ETV Bharat / state

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত হিমালয়ান ছেৰ’: জানক হিমালয়ান ছেৰ’ বিষয়ে - Himalayan Sero

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 11:13 AM IST

Updated : May 30, 2024, 11:18 AM IST

Nameri National Park : নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য হিমালয়ান ছেৰ’ ৷ উদ্যানখনৰ কেমেৰা ট্ৰেপিঙত ধৰা পৰিছে এই কথা ৷ কি এই হিমালয়ান ছেৰ’, ক’ত পোৱা যায় ইয়াৰ অৱস্থিতি, সকলো সামৰি চাওক আমাৰ এই প্ৰতিবেদন ৷

HIMALAYAN SERO
হিমালয়ান ছেৰ’ৰ অৱস্থিতি (Source : Twitter account of minister Chandra Mohan Patowary)

তেজপুৰ, ৩০ মে' : দুদিন পূৰ্বে পোহৰলৈ আহিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য হিমালয়ান ছেৰ’ নামৰ স্তন্যপায়ী প্ৰাণীবিধৰ উপস্থিতিৰ কথা ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নামেৰী ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰা চতুৰ্থ পৰ্যায়ৰ কেমেৰা ট্ৰেপিঙত প্ৰায় দুমাহ পূৰ্বেই এই প্ৰাণীবিধৰ অৱস্থিতিৰ কথা ধৰা পেলায় ৷

পৰৱৰ্তী সময়ত বন বিভাগে বিভিন্ন বিশ্লেষণ চলোৱাৰ অন্তত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই হিমালয়ান ছেৰ’ৰ অৱস্থিতিৰ বিষয়ে দুদিন পূৰ্বে ৰাজহুৱা কৰে ৷ কৰ্তৃপক্ষই সামাজিক মাধ্যম X যোগে প্ৰকাশ কৰে এই কথা ৷

লগতে পঢ়ক: জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ? - Tezpur Litchi Story

উদ্যান কৰ্তৃপক্ষৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও এক্সত শ্বেয়াৰ কৰে এই খবৰ ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বন বিভাগৰ জৈৱ বৈচিত্ৰৰ বাবে ই এটা ভাল খবৰ বুলি প্ৰকাশ কৰে ৷

প্ৰজাতিটোৰ আকৃতি : ছাগলী, গাধ, গাহৰি আৰু গৰুৰ দৰে জন্তুৰ সংমিশ্ৰণ যেন লগা আকৃতিৰ এই হিমালয়ান ছেৰ’ক ইয়াৰ পূৰ্বে 2020 চনত ৰাজ্যৰ ভিতৰত একমাত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছিল ৷ তাৰপিছত চলিত বছৰত সম্প্ৰতি নামেৰীত প্ৰথমবাৰলৈ দেখা গৈছে প্ৰাণীবিধক ৷ কেমেৰা ট্ৰেপিঙত ধৰা পৰা অনুসৰি, নামেৰীত এইপৰ্যন্ত আছে এটা হিমালয়ান ছেৰ’ ৷

কি এই হিমালয়ান ছেৰ’: কেপ্ৰিকৰ্ণিছ সুমাত্ৰায়েনছিছ থৰ বৈজ্ঞানিক নামেৰে পৰিচিত এই প্ৰাণীবিধৰ মূল ভূখণ্ড হৈছে চীন, হিমালয় আৰু দক্ষিণ পূৱ-এছিয়া ৷ এই ছেৰ’ৰে এটা প্ৰজাতি হিমালয়ান ছেৰ’ আকৌ মিজোৰামৰ জাতীয় জন্তু ৷ ছাগলীৰ দৰে শিং থকা তথা গাধৰ দৰে দুখন কাণৰ প্ৰাণীবিধৰ ডিঙিত ঘোঁৰাৰ দৰে নোম দেখা যায় ৷ তদুপৰি ইয়াৰ ডিঙি গাহৰিৰ দৰেই শক্তিশালী ৷

সম্প্ৰতি এইবিধ জন্তু বিপন্ন প্ৰজাতিৰ তালিকাৰ অন্তৰ্ভূক্ত ৷ প্ৰায় 150 কিল’গ্ৰাম পৰ্যন্ত ওজন হোৱা এইবিধ প্ৰাণীক 2020 চনত মানস ৰাষ্ট্ৰীয় উদ্যানত দেখা গৈছিল, যি আছিল ৰাজ্যৰ ভিতৰত প্ৰথম ৷ এনে অৱস্থাত বৰ্তমান ইয়াৰ অৱস্থিতি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ধৰা পৰাত জৈৱ বৈচিত্ৰপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে এয়া এক নব্য সংযোজন বুলি শোণিতপুৰ পশ্চিম বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী বি পিৰাইসুদনে উল্লেখ কৰে ৷ তেওঁ কয় যে, প্ৰাণীটোৰ অৱস্থিতিক লৈ বৰ্তমানেও বিভাগীয়ভাৱে অধ্যয়ন চলাই থকা হৈছে ৷

লগতে পঢ়ক: ভ্ৰমণৰ আনন্দ ল’বলৈ তেজপুৰলৈ আহিলে নোচোৱাকৈ নাযাব এইকেইটা স্থান... - Tourist Spots In Tezpur

Last Updated : May 30, 2024, 11:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.