগে-লগে বেম্ব’ ছিড বাগ্‌ পোক দেখিবলৈ পোৱা গৈছে । এই পোকৰ বিচৰণ দূৰ কৰিবলৈ এতিয়া যৎপৰোনাস্তি চেষ্টা চলাইছে কৃষি বিভাগে । অৱশ্যে এই পোকৰ বাবে বিশেষ ভয় কৰিব লগা নাই বুলি দলটোৱে মত প্ৰকাশ কৰিছে ।

বিজ্ঞানীৰ দলটোৰ মুৰব্বী কৃষি বিজ্ঞানী ড৹ অৰূপ কুমাৰ শৰ্মাই কয় প্ৰতি চল্লিশ-পঞ্চাশ বছৰৰ মূৰে-মূৰে বাঁহ ফুলে আৰু তেতিয়াই এই পোকৰ জন্ম হয় । যিহেতু, আগতে গাঁৱলীয়া অঞ্চলত বাসগৃহ পাতলীয়া আছিল, যথেষ্ট বাঁহনিৰ লগতে হাবিয়নী অঞ্চল আছিল সেয়ে এই পোকবোৰ বিচৰণ কৰিবলৈ যথেষ্ট ঠাই আছিল ।

আজি পৰিৱেশ সলনি হৈছে, হাবি ভাঙি মানুহে ঘৰ সাজিলে, স্কুল পাতিলে । গতিকে, পোকবোৰে বিচৰণ কৰিবলৈ বাঁহনীৰ গাতে লাগি থকা ঘৰলৈ ঢাপলি মেলিছে। ইয়াত কোনো অস্বাভাৱিকতা নাই ৷

বাঁহ উদ্যোগৰ পৰিস্থিতি :

এই সময়ছোৱাতে অসমৰ জনজীৱনৰ লগত বাঁহৰ সম্বন্ধৰ বিষয়েও আলোচনা হৈছে । অসমৰ বাঁহে যিধৰণে এক ব্যৱসায়ীক মৰ্যাদা লাভ কৰিব লাগিছিল সেই মৰ্যাদা নাপালে । যি আছিল কাগজ নিৰ্মাণ কৰা কাগজ কল দুটা বন্ধ হোৱাৰ লগে-লগে নোহোৱা হ'ল বুলিব পাৰি । বাঁহৰ পৰা প্ৰস্তুত কৰা ঘৰুৱা আচবাব, সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীসমূহে ইপ্সিত বাণিজ্যিক সমাদৰ এতিয়াও লাভ কৰা নাই ।

শেহতীয়াকৈ অসমৰ বাঁহৰ পৰা ইথান'ল প্ৰস্তুত কৰাৰ বিষয়টোও বৰকৈ চৰ্চিত হৈছিল যদিও এতিয়া কি পৰ্যায়ত আছে জনা নাযায় । যোৱা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতে নুমলীগড় ৰিফাইনেৰীলৈ বাঁহৰ পৰা ইথান'ল প্ৰস্তুত কৰা যন্ত্ৰ অনাৰ খবৰ ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল । সেই বছৰৰে আগষ্ট মাহৰ পৰা চীনৰ পৰা আমদানি কৰা যন্ত্ৰৰে বছৰি প্ৰায় ৪৯ হাজাৰ মেট্ৰিক টন ইথান'ল প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ বিষয়েও জানিব পৰা গৈছিল ।

পোন্ধৰশ কোটি টকা ব্যয়ৰে নুমলীগড়ত বাঁহৰ পৰা ইথান'ল প্ৰস্তুত প্ৰকল্পৰ কাম চলি থকাৰ কথা ২০২০ চনৰ জুলাই মাহৰ ১০ তাৰিখে অসম চৰকাৰৰ জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তা যোগে ঘোষণা কৰিছিল । লগতে ২০২০ চনত ৰাজ্যৰ ডিমা হাছাও জিলাত ড'নাৰ মন্ত্ৰণালয়ৰ তৎপৰতাত ৭৫ বিঘা ভূমিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বেম্ব’ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপনৰ ঘোষণাও এই প্ৰেছ বাৰ্তাতে আছিল ।

এই পাৰ্কখনে ৰাজ্যৰ বাঁহ খেতিয়কক উদগনি যোগাব বুলি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰিছিল । পেট্ৰ’লিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শিৱসাগৰৰ এক অনুষ্ঠানত ইথান'ল প্ৰস্তুত কৰাৰ বাবে চৰকাৰে বাঁহৰ ব্যৱহাৰ কৰিব বুলি ঘোষণা কৰিছিল । মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে তেলত ২৫ শতাংশ পৰ্যন্ত ইথান'ল মিশ্ৰিত কৰাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে । এই পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমত ৭ টা ইথান'ল প্ৰকল্প স্থাপন কৰিব ।

ইয়াৰে প্ৰথমটো প্ৰকল্প নুমলীগড় শোধনাগাৰত ২০২৩ বৰ্ষৰ মাৰ্চ অথবা এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব । স্থাপন কৰিব লগা ৭ প্ৰকল্পৰ সৰ্ববৃহৎ প্ৰকল্পটো মংগলদৈত স্থাপন কৰা হ’ব । এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কৌশল ফিনলেণ্ডৰ পৰা আহৰণ কৰা হৈছে বুলি মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰে । ৰাজ্যখনত দুটাকৈ কাগজ কল বন্ধ হৈ যোৱাৰ পাচত বহুতো বাঁহ খেতিয়ক আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰাজ্যত প্ৰতিষ্ঠা হ’বলগীয়া ইথান'ল প্ৰকল্পই এই লোকচান হ্ৰাস কৰাৰ লগতে বাঁহ খেতি উৎসাহিত কৰিব । সমান্তৰালভাৱে কৃষকৰ আৰ্থিক অৱস্থাৰ সলনি কৰিব বুলি মন্ত্ৰী তেলীয়ে প্ৰকাশ কৰিছিল ।

পেট্ৰ’লিয়াম দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ২০২২ চনৰ ১৯ নৱেম্বৰত অনুষ্ঠিত শিৱসাগৰৰ অসম এনাৰ্জী ইনষ্টিটিউটৰ দ্বিতীয় সমাবৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ইথান'ল সম্পৰ্কীয় এই বিশেষ ঘোষণা কৰিছিল । মন্ত্ৰী গৰাকীৰ এই ঘোষণা বাস্তৱত ৰূপায়ণ হ'বলৈ কিমান দিন লাগিব সেই বিষয়েও জনা নাযায় ।

অসমত এনেধৰণৰ বাঁহ খেতিয়কক উৎসাহিত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আঁচনি ঘোষণা কৰা দেখা যায় । কিন্তু সেই আঁচনিবোৰ সফল হোৱা দূৰৰে কথা, কামৰ নমুনা বিচাৰিলেও দেখা নাযায় । তেনে এক বাঁহ খেতিৰ আঁচনি ৰূপায়নৰ নাম-গোন্ধই নাই । জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ শেহতীয়া সংযোজন বাগচেৰ বনাঞ্চলত কংগ্ৰেছ আমোলৰ বিতৰ্কিত বন মন্ত্ৰীগৰাকীৰ উদ্যোগত চল্লিশ লাখ টকাৰ বাঁহ ৰোপন আঁচনিৰ এক পৰিকল্পনাৰ কথা জনা গৈছিল যদিও এতিয়া বাগচেৰৰ পাহাৰত এই আঁচনিৰ বাঁহপাত এখিলাও বিচাৰি পোৱা নাযায় ।

চল্লিশ-পঞ্চাশ বছৰৰ মূৰে-মূৰে বাঁহ ফুলে আৰু বাঁহ ফুলিলেই বাঁহ গছ জোপাৰ মৰণ হয় । আনহাতে, বাঁহ ফুলে অত্যধিক খৰাঙৰো বতৰা দিয়ে । শেহতীয়াকৈ অসমত বৰষুণৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে । ঘাঁহজাতীয় উদ্ভিদবোৰ অতি খৰাং সহিষ্ণু । কিন্তু বৰ্তমান সময়ত বাঁহ ফুলিলে নিগনি, এন্দুৰ, ডালশলিয়াৰ সংখ্যা বাঢ়িব আৰু এইবোৰৰ উৎপাতত দুৰ্ভিক্ষ হ'ব বা মহামাৰী হ'ব ।

খেতিপথাৰত অত্যধিক কীটনাশক বা আন উপায়বোৰৰ বাবে এন্দুৰ-নিগনিৰো সংখ্যা পূৰ্বতকৈ অস্বাভাৱিক ৰূপত কমি আহিছে । গতিকে বাঁহ ফুলাৰ পাচত সৰি পৰা বীজ খাই এন্দুৰ-নিগনিৰ বংশবৃদ্ধি হৈ আমাৰ ভঁৰালৰ ধান-চাউল খাই অনিষ্ট কৰিব । এনে হ'বলৈ বিনামূলীয়া চাউল খাই খেতি কৰিবলৈ পাহৰা অসমীয়াৰ ধানৰ ভঁৰাল আছে কিমান ?

বাঁহ উদ্যোগৰ পৰিস্থিতি :

অসমৰ বাঁহৰ বাণিজ্যিক মূল্য নিৰূপন হোৱা দুটা কাগজ কল ইতিমধ্যে অসমৰ পৰা হেৰাই গৈছে । কিন্তু বাঁহৰ পৰা কাগজৰ মণ্ড প্ৰস্তুত কৰিব পৰা বহু ক্ষুদ্ৰ উদ্যোগ অসমত গঢ়ি তুলিব পৰা যায় । এই বিষয়ে চৰকাৰে দৃষ্টি দিলেই কাম কৰিব পাৰে । তাৰ জৰিয়তে এনে ক্ষুদ্ৰ উদ্যোগীয়ে কাগজৰ মণ্ড ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিব পৰা অনেক সম্ভাৱনীয়তা আছে । যেনেদৰে অসমৰ ক্ষুদ্ৰ পৰ্যায়ৰ ৰবৰ খেতিয়ক দেশৰ টায়াৰ উৎপাদন কৰা উদ্যোগৰ লগত জড়িত হৈ লাভাৱান্বিত হৈছে ।

তদুপৰি, ঘৰুৱা আচবাব তৈয়াৰ কৰা উদ্যোগৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ পিচতো ৰাজ্যৰ অপৰিকল্পিত উদ্যোগ নীতিৰ বাবে এনে উদ্যোগ ঠন ধৰি উঠিব পৰা নাই । অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই এই সম্পৰ্কত জনাই – ক্ৰমান্বয়ে আপুৰুগীয়া উদ্ভিদলৈ ৰূপান্তৰিত হোৱা বাঁহ জাতীয় ভালেমান উদ্ভিদ সংৰক্ষণৰ লক্ষ্য অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদৰ আছে ।

নৱ-প্ৰজন্মক এই বিশেষ উদ্ভিদবিধৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ বিষয়ে সচেতন কৰিবলৈ বিদ্যালয়-মহাবিদ্যালয়তে বাঁহৰ খেতিৰ লগতে বৃত্তিমূলক শিক্ষাৰ চিন্তাও ইতিমধ্যে বিদ্যালয়সমূহৰ মাজলৈ লৈ গৈছে দুয়োটা সংগঠনে ।

এই বিষয়ে শৰ্মাই লগতে কয় যে অসমত প্ৰায় ডেৰকুৰিমান বাঁহৰ প্ৰজাতি আছে কিন্তু ইয়াৰ বাণিজ্যিক মূল্যায়ন কৰিব নোৱাৰাটো অসমৰ অৰ্থনীতিৰ বাবেই অতি পৰিতাপৰ বিষয় । বাঁহৰ পৰা ইথান’ল উৎপাদন হওক, লগতে কাগজৰ মণ্ড, ঘৰুৱা আচবাব এই সকলোবোৰ সামৰি এক কৃষিভিত্তিক উদ্যোগৰূপে গঢ় দি প্ৰচুৰ বাণিজ্যিক মূল্য থকা এই বাঁহে চৰকাৰৰ গুৰুত্ব লাভ কৰাটো উচিত আছিল ।

তাৰ বিপৰীতে সকলোতে মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে সেউজ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা বুলি খেতি কৰিবলৈ বাদ দিয়া 'পাম' খেতি কৰিবলৈ বহিৰাগত প্ৰতিষ্ঠানক বৰপীৰা পাৰি দিয়া অসম চৰকাৰৰ সদ্দিচ্ছা বাঁহে লাভ কৰিলে অসমৰ অৰ্থনৈতিক আৰু প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য বৰ্তি থকাত সহায়ক হ'ব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক : কলিয়াবৰত অচিন পোকৰ প্ৰাদুৰ্ভাৱত বিদ্যালয়ৰ পাঠদান ব্যাহত - bamboo seed bugs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.