ৰকিবুল হুছেইন ইণ্টাৰনেশ্যনেল ডকাইত : বদৰুদ্দিন আজমল - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:10 PM IST

thumbnail

গোৱালপাৰা,৩০ এপ্ৰিল: ভাষণত দম্ভালি মৰা আজমলে এইবাৰ নিৰ্বাচনত জয়ী হ'বলৈ সহায় বিচাৰিলে আল্লাহৰ । আনহাতে ভাষণত ৰকিবুল হুছেইন ইণ্টাৰনেশ্যনেল ডকাইত । লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈও ডকাইত । মঙলবাৰে ধুবুৰী লোকসভা সমষ্টিৰ জলেশ্বৰ সমষ্টিৰ গৌৰনগৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।  

ইয়াৰ উপৰিও আজমলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক টাৰ্গেট কৰি কয় যে, ৰকিবুলে নগাঁৱবাসীক ঠগ-প্ৰৱঞ্চনা কৰি এতিয়া ধুবুৰীবাসীক ডকাইতি কৰিবলৈ আহিছে । সভাখনত আজমলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈক গাড্ডাৰ আৰু ডকাইত আখ্যা দিয়ে । অৱশেষত আজমলে নিজৰ বিজয়ৰ বাবে ৰাইজৰ সৈতে দোৱা-প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক: ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.