ETV Bharat / politics

বৰপেটা লোকসভা সমষ্টিত এজনেই হওক বিৰোধীৰ প্ৰাৰ্থী : সিদ্ধান্ত বিচাৰি কংগ্ৰেছলৈ অখিল গগৈৰ আহ্বান - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 12:32 PM IST

akhil gogoi asks congress to give only one candidate for Barpeta constituency
নিৰ্বাচনী প্ৰচাৰ

ELECTION CAMPAIGN : বৰপেটাত এজন হ’ব নেকি বিৰোধীৰ প্ৰাৰ্থী ? কংগ্ৰছে-চিপিআইএমকে ধৰি বিৰোধীয়ে এজনকে দিব নেকি ভোট ? ইয়াৰ বাবে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিশেষ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । বৰপেটাত বিৰোধীৰ প্ৰাৰ্থী এজনেই হ’ব নে নাই কংগ্ৰেছৰ পৰা সিদ্ধান্ত বিচাৰিছে অখিল গগৈয়ে ৷

গুৱাহাটী, ২৯ এপ্ৰিল : ৭ মে’ত অসমত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ৪ টা লোকসভা সমষ্টিৰ নিৰ্বাচন । সকলো দলেই নিজা নিজাকৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ বৰপেটা লোকসভা আসনখনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰে আছে দুজনকৈ প্ৰাৰ্থী ৷ নিজা নিজাকৈ নিৰ্বাচনত প্ৰাৰ্থী দি নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ আৰু চিপিআইয়ে(এম) ৷ যাৰ বাবে বিজেপি বিৰোধী শক্তিৰ ওচৰত জবাব দিহি হ’ব লগা হৈছে বিৰোধীৰ মিত্ৰজোঁট ।

কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন আৰু চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ দুয়ো গৰাকীয়েই প্ৰচাৰ অব্যাহত ৰাখিছে বৰপেটা লোকসভা সমষ্টিত । যাৰ ফলত বিৰোধীৰ ভোট বিভাজন হৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ নেতা ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিব পাৰে বুলি শংকাত ভুগিছে বিৰোধীৰ শিবিৰ ।

বিধায়ক অখিল গগৈয়ে সেয়ে কংগ্ৰেছৰ প্ৰতি আগবঢ়াইছে বিশেষ প্ৰস্তাৱ । সমাজিক মাধ্যমত এই বিষয়ত জনাইছে অখিল গগৈয়ে ৷ “বৰপেটা লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী এজনেই হ’ব লাগে । কালি ভূপেন বৰা ডাঙৰীয়াক লুৰীণজ্যোতি গগৈৰ সন্মুখত পুনৰ এবাৰ ক’লো । আমাক সিদ্ধান্ত লাগে ।" এইদৰে আমাক সিদ্ধান্ত লাগে বুলি এক প্ৰকাৰ আহ্বান অখিল গগৈৰ ।

akhil gogoi asks congress to give only one candidate for Barpeta constituency
কংগ্ৰেছলৈ অখিল গগৈৰ আহ্বান

উল্লেখ্য যে, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ - এই দুয়োজন নেতাই ধুবুৰীৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ লোকসভা সমষ্টিটোত ব্যস্ত আছিল যোৱা দুদিন ধৰি । তাৰ মাজতে একে পৰ্যায়তে নিৰ্বাচন হ’বলগীয়া বৰপেটা সমষ্টিত বিৰোধীৰ দুজন প্ৰাৰ্থী হোৱাটোৱে বিৰোধী শিবিৰক পৰাজয়ৰ শংকাত ভুগাইছে । সেয়ে বৰপেটাত এজন প্ৰাৰ্থী হোৱাটো কামনা কৰিছে বিৰোধী শিবিৰে ।

অখিল গগৈৰ এই প্ৰস্তাৱ কংগ্ৰেছে কিমান গুৰুত্ব দিয়ে সেয়া এতিয়া লক্ষ্যণীয় হ’ব ৷ অৱশ্যে মনোনয়ন প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পাচত নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰাৰ্থী ঘোষিত হোৱাৰ পাচত বিৰোধীয়ে এজনকে মুকলিকৈ প্ৰাৰ্থী ঘোষণা কৰিব পাৰে নে নোৱাৰে সেয়াও লক্ষণীয় বিষয় হ’ব ।

লগতে পঢ়ক : নিৰ্বাচন আহিলেই সুৰাৰ দাম কিয় বাঢ়ে- কোনে কাক সুধিলে এই প্ৰশ্ন ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.