ETV Bharat / politics

যুদ্ধ হ’ব প্ৰতিশোধৰ ! ধুবুৰীত পৰাজয়ৰ পোটক চামগুৰিত তোলাৰ পৰিকল্পনা আজমল বাহিনীৰ - Bye election in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:43 PM IST

Updated : Jun 11, 2024, 5:41 PM IST

Samaguri LAC: ধুবুৰী লোকসভা সমষ্টিত শোচনীয়ভাৱে পৰাজয়বৰণ কৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে আৰম্ভ কৰিছে নতুন ৰণকৌশল । ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ ৰকিবুলৰ পুত্ৰক ৰুধিবলৈ এতিয়াৰ পৰাই ৰণকৌশল প্ৰস্তুত কৰা এ আই ইউ ডি এফ দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিকল্পনা কৰিছে । চামগুৰি উপ-নিৰ্বাচনত কোন হ’ব এ আই ইউ ডি এফৰ প্ৰাৰ্থী ? বদৰুদ্দিন আজমল নে আজমলপুত্ৰ আব্দুৰ ৰহিম আজমল ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Samaguri LAC
BYE ELECTION IN ASSAM (ETV Bharat Assam)

নগাঁও, 11 জুন: ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত অতি শোচনীয়ভাৱে পৰাস্ত হোৱা এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল এইবাৰ সাজু হৈছে পৰাজয়ৰ পোটক তোলাৰ বাবে ৷ ৰকিবুল হুছেইনৰ হাতত হেৰুওৱা ৰাজনৈতিক সন্মান ঘূৰাই আনিবলৈ এইবাৰ উপ-নিৰ্বাচনৰ সহায় ল’ব আজমলে ৷ বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ গৰাকী তথা নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি দাবী কৰা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এইবাৰ নতুনকৈ ৰণকৌশল প্ৰস্তুত কৰিছে ৷

নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ পাঁচটাকৈ কাৰ্যকালৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে লোকসভালৈ ৷ ইয়াৰ পাচতেই এতিয়া সমষ্টিটোত উপ-নিৰ্বাচন আসন্ন হৈ পৰিছে ৷ জল্পনা কল্পনা আৰম্ভ হৈছে চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ।

লগতে পঢ়ক: এদিন তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপোনাৰ কন্দাৰ পাল: মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবাণ ৰকিবুল হুছেইনৰ - Rakibul Hussain criticizes CM Himanta

চামগুৰি সমষ্টিৰ বিধায়ক পদৰ পৰা মঙলবাৰে ৰকিবুল হুছেইনে পদত্যাগ কৰে ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে ৰকিবুল হুছেইনে ৷ ফলত অতিশীঘ্ৰে চামগুৰি বিধানসভা সমষ্টিটোত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ।

চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কোন দলে কিদৰে আৰম্ভ কৰিছে কুচকাৱাজ ? এই পৰ্যন্ত অনুষ্ঠানিকভাৱে কোনো ৰাজনৈতিক দলেই প্ৰচাৰ অথবা প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও দলৰ মজিয়াত ইতিমধ্যেই আলোচনা আৰম্ভ কৰিছে কংগ্ৰেছ , এ আই ইউ ডি এফে ।

ৰকিবুল হুছেইনৰ পুত্ৰ হ’ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী: পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি বিধানসভা সমষ্টিত ৰকিবুল হুছেইনৰ পাচত এইবাৰ তেওঁৰ পুত্ৰই নিৰ্বাচন খেলিব বুলি ব্যাপক চৰ্চা চলিছে ৷ কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ জৰিয়তে ৰাজনীতিত ভৰি দিয়া ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনেও কুচকাৱাজ আৰম্ভ কৰা বুলি চলিছে ব্যাপক চৰ্চা । ইয়াৰ মাজতেই ৰকিবুল হুছেইনৰ পুত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’লে ৰকিবুল পুত্ৰক ৰুধিবলৈ এ আই ইউ ডি এফ দলেও ৰণকৌশল প্ৰস্তুত কৰা বুলি দলীয় এক সূত্ৰত জানিব পৰা গৈছে ।

এই সন্দৰ্ভত বিতং জনাৰ পূৰ্বে প্ৰথমে জানি লওঁ আহক বিগত চাৰিটা দশকত কাৰ দখলত কিমান দিন আছিল চামগুৰি বিধানসভা সমষ্টি ? কেইটা নিৰ্বাচনত অৱতীৰ্ণ হৈ কিমানবাৰ জয়লাভ কৰিছিল ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে ?

লগতে পঢ়ক: দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

নুৰুল হুছেইনৰ পৰা তানজিল হুছেইনলৈ চামগুৰি সমষ্টিৰ ৰাজনীতি :

ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনৰ ৰাজনৈতিক যাত্ৰা: 1983 চনতে কংগ্ৰেছ (এছ) অৰ্থাৎ সমাজবাদী কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ(ই) দলৰ প্ৰাৰ্থী দেৱেন বৰাক পৰাজিত কৰি প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন । প্ৰথম নিৰ্বাচনত 15,374 টা ভোট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নুৰুল হুছেইন । বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচতেই অৰ্থাৎ 1983 চনতেই সমাজবাদী কংগ্ৰেছ দলৰ একত্ৰিকৰণ হোৱাত প্ৰয়াত নুৰুল হুছেইনেও যোগদান কৰিছিল কংগ্ৰেছ (ই ) দলত । পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ এগৰাকী নেতা হৈ পৰিছিল ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন ।

চন 1985 : 1985 চনত হোৱা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ টিকটত চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈ সেই সময়ৰ ইউ এম এফ দলৰ প্ৰাৰ্থী আবুল হুছেইন সৰকাৰৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইনে । 1985 চনত চামগুৰি বিধানসভা সমষ্টিৰ পৰা ইউ এম এফ দলৰ আবুল হুছেইন সৰকাৰে 22,631 টা ভোট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

চন 1991 : 1991 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন । 1991 চনত গণতান্ত্ৰিক গণসন্মিলন দলৰ প্ৰাৰ্থী তথা সেই সময়ৰ অন্যতম সংখ্যালঘু নেতা আব্দুল আজিজক পৰাস্ত কৰি চামগুৰি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত নুৰুল হুছেইন । সেই সময়ত 18,825 টা ভোট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত নুৰুল হুছেইন ।

লগতে পঢ়ক: আজমলৰ দুৰ্গত ছুনামী : বিশাল ব্যৱধানত ধুবুৰীত জয়লাভ ৰকিবুল হুছেইনৰ - LOK SABHA ELECTION RESULTS 2024

চন 1996 : 1996 চনত চতুৰ্থবাৰৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নুৰুল হুছেইনে পৰাজয় বৰণ কৰিছিল অগপৰ অতুল শৰ্মাৰ হাতত । 1996 চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী অতুল শৰ্মাই মুঠ 20,770 টা ভোট লাভ কৰি নুৰুল হুছেইনক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । পৰৱৰ্তী সময়ত কিছু পৃথক হৈ পৰিছিল চামগুৰি বিধানসভা সমষ্টিৰ ৰাজনৈতিক দৃশ্যপট ।

ৰকিবুল হুছেইনৰ ৰাজনীতিত পদাৰ্পণ: পিতৃ প্ৰয়াত নুৰুল হুছেইনক পৰাস্ত কৰা অগপ প্ৰাৰ্থী অতুল শৰ্মাক যেন প্ৰতিশোধ ল’বলৈ ৰাজনৈতিক পথাৰত খোজ দিছিল নুৰুল হুছেইনৰ পুত্ৰ ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে কংগ্ৰেছ দলৰ পৰাই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰি বৰ্তমান সাংসদ হিচাপে নিৰ্বাচিত হৈছে । এতিয়া জানো আহক ৰকিবুল হুছেইনৰ আৰম্ভণিৰ পৰা ৰাজনৈতিক যাত্ৰাৰ সবিশেষ ।

চন 2001 : 2001 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰথমবাৰৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন । 2001 চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী অতুল শৰ্মাক পৰাজিত কৰি প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা জয়লাভ কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন । পূৰ্বৰ নিৰ্বাচনত পিতৃ নুৰুল হুছেইনক পৰাস্ত কৰা অগপ প্ৰাৰ্থী অতুল শৰ্মাক 3,500 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন । 2001 চনৰ তৰুণ গগৈ মন্ত্ৰীসভাত ৰাজ্যিক গৃহমন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: ধুবুৰীৰ ৰাইজে কংগ্ৰেছক মৰম দিছে : ক'লে ৰকিবুল হুছেইনে - lok sabha election results 2024

চন 2006 : 2006 চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনতো চামগুৰি বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনৰ বিপৰীতে অগপ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল একেগৰাকী অতুল শৰ্মাই । 2006 চনৰ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী অতুল শৰ্মাক প্ৰায় 15000 ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈ তৰুণ গগৈ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব লাভ কৰে ৰকিবুল হুছেইনে ।

চন 2011: 2011 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা ৰকিবুল হুছেইনক পৰাস্ত কৰিবলৈ অগপ দলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক প্ৰক্ষেপ কৰিছিল । কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্তকো প্ৰায় 20,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন । পুনৰ এবাৰ তৰুণ গগৈ মন্ত্ৰী সভাৰ তৃতীয়বাৰৰ বাবে গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব লাভ কৰে ৰকিবুল হুছেইনে ।

চন 2016: 2016 চনৰ বিধানসভা নিৰ্বাচনত চতুৰ্থবাৰৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিজেপি দলে বর্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক প্ৰক্ষেপ কৰে যদিও পুনৰবাৰ সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ৰকিবুল হুছেইন । বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক প্ৰায় 14,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰি ৰকিবুল হুছেইন বিৰোধী দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

চন 2021 : 2016 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাচত 2021 চনৰ বিধানসভা নিৰ্বাচনতো পুনৰ চামগুৰি সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ৰকিবুল হুছেইন । 2021 চনত এ আই ইউ ডি এফ দলৰ সৈতে হোৱা কংগ্ৰেছৰ মিত্ৰতাৰ ফলত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াক 26 হাজাৰৰো অধিক ভোটত পৰাস্ত কৰি একেটা সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ৰকিবুল হুছেইন ।

লগতে পঢ়ক: সাংসদ হৈ কি কি কৰিব কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ? - Lok sabha Election 2024

উল্লেখ্য যে, ৰকিবুল হুছেইন পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সময়খিনিতেই কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ জৰিয়তে প্ৰত্যক্ষ ৰাজনীতিত পদৰ্পন কৰে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে । ককাকৰ পিচত পিতৃ আৰু পিতৃৰ পিচত তানজিল হুছেইনেও চামগুৰি সমষ্টিৰ পৰাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সপোন দেখা বুলি ইতিমধ্যেই আৰম্ভ হৈছে ব্যাপক চৰ্চা ।

ইয়াৰ মাজতেই সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত ধুবুৰী সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে তানজিল হুছেইনৰ পিতৃ তথা চামগুৰি সমষ্টিৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইন ।

ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এতিয়া চামগুৰি সমষ্টি অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ ইয়াৰ বাবে যেন সাজু হৈ আছে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন । এইক্ষেত্ৰত বিভিন্ন সংবাদ মাধ্যমত দলে প্ৰাৰ্থিত্ব দিলে তানজিলে নিৰ্বাচন খেলিব পাৰে বুলি পিতৃ ৰকিবুল হুছেইনেও মন্তব্য কৰা পৰিলক্ষিত হৈছে । কিন্তু ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’লে তানজিলক ৰুধিবলৈ সাজু হৈ আছে ধুবুৰীত ৰকিবুল হুছেইনে অতি শোচনীয়ভাৱে পৰাজিত কৰা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল ।

লগতে পঢ়ক: পৰাজয়ৰ আশংকাত ভীতিগ্ৰস্ত হৈ নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰিছে আজমলে; ৰকিবুল হুছেইন - Lok Sabha Election 2024

নিৰ্বাচনত পৰাজিত হোৱাৰ পাচতেই পৱিত্ৰ হজলৈ যাত্ৰা কৰিছে বদৰুদ্দিন আজমলে । কিন্তু হজলৈ যোৱাৰ পূৰ্বেই চামগুৰিত দলীয় ভেটি শক্তিশালী কৰিবলৈ দলীয় নেতা-কৰ্মীক বদৰুদ্দিন আজমলে নিৰ্দেশ দিয়া বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

চামগুৰি বিধানসভা সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হ’লে এ আই ইউ ডি এফ দলেও সমষ্টিটোত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি সৰ্বশক্তি প্ৰয়োগ কৰিব বুলিও দলীয় এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । নাম প্ৰকাশত অনিচ্ছুক এ আই ইউ ডি এফ দলৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে ৰকিবুল হুছেইনৰ পুত্ৰ চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী হ’লে বদৰুদ্দিন আজমলৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমল হ’ব পাৰে চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন কংগ্ৰেছৰ আৰু বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমল এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হ’লে যথেষ্ট আকৰ্ষণীয় হৈ পৰিব নিৰ্বাচনী যুঁজ । অৱশ্যে বিজেপি মিত্ৰজোঁটে কাক প্ৰক্ষেপ কৰে সেয়াও যথেষ্ট লক্ষণীয় হ’ব চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ।

লগতে পঢ়ক: ৰকিবুল হুছেইন ইণ্টাৰনেশ্যনেল ডকাইত : বদৰুদ্দিন আজমল - Lok Sabha Election 2024

Last Updated : Jun 11, 2024, 5:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.