অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰামোজী ৰাওৰ শেষ যাত্ৰা LIVE - Last journey of Ramoji Rao

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:00 AM IST

thumbnail
শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত দুনাই ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি গ’লগৈ ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰামোজী ৰাও ৷ এক অসাধাৰণ ব্যক্তিত্ব, এটা অনুষ্ঠান, সংবাদ জগতৰ সম্ৰাট, চলচ্চিত্ৰৰ পৰ্দাৰ আঁৰৰ কিংম্বদন্তী আছিল ৰামোজী ৰাও । একে মুখে ক’বলৈ গ’লে মাটিৰ পৰা আৰম্ভ কৰি আকাশমুখী যাত্ৰাৰে দেশ তথা বিশ্বৰ উল্লেখনীয় উদ্যোগপতি আছিল তেওঁ ৷ শনিবাৰে পুৱা প্ৰায় 4.50 বজাত কাহানিও উভতি নহা বাটেৰে বাট বুলিলে ৰাওৱে ৷ ৰামোজী ৰাওৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশ তথা তেলেংগানাবাসী ৷ মৃত্যুৰ পাচতে ৰামোজী ৰাওৰ নশ্বৰদেহ ৰামোজী ফিল্ম চিটীত থকা তেওঁৰ কাৰ্যালয়তে ৰখা হয় ৷ শনিবাৰৰ পুৱাৰে পৰাই অজস্ৰ গুণমুগ্ধই তেওঁৰ কাৰ্যালয়তে শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ ৰাজ্যিক মৰ্যদাৰে আজি অৰ্থাৎ দেওবাৰে সম্পন্ন কৰা হ’ব ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰামোজী ৰাওৰ অন্ত্যেষ্টিক্ৰিয়া ৷ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰামোজী ৰাওক অশ্ৰুসিক্ত নয়নেৰে সকলোৱে জনাইছে শেষ বিদায় ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.