শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথ যাত্ৰা: পুৰীৰ পৰা ৰথযাত্ৰাৰ সামগ্ৰিক পৰিৱেশ লাইভ - Rath Yatra 2024 - RATH YATRA 2024

🎬 Watch Now: Feature Video

thumbnail
Rath Yatra 2024 (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 7, 2024 at 9:22 AM IST

|

Updated : July 7, 2024 at 6:54 PM IST

1 Min Read
Choose ETV Bharat
ওড়িশাৰ পুৰীত আজিৰে পৰা আৰম্ভ হৈছে মহাপ্ৰভূ জগন্নাথ ৰথ যাত্ৰা ৷ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা সহিতে ভগৱান শ্ৰীকৃষ্ণ জগন্নাথ মন্দিৰৰ পৰা শ্ৰীগুণ্ডিচা মন্দিৰলৈ যাব ৷ 9 দিনৰ বাবে চলিব এই মহান ধৰ্মীয় অনুষ্ঠান ৷ ইতিমধ্যে ভগৱান শ্ৰীকৃষ্ণ, বলোভদ্ৰ আৰু সুভদ্ৰাৰ বাবে তিনিখন ৰথ সাজু কৰা হৈছে ৷ ফুলেৰে সুসজ্জিত কৰি তোলা হৈছে ৰথ তিনিখন ৷তিনিখন ৰথ ক্ৰমে নন্দিঘোষা, তালধ্বজা আৰু দৰ্পনদালান মন্দিৰৰ সিংহদ্বাৰৰ সমুখত ৰখাই থোৱা হৈছে ৷ এই কেইখন ৰথতে ভগৱান কৃষ্ণ ভাতৃ-ভগ্নী সহিতে শ্ৰীগুণ্ডিচা মন্দিৰলৈ যাব ৷ শ্ৰীমন্দিৰত সকলো কাৰ্যসূচী আৰু বিশেষ অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পিচত দিনৰ ১:১০ বজাত দেৱতাৰ পাহান্দি বিজে অনুষ্ঠান আৰম্ভ হোৱাৰ কথা । গজাপতি ৰজা দিব্যসিংহ দেৱাই সন্ধিয়া ৪ বজাত ৰথত আনুষ্ঠানিকভাৱে ছেৰাপনহাৰ অনুষ্ঠান সম্পাদন কৰিব । শেষত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব ৰথ যাত্ৰা ।সাধাৰণতে জ্বৰৰ পৰা সম্পূৰ্ণ সুস্থ হোৱাৰ পিচত দেৱতাসকলে ভক্তসকলক ''নৱযৌৱন দৰ্শন'' বুলি দৰ্শন দিয়ে যিটো সাধাৰণতে ৰথ যাত্ৰাৰ এদিন আগতে পালন কৰা হয় । কিন্তু এই বছৰ দেৱতাসকলৰ নবযৌৱন দৰ্শন আৰু নেত্ৰষ্টাভ অনুষ্ঠান ৰথ যাত্ৰাৰ দিনা সম্পন্ন কৰা হ’ব, একেধৰণৰ পৰিস্থিতি শেষবাৰৰ বাবে ১৯৭১ চনত হৈছিল ।

Last Updated : July 7, 2024 at 6:54 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details