লোকতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে সকলোকে ঐক্যৱদ্ধ হোৱাৰ আহ্বান ডিমা হাছাও জিলা কংগ্ৰেছৰ - Dima hasao congress PRESS MEET IN HAFLONG
Lok Sabha election results 2024: সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ডিমা হাছাও জিলা কংগ্ৰেছৰ সংবাদমেল ৷ ভোটাৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন ডিমা হাছাও জিলা কংগ্ৰেছৰ ৷ সংবাদমেলত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই ।

Published : June 9, 2024 at 7:25 AM IST
হাফলং, 9 জুন : লোকতন্ত্ৰক ৰক্ষাৰ বাবে এইবাৰ ডিমা হাছাও জিলাৰ ৰাইজে ভোট দান কৰিছে বুলি মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাৰ । শনিবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি নিৰ্মল লাংথাচাই কয়, "6 নম্বৰ ডিফু সংৰক্ষিত জনজাতি লোকসভা সমষ্টিত যদিও কংগ্ৰেছ দলে জয়লাভ কৰা নাই ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাবে কংগ্ৰেছৰ ভোটৰ হাৰ বৃদ্ধি হৈছে ।’’
‘‘ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিত কংগ্ৰেছ দলে 35 হাজাৰ 270 টা ভোট লাভ কৰিছে । কিন্তু বিগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ 8 হাজাৰ ভোট লাভ কৰিছিল । কিন্তু লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট বৃদ্ধি হৈছে ।" তেওঁ কয় ৷
ৰাইজে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে আৰু লোকতন্ত্ৰক ৰক্ষা কৰাৰ বাবেই এনেদৰে ভোট দান কৰিছে বুলি দাবী কৰি কংগ্ৰেছ দলৰ প্ৰতি এনেদৰে সমৰ্থন আগবঢ়োৱাৰ বাবে ৰাইজক ধন্যবাদ জনায় নিৰ্মল লাংথাচাই ।
শাসকীয় বিজেপিক সমালোচনা কৰি লাংথাচাই কয়, "ডিমা হাছাও জিলাৰ প্ৰভাৱশালী বিজেপি নেতা হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা । কিন্তু এই পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ দিহাঙি সমষ্টিত যি সমষ্টি দেবলাল গাৰ্লোচাৰ, লোকসভা নিৰ্বাচনত এই সমষ্টিৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত বিজেপি পিছপৰি থাকে ৷"
বিজেপি দলক সমালোচনা কৰি তেওঁ পুনৰ কয়, "এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দাবী কৰিছিল 400 আসন পাৰ কৰিব আৰু সংবিধান সলনি কৰিব । কিন্তু লোকতন্ত্ৰ ৰক্ষাৰ বাবে দেশৰ জনতাই যেনেকৈ ভোটদান কৰিলে বিজেপি মাত্ৰ 240 আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপি দলে ভয়-ভাবুকি, ধনবলৰ লগতে নিৰ্বাচন আয়োগৰো অপব্যৱহাৰ কৰিছে ৷ ইয়াৰ পিচতো জনতাই যেনে দৰে INDIA গোটৰ প্ৰতি নিৰ্বাচনত সমৰ্থন আগবঢ়াইছে ইয়াৰ বাবে জনতা ধন্যবাদৰ পাত্ৰ ।"
দেশৰ লোকতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে আমি সকলোৱে এক গোট হৈ যুঁজ দিব লাগিব বুলি সকলোলৈ আহ্বান জনাই নিৰ্মল লাংথাচাই কয়, "কিছুদিন পিচতে অসম প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ নতুন কমিটি গঠন কৰা হ’ব ৷ তেতিয়া এই কমিটিসমূহত যুৱশক্তিক চামিল কৰা হ’ব । বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব 2026 চনত আৰু এতিয়াৰ পৰাই বিধানসভা নিৰ্বাচনৰ বাবে কাম আৰম্ভ কৰিব লাগিব ৷ কাৰণ নিৰ্বাচনৰ বাবে হাতত মাত্ৰ 21 মাহ সময় আছে ৷"
লগতে পঢ়ক: মোদী কা পৰিৱাৰৰ সলনি বিজেপি বিধায়কে সামাজিক মাধ্যম এক্সত লিখিলে ফ্ৰম আপাৰ আছাম - MLA Mrinal Saikia

