ETV Bharat / health

আপুনি কেঁচা গাখীৰ খায় নেকি ? তেন্তে সৰ্বনাশ ! - INFLUENZA TYPE A H5N1

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 6:40 PM IST

INFLUENZA TYPE A H5N1: শেহতীয়াকৈ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই(CDC) কৈছে যে কেঁচা গাখীৰ ক্ষতিকাৰক বীজাণুৰ দ্বাৰা দূষিত হ’ব পাৰে যিয়ে আপোনাক অতি অসুস্থ কৰি তুলিব পাৰে । কেঁচা গাখীৰত পোৱা গৈছে এভিয়ান ইনফ্লুৱেঞ্জা A (H5N1)ৰ উপস্থিতি ৷ এই ভাইৰাচ দৰাচলতে হয় কি জানো আহক...

Consumption of Raw milk is dangerous due to the outbreak of influenza type A (H5N1) in dairy cattle
আপুনি কেঁচাকৈ গাখীৰ খায় নেকি ? তেন্তে সৰ্বনাশ! (IMAGE SOURCE: FREEPIK)

বিভিন্ন পুষ্টিৰে সমৃদ্ধ গাখীৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ কিন্তু এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই গৰুৰ গাখীৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাটোই জানিবলৈ দিয়া মতে, কেঁচা গৰুৰ গাখীৰত A (H5N1) বাৰ্ড ফ্লু ভাইৰাছৰ স্থিতি পোৱা গৈছে ৷ অৱশ্যে, এই ভাইৰাছ গাখীৰত কিমান দিন জীয়াই থাকিব পাৰে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ এই বিষয়ত বিজ্ঞানীসকলে এতিয়াও অনুসন্ধান কৰি আছে ৷

উল্লেখ্য যে, ১৯৯৬ত এভিয়ান ইনফ্লুৱেঞ্জা A (H5N1)-ৰ প্ৰথম ঘটনাটো পোহৰলৈ আহিছিল ৷ কিন্তু ২০২০ৰ পিছত চৰাইবোৰত এই ভাইৰাছৰ উপস্থিতি দ্ৰুতগতিত বৃদ্ধি হোৱাৰ লগতে সংক্ৰমিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ যাৰ বাবে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাও চিন্তিত হৈ পৰিছে ৷ কিয়নো বাৰ্ড ফ্লু কেৱল চৰাইৰ দ্বাৰাহে বিয়পিছিল ৷ কিন্তু এতিয়া প্ৰথমবাৰৰ বাবে এই ৰোগ গৰুৰ পৰা মানুহলৈ সংক্ৰমিত হৈছে ৷ একাংশ বিজ্ঞানীৰ মতে, বাৰ্ড ফ্লু ভাইৰাছ এতিয়া সলনি হৈ আছে ৷ আগতে এই ভাইৰাছ কেৱল চৰাইৰ পৰা গৰুলৈ বিয়পিছিল ৷ এতিয়া গৰুৰ পৰা গৰুলৈ আৰু গৰুৰ পৰা চৰাইলৈও এই ৰোগ বিয়পিবলৈ ধৰিছে ৷

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ প্ৰতিৰোধ সংস্থাই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে, ৰুগীয়া জন্তুৰ ওচৰত বাস নকৰা লোকৰ বাবে এই ভাইৰাছ বিপদজনক নহয় ৷ একে সময়তে, চৰকাৰী প্ৰতিষ্ঠানবোৰেও এই বিষয়ত সম্পূৰ্ণ অনুসন্ধান কৰি আছে ৷ য'ত এই ভাইৰাছটো মানুহৰ বাবে অধিক বিপদজনক নহয় বুলি এক প্ৰকাৰ স্পষ্ট হৈছে ৷ বিজ্ঞানীসকলৰ মতে, যদি আপুনি পেষ্টৰাইজড গাখীৰ খায়, তেতিয়া ভয় কৰিব লগীয়া একো নাথাকে ৷ কিয়নো, গাখীৰ বিক্ৰী কৰাৰ আগতে ইয়াক বিশুদ্ধ কৰা হয় ৷ এই প্ৰক্ৰিয়াত বাৰ্ড ফ্লুৰ দৰে ভাইৰাছৰ মৃত্যু হয় ৷

কেঁচা গাখীৰ খোৱাটো বিপদজনক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে স্পষ্ট কৰা মতে, A (H5N1) ভাইৰাছ কেঁচা গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে মানুহলৈ বিয়পে নে নাই সেয়া স্পষ্ট নহয় যদিও কেঁচা গাখীৰ খাব নালাগে ৷ ইয়াৰ কাৰণ হৈছে কেঁচা গাখীৰত এনে বিপদজনক বেক্টেৰিয়া পোৱা যায় যিয়ে শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা বা দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ শৰীৰত খুব সোনকালে ক্ৰিয়া কৰিব পাৰে ৷ লেক্টোজ অসহিষ্ণুতাত ভুগি থকা লোকসকলৰ বাবে কেঁচা গাখীৰ সঠিক নহয় ৷ তদুপৰি, দূষিত কেঁচা গাখীৰ খোৱাৰ ফলত বৃক্ক পৰ্যন্ত বিকল হ'ব পাৰে ৷

A (H5N1) ফ্লু কি ?

A (H5N1) হৈছে এক প্ৰকাৰৰ ফ্লু ভাইৰাছ ৷ ইয়াক বাৰ্ড ফ্লু বুলিও কোৱা হয় ৷ এই ভাইৰাছটো বিশেষকৈ চৰাইৰ দেহত বাস কৰে আৰু সিঁহতক ৰুগীয়া কৰি তোলে ৷ যদি চৰাই এটাৰ এই ফ্লু হয়, সেই চৰাইৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমিত হ'ব পাৰে ৷

লগতে পঢ়ক: এইসমূহ লক্ষণে দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক... - BIRD FLU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.