ETV Bharat / politics

কংগ্ৰেছ চৰকাৰ আহিলে সঁচা লাখপতি বাইদেউ বনোৱাৰ প্ৰতিশ্ৰুতি সাংসদ গৌৰৱ গগৈৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 12:58 PM IST

Barpeta Lok Sabha constituency: বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ বিফলতা ঢাকিবৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰৰ আশ্ৰয় লৈছে বুলি দাবী সাংসদগৰাকীৰ ৷

congress MP gaurav gogoi election campaigns for dip bayan
congress MP gaurav gogoi election campaigns for dip bayan

কংগ্ৰেছ চৰকাৰ আহিলে সঁচা লাখপতি বাইদেউ বনোৱাৰ প্ৰতিশ্ৰুতি সাংসদ গৌৰৱ গগৈৰ

বৰপেটা, 1 মে’: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত তুংগত চলিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ ৷ বৰপেটা লোকসভা সমষ্টিত মঙলবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ বৰপেটা কলনীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশ লৈ গৌৰৱ গগৈয়ে গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত সমাগত নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাজিত কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাবলৈ আহ্বান জনায় ৷

গগৈয়ে পুনৰ কয়, "আমি আদৰ্শ ভিত্তিত ৰাজনীতি কৰিব বিচাৰিছো আৰু বৰপেটাত এজন যুৱ প্ৰাৰ্থী থিয় কৰাইছো ৷ অগপ আৰু চিপিআইএমৰ প্ৰাৰ্থী দুগৰাকীৰ বিষয়ে মই একো ক’বলৈ নাযাওঁ যদিও যুৱ প্ৰাৰ্থী দীপ বায়নক আপোনালোকে ভোট দিয়ক ৷"

ইপিনে এইবাৰৰ নিৰ্বাচনৰ প্ৰভাৱ আঢ়ৈ বছৰ পিচত হ’ব লগা বিধানসভা নিৰ্বাচনতো পৰিব বুলি মন্তব্য আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে ৷ সেয়ে আজিৰ পৰাই সেই পৰিৱেশৰ সৃষ্টি কৰিব লাগিব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ পৰিৱৰ্তনৰ নামত নহৰুৰ দাম চাৰিশ টকা হ'ল বুলি কটাক্ষ কৰি বিজেপি চৰকাৰে হিতাধিকাৰীৰ নামত মাথো প্ৰ-পত্ৰ বিতৰণ কৰি আহিছে বুলি শাসকীয় দলটোক কটাক্ষ কৰে ৷

বিজেপিয়ে মিছা লাখপতি বাইদেউ বনোৱাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰ আহিলে সঁচা লাখপতি বাইদেউ বনোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বিফলতা ঢাকিবৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰৰ আশ্ৰয় লোৱা বুলিও অভিযোগ তোলে ৷ সমান্তৰালভাবে, বিজেপিয়ে কামৰ দ্বাৰা ভোট বিচৰাৰ বিপৰীতে অপপ্ৰচাৰৰ জৰিয়তে ভোট বিচাৰিছে বুলিও দাবী কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক: ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.