ETV Bharat / politics

ভূপেন বৰাইহে প্ৰস্তাৱ কৰিছিল মনোৰঞ্জন তালুকদাৰৰ নাম: সুপ্ৰকাশ তালুকদাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 7:50 PM IST

BARPETA LOK SABHA SEAT
ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া চি পি আই এমৰ

CPIM Assam Press Meet : ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে সোমবাৰে এক সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ভূপেন বৰাই বৰপেটা লোকসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰৰ নাম প্ৰস্তাৱ কৰিছিল বুলি প্ৰকাশ কৰে চি পি আই এম নেতাজনে ৷

চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ সংবাদমেল

বৰপেটা, 29 এপ্ৰিল : মনোৰঞ্জন তালুকদাৰৰ নাম ভূপেন বৰাইহে প্ৰস্তাৱ কৰিছিল ৷ এই মন্তব্য চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে সোমবাৰে এক সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বিধানসভা চি পি আই এম শূণ্য নহ’বৰ বাবেই অসমত দলটোৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহ’ল বুলি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সুপ্ৰকাশ তালুকদাৰে ৷

চি পি আই এম দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে আজি বৰপেটাত দলীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মনোৰঞ্জন তালুকদাৰৰ নাম চি পি আই এমে নহয় ভূপেন বৰাইহে ঘোষণা কৰা বুলি মন্তব্য ৷ এই সন্দৰ্ভত আলোচনাৰ বাবে বঙাইগাঁৱৰ চিগনেট হোটেলত এখন যৌথ বৈঠক অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰে চি পি আই এমৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে ৷ এই বৈঠকত কংগ্ৰেছৰ প্ৰতিনিধিৰ লগতে বিধায়ক অখিল গগৈ আৰু চি পি আই এমৰ হৈ মনোৰঞ্জন তালুকদাৰ আৰু সুপ্ৰকাশ তালুকদাৰ নিজে উপস্থিত আছিল বুলি মন্তব্য কৰে ৷

এই সভাতেই ভূপেন বৰাই বৰপেটা লোকসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰৰ নাম প্ৰস্তাৱ কৰিছিল বুলি প্ৰকাশ কৰে চি পি আই এম নেতাজনে ৷ তেওঁ লগতে বৰপেটা লোকসভা সমষ্টিটোত যুদ্ধ দিবলৈ এগৰাকী পৰিচিত ব্যক্তি হ’লে ভাল হয় আৰু মনোৰঞ্জন তালুকদাৰৰ নাম ইতিমধ্যে ৰাইজৰ মাজত পৰিচিত হৈছে বুলি ভূপেন বৰাই মন্তব্য কৰিছিল বুলি কয় ৷ মনোৰঞ্জন তালুকদাৰ বিধায়ক হিচাবে পৰিচিত হোৱাৰ বাবেহে তেওঁৰ নামতো সজোৰে আহিছিল আৰু ই এতিয়া সহায় কৰিছে বুলি উল্লেখ কৰে সুপ্ৰকাশ তালুকদাৰে ৷

ইফালে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নামটো যোৱা নাই, গ্ৰহণযোগ্য হোৱা নাই, মানুহৰ মুখে মুখে তেওঁৰ নামটো অহা নাই বুলি দাবী কৰে সুপ্ৰকাশ তালুকদাৰে ৷ গতিকে এইবাৰ জনসাধাৰণৰ মাজত একধৰণৰ ঐক্য গঢ়ি উঠিব বুলি কয় তেওঁ ৷ চি পি আই এমৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয় যে, দল বিলাকে ঐক্যৰ মাজেৰে প্ৰাৰ্থী দিব পৰা নাই সেয়া তেওঁলোকৰ ব্যৰ্থতা ৷ আনহাতে কংগ্ৰেছক বাস্তৱতা অনুধাবন কৰাৰ বাবেও আহ্বান জনায় সুপ্ৰকাশ তালুকদাৰে ৷ এইবাৰৰ নিৰ্বাচনত বিৰোধীৰ আসনৰ সংখ্যা 7 খনলৈ বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰে তেওঁ ৷

ইফালে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত বৰপেটাত দলটোৱে নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তোলাৰ বাবে কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে তেওঁ ৷ মঙলবাৰে দিল্লীৰ কৃষক আন্দোলনৰ নেতা হান্নান আলীয়ে পাকাবেতবাৰীত সভা অনুষ্ঠিত কৰাৰ উপৰিও সীতাৰাম য়েচুৰী, মানিক সৰকাৰ আদিয়ে বৰপেটা সমষ্টিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সুপ্ৰকাশ তালুকদাৰে ৷

লগতে পঢ়ক : বৰপেটা লোকসভা সমষ্টিত এজনেই হওক বিৰোধীৰ প্ৰাৰ্থী : সিদ্ধান্ত বিচাৰি কংগ্ৰেছলৈ অখিল গগৈৰ আহ্বান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.