ETV Bharat / state

এয়াই প্ৰকৃত অসমীয়াগিৰি: মাত্ৰ ২০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি আজি লাখপতি প্ৰণৱ গগৈ - Success story of a panwala

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 5:31 PM IST

Updated : May 21, 2024, 8:31 PM IST

Inspirational journey of a Panwala: 'যত্ন কৰিলে ৰত্ন পায়' - সেই কথা প্ৰমাণ কৰি দেখুৱাইছে এজন অসমীয়া ব্যক্তিয়ে । সাধাৰণ এখন পাণ দোকানৰ যোগেদি অকল্পনীয় উপাৰ্জন । ক'ত আছে এই বিশেষ পাণ দোকানখন । চাওক আমাৰ এক বিশেষ প্ৰতিবেদন...

inspirational journey of a Panwala
Success story of a panwala (ETV Bharat Assam)
এজন অসমীয়াৰ প্ৰকৃত অসমীয়াগিৰি (ETV Bharat Assam)

গুৱাহাটী, ২১ মে': দেখাত এখন সাধাৰণ পাণ দোকান । কিন্তু এই পাণ দোকানখনৰ যোগেদি হোৱা উপাৰ্জন দেখিলে আপুনিও আচৰিত হৈ পৰিব । কাৰণ এখন পাণ দোকানৰ পৰা এনে উপাৰ্জন হ'ব পাৰে বুলি স্বাভাৱিকতে কোনেও কল্পনা কৰিব নোৱাৰে । কিন্তু কল্পনা কৰিব নোৱাৰিলেও ইয়াক বাস্তৱত পৰিণত কৰিছে এজন অসমীয়া ব্যক্তিয়ে ।

‘‘যত্ন কৰিলে ৰত্ন পায়’’ - সেই কথা প্ৰমাণ কৰি দেখুৱাইছে এই ব্যক্তিগৰাকীয়ে । দৈনিক তিনি হাজাৰৰো অধিক পাণ বিক্ৰী হোৱা এই পাণ দোকানখনত আছে ২০ টকা মূল্যৰ পৰা ৫০০ টকা পৰ্যন্ত পাণ । এই বিক্ৰীৰ পৰা হয়তো আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে উপাৰ্জনৰ দিশটো । পিছে এই বিশেষ পাণ দোকানখন ক'ত আছে । স্বাভাৱিকতে আপোনাৰ মনলৈ এই প্ৰশ্ন আহিছে ।

এই বিশেষ পাণ দোকানখন আছে গুৱাহাটী লখৰাত । পাণৰ প্ৰতি দুৰ্বলতা থকা সকলে এই দোকানখন ভালদৰে চিনি পায় । কাৰণ গুৱাহাটীৰেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে এই দোকানখন বিশেষভাৱে পৰিচিত । কিবা কামত গুৱাহাটীলৈ আহিলেই পাণ খাই ভালপোৱা সকলৰ আগমন ঘটে দোকানখনলৈ । আনকি দোকানখনলৈ পাণৰ সোৱাদ ল'বলৈ আহে বিভিন্ন ক্ষেত্ৰৰ সমাজৰ প্ৰতিষ্ঠিত লোকো ।

লগতে পঢ়ক: কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই - Assam HS Result 2024

জুবিন গাৰ্গৰ পৰা শিৱ থাপালৈ বহু নামী-দামী শিল্পী তথা খেলুৱৈৰ আগমন ঘটে দোকানখনলৈ । সকলো সময়তে পাণৰ ৰসিকৰ ভিৰ পৰিলক্ষিত হোৱা দোকানখৰ আঁৰত আছে এজন অসমীয়াৰ বিশেষ শ্ৰম । নাম তেওঁৰ প্ৰণৱ গগৈ ।

১৯৯৫ চনত মাকে দিয়া দুহেজাৰ টকা হাতত লৈ শিৱসাগৰৰ পৰা গুৱাহাটীলৈ চাকৰিৰ সন্ধানত আহিছিল প্ৰণৱ গগৈ । কিন্তু চাকৰি নাপাই বিভিন্ন সৰু-সুৰা কাম কৰিবলৈ বাধ্য হয় যদিও ক'তো তেওঁ সন্তুষ্টি নাপালে । অৱশেষত ১৯৯৭ চনত দুহেজাৰ টকা মূলধন হিচাপে লৈ লখৰাত আৰম্ভ কৰে এখন পাণ দোকান ।

স্বাভাৱিকতে পাণৰ ব্যৱসায়টো অনা-অসমীয়াৰ লোকেই বেছিকৈ কৰে । যাৰ বাবে প্ৰথম অৱস্থাত তেওঁ কিছু সমস্যাৰ সন্মুখীন হৈছিল । বহুজনে কিছু ইতিকিঙো কৰিছিল । কিন্তু প্ৰণৱ গগৈয়ে সেইবোৰলৈ মন নিদি কিদৰে ভাল পাণ বনাব পাৰি তাত মনোযোগ দিলে । আনকি তেওঁ নিজৰ কামটো ভালদৰে কৰাৰ বাবে আনৰ পৰা প্ৰশিক্ষণো লয় । কামটো ভালদৰে শিকি তাৰ পিছত আৰম্ভ কৰিলে ব্যৱসায় ।

লগতে পঢ়ক: চাকৰিয়েই শেষ আশা নহয়; নিমকী বেচিও থিয় দিব পাৰি নিজৰ ভৰিত; গীতাঞ্জলি-শিৱানীয়ে দেখুৱাই দিলে - Self reliant Business women

নিজৰ প্ৰতি থকা বিশ্বাসেৰে পাণ দোকানখন আৰম্ভ কৰি প্ৰণৱ গগৈয়ে আৰু পিছলৈ ঘূৰি চাবলগীয়া নহ'ল । মানবিশিষ্ট পাণ বনোৱাৰ লগতে ভদ্ৰ আৰু অমায়িক স্বভাৱৰ বাবে অতি কম সময়ৰ ভিতৰতে তেওঁ সফলতাৰ দিশে আগুৱাই গ'ল । আজি তেওঁ এজন সফল ব্যৱসায়ী । হ'ব পাৰে পাণ দোকান, কিন্তু কোনো চৰকাৰী চাকৰিয়ে তেওঁৰ আয়ক ফেৰ মাৰিব নোৱাৰে ।

দেখাত সাধাৰণ যেন লগা পাণ দোকানখনৰ যোগেদি তেওঁ গুৱাহাটী মহানগৰীত মাটি-বাৰী কৰিবলৈ সক্ষম হৈছে । এক বৈভৱশালী জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে । নিজৰ সন্তানক ইঞ্জিনীয়াৰিঙৰ শিক্ষা দিবলৈও সক্ষম হৈছে । তদুপৰি এই পাণ দোকানখনৰ যোগেদিয়েই প্ৰণৱ গগৈয়ে আন চাৰিজন যুৱকক সংস্থাপন দিছে ।

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা যুৱচামৰ বাবে প্ৰণৱ গগৈ নিদৰ্শন স্বৰূপ । প্ৰকৃত অসমীয়াগিৰি কাক কয় সেয়া প্ৰণৱ গগৈয়ে কাৰ্যতঃ দেখুৱাই দিছে ।

লগতে পঢ়ক: মন মেলিলেই সকলো সম্ভৱ; নিজ গৃহতেই স্ব-নিয়োজনৰ বাট মোকলাব পৰে মহিলাই - Self Reliant Woman

লগতে পঢ়ক: ২০ টকাতে ঘৰুৱা এসাঁজ ভাতৰ জুতি ক'ত ল'ব ? - Lunch at a lower price

Last Updated : May 21, 2024, 8:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.