কলিয়াবৰত অচিন পোকৰ প্ৰাদুৰ্ভাৱত বিদ্যালয়ৰ পাঠদান ব্যাহত - bamboo seed bugs

By ETV Bharat Assamese Team

Published : May 9, 2024, 2:20 PM IST

thumbnail
কৃষি বিষয়াৰ ভাষ্য (ETV BHARAT ASSAM)

কলিয়াবৰ, 9 মে’ : গোলাঘাট, শোণিতপুৰ আদি বিভিন্ন ঠাইত এক অচিন পোকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পিচত কলিয়াবৰতো ইয়াৰ গতি-বিধি লক্ষ্য কৰা হৈছে । এই অচিন পোকৰ উপদ্ৰৱত পাঠদান ব্যাহত হৈ পৰিছে কলিয়াবৰ মহকুমা শিক্ষা খণ্ডৰ দলগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ । কামোৰ আৰু গতি-বিধিত আতংকিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে শিক্ষা বিষয়া মনাই ক্ৰপিক অৱগত কৰিছে । শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰি ঘটনাৰ বুজ লৈছে । কলিয়াবৰ মহকুমাৰ তৰফৰ পৰাও এই বিষয়ে ইতিমধ্যে মহকুমা দণ্ডাধীশক খবৰ দিয়া গৈছে ।

জানিব পৰা মতে, পোক বিধে কামোৰে । কামোৰা ঠাইডোখৰ ৰঙা হৈ পৰে বুলি জানিব পৰা গৈছে । এই পোকবিধক বেম্ব’ চিড্চ বুলি চিনাক্ত কৰা হৈছে ৷ কলিয়াবৰ মহকুমা কৃষি বিষয়াই জনোৱা মতে, পোকবিধৰ বাঁহ ফুলিলেই বংশ বৃদ্ধি হয় আৰু দাঁতি-কাষৰীয়া অঞ্চলত ই বিয়পি পৰে । পোকবিধে কামোৰে যদিও ইয়াৰ পৰা বিশেষ ক্ষতি হোৱাৰ বিষয়ে জনা নাযায় ।

লগতে পঢ়ক : বাঘৰ আতংকত ভুগিছে কলিয়াবৰবাসীয়ে - Tiger Scare In Kaliabar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.