ETV Bharat / politics

ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 1:42 PM IST

CPIM candidate Manoranjan Talukdar election campaigns in Mukalmua Nalbari
ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ

Barpeta Lok Sabha constituency : মুকালমুৱাত বৰপেটা লোকসভা সমষ্টিৰ চিপিআই (এম) দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ । বৰপেটা লোকসভা সমষ্টিক লৈ তৎপৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা চিপিআই (এম) প্ৰাৰ্থীগৰাকীৰ ৷ ফলাফল যিয়েই নহওঁক সদায়ে মানুহৰ পক্ষত থাকিব বুলি সভাত উপস্থিত ৰাইজক আশ্বাস প্ৰদান তালুকদাৰৰ ৷

ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ

নলবাৰী, 30 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিটো ৰাজনৈতিক দলে ৷ বৰপেটা লোকসভা সমষ্টিৰ চিপিআই (এম) দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে মঙলবাৰে নলবাৰীৰ মুকালমুৱাত চলায় নিৰ্বাচনী প্ৰচাৰ । মুকালমুৱা চ'ক বজাৰত অনুষ্ঠিত কৰা হয় এই নিৰ্বাচনী প্ৰচাৰ সভাখনৰ ।

প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি তালুকদাৰে কয়, "মুখ্যমন্ত্ৰীয়ে মনোৰঞ্জন তালুকদাৰক ভয় খাইছে ৷ যাৰ বাবে হেলিকপ্তাৰ লৈ দিন-ৰাতি একাকাৰ কৰি বৰপেটা লোকসভা সমষ্টিত এখনৰ পিছত এখনকৈ মিটিং কৰি আছে ৷ প্ৰতিদনেই আহি আছে সমষ্টিটোলৈ ৷ আজিও মোৰ লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে 3 খনকৈ সভাত অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীও নমাইছে ৷ যদি বিৰোধীয়ে নাই তেন্তে কিহৰ ইমান দৌৰ ?"

উল্লেখ কৰা প্ৰয়োজন যে, বৰপেটা লোকসভা সমষ্টিত চিপিআই (এম) প্ৰাৰ্থীগৰাকীৰ উপৰিও কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিছে তেওঁলোকৰ এগৰাকী প্ৰাৰ্থীক ৷ যি বিষয়ে ৰাজ্যৰ ৰাজনীতিত বহুল চৰ্চা লাভ কৰিছে ৷ বিৰোধী ঐক্যত থকাৰ পাচতো এটা সমষ্টিতে বিৰোধী ঐক্যৰ অন্তৰ্গত দুটাকৈ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ফলত অৰ্থাৎ চিপিআই (এম) দলক সমষ্টিটো এৰি নিদিয়াত কংগ্ৰেছ দল বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷

শেহতীয়াকৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্যৰ পৰা কেৱল মাত্ৰ এজনহে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান জনাইছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিপিআই (এম) দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷ তেওঁ কয়, "অখিল গগৈয়ে ঠিক কথা কৈছে । কংগ্ৰেছে যদি প্ৰাৰ্থী প্ৰত্যাহাৰ নকৰে তেওঁলোক নিজে অপমানিত হ'ব ।’’

চিপিআই (এম) দলৰ আদৰ্শৰ কথা উল্লেখ কৰি চিপিআই (এম) দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কয়, "যদি সদনলৈ যাবলৈ আমি সুযোগ নাপাওঁ, তথাপিও ৰাস্তাত থিয় দি হ’লেও আমি মানুহৰ সপক্ষে থাকিম, মানুহৰ সপক্ষে যুঁজিম আৰু মানুহৰ সপক্ষে থাকি এটা দিনত হ’লেও আমি জিকিম ৷"

লগতে পঢ়ক:

ভোট বিভাজনৰ সৈতে শাসকপক্ষৰ কোন বুধিয়ক মানুহ জড়িত থকাৰ দাবী বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসৰ - Lok sabha Election 2024

নিৰ্বাচনী সভাত হেলিকপ্টাৰ চাবলৈ ৰাইজৰ ভিৰ, দলীয় কৰ্মীৰ ওপৰত আজমলৰ খং - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.