ETV Bharat / politics

নিৰ্বাচনী সভাত হেলিকপ্টাৰ চাবলৈ ৰাইজৰ ভিৰ, দলীয় কৰ্মীৰ ওপৰত আজমলৰ খং - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 8:50 PM IST

আজমলৰ সভাত হেলিপেডৰ পৰা আৰক্ষীয়ে খেদি খেদিও আতঁৰাব পৰা নাই ভিৰ ৷ যেন হাজাৰ হাজাৰ ৰাইজ কেৱল হেলিকপ্টাৰ চাবলৈ হে আহিছে ৷

ELECTION CAMPAIGN OF AIUDF
দলীয় কৰ্মীৰ ওপৰত আজমলৰ খং

আজমলৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰ চাবলৈ ভিৰ ৰাইজৰ

বঙাইগাঁও, 29 এপ্ৰিল : আজমলৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰ চাবলৈ ভিৰ ৰাইজৰ ৷ হেলিকপ্টাৰ চাবলৈ হেলিপেডত বিৰ দি বাট নোপোৱা অৱস্থা ৷ হেলিপেডৰ পৰা আৰক্ষীয়ে ঠেলি-হেঁচিও আতঁৰাব পৰা নাই ভিৰ ৷ সভাস্থলীতকৈয়ো পেলিপেডতহে ভিৰ লাগিল ৰাইজৰ ৷ ইফালে হেলিপেডৰ স্থান আৰু জনসভাৰ মাজৰ দূৰত্ব বেছি হোৱাক লৈ দলীয় কৰ্মীৰ ওপৰত আজমলৰ খং ৷

উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত দল সমূহে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে দল সমূহে ৷ ইয়াৰ মাজতে এ আই ইউ ডি এফে জনসভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ সোমবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বদৰুদ্দিন আজমলৰ এখন নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় ৷ কিন্তু দুপৰীয়া 1 বজাত অনুষ্ঠিত হ'ব লগা জনসভাত হেলিকপ্টাৰ লৈ বদৰুদ্দিন আজমল উপস্থিত হয় বিয়লি 4.40 বজাত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দুপৰীয়া 1 বজাত সভাৰ স্থিৰ কৰি ৰাইজৰ উপস্থিতি হেৰেঙা হোৱাৰ সন্দেহত বদৰুদ্দিন আজমল বিয়লি 4.40 বজাত উপস্থিত হয় জনসভাত ৷ সভাত মাত্ৰ 20 মিনিট সময় থাকিয়েই পুনৰ উভতি যায় বদৰুদ্দিন আজমল ৷ ইফালে জনসভা আৰু হেলিপেডৰ স্থানৰ মাজত দূৰত্ব কিছু বেছি হোৱাত দলীয় কৰ্মীৰ ওপৰত খং উজাৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা এ আই ইউ ডি এফ মুৰব্বী বদৰুদ্দিন আজমলে ৷ ইয়াফেল হেলিকপ্টাৰ লৈ আজমল সভাত উপস্থিত হোৱাৰ পিচতেই হেলিপেডৰ কাষত ভিৰ লাগে ৰাইজৰ ৷ স্ভাস্থলীৰ পৰা আতঁৰি হেলিপেডত ভিৰ কৰে ৰাইজে ৷ আৰক্ষীয়ে খেদি খেদি চেষ্টা কৰিও ৰাইজক সভাস্থলীলৈ পঠাবলৈ বিফল হোৱা পৰিলক্ষিত হ’ল ৷ যেন হাজাৰ হাজাৰ ৰাইজ কেৱল হেলিকপ্টাৰ চাবলৈ হে আহিছে ৷

লগতে পঢ়ক : ভূপেন বৰাইহে প্ৰস্তাৱ কৰিছিল মনোৰঞ্জন তালুকদাৰৰ নাম: সুপ্ৰকাশ তালুকদাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.