ETV Bharat / state

মন মেলিলেই সকলো সম্ভৱ; নিজ গৃহতেই স্ব-নিয়োজনৰ বাট মোকলাব পৰে মহিলাই - Self Reliant Woman

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 9:14 PM IST

SELF SUFFICIENT Woman: গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ ক্ষেত্ৰত পশু-পালনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । পাকঘৰতে সোমাই নাথাকি পৰিয়ালৰ আবদাল মাৰিও স্বাৱলম্বিতাৰ বাট বুলিছে এগৰাকী গৃহিণীয়ে । পিছে কোন এইগৰাকী উদ্যমী মহিলা ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

Self Reliant Woman
পশু-পালনেৰে স্বাৱলম্বী হ'ব পাৰে মহিলাও (ETV Bharat Assam)

পশু-পালনেৰে স্বাৱলম্বী হ'ব পাৰে মহিলাও (ETV Bharat Assam)

বিশ্বনাথ, ১৭ মে': কেৱল পাকঘৰতে সীমাৱদ্ধ নহয় মহিলা । মহিলাও হ'ব পাৰে স্বাৱলম্বী । পৰিয়ালৰ বাবে কৰিব পাৰে জীৱিকাৰ সন্ধান । গ্ৰামাঞ্চলৰ মহিলা বুলিলেই সাধাৰণতে সকলোৱে ধাৰণা কৰে যে পাকঘৰৰ সমস্ত দায়িত্ব লৈ পৰিয়ালৰ আবদাল মাৰি আজৰি নোপোৱা এগৰাকী গৃহিণী । কিন্তু, পৰিয়ালৰ সকলো আবদাল মাৰিও স্বাৱলম্বী হৈ পৰিয়ালৰ বাবে জীৱিকাৰ সন্ধান কৰিব পাৰে এগৰাকী মহিলাই ।

স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন প্ৰণামী শইকীয়া দেৱী । জীৱিকা সখীৰ পৰা বুলিছে স্বাৱলম্বিতাৰ বাট । হয় ঘৰৰ সমস্ত আবদাল মৰাৰ লগতে পশুপালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে বিশ্বনাথৰ সাকোমঠা উন্নয়ন খণ্ডৰ প্ৰণামী শইকীয়া দেৱীয়ে । এটা আত্মসহায়ক গোটৰ এগৰাকী সদস্যা প্ৰণামীয়ে প্ৰথমে ৫১ হাজাৰ টকা ঋণ লৈ আৰম্ভ কৰিছিল উন্নত প্ৰজাতিৰ 'লেয়াৰ' নামৰ কুকুৰা পালন । ইয়াৰ পাছতে গাহৰি ফাৰ্ম আদিও আৰম্ভ কৰে উদ্যমী মহিলাগৰাকীয়ে ।

ইফালে প্ৰণামী দেৱীয়ে একমাত্ৰ কুকুৰা পালনতে ব্যস্ত নাথাকি নিজৰ ঘৰত বিভিন্ন ধৰণৰ গহণা তৈয়াৰ কৰি অনলাইন যোগে বিক্ৰী কৰি আহিছে । তদুপৰি ঘৰতে প্ৰণামি দেৱীয়ে এটা বিভিন্ন সামাজিক অনুষ্ঠানত ব্যৱহৃত প্লেট আদি তৈয়াৰ কৰা মেচিন আনি আৰম্ভ কৰিছে তামোলৰ ঢকুৱাৰে প্লেট আদিৰ দৰে বিভিন্ন সামগ্ৰীৰ ব্যৱসায় ।

উদ্যমী মহিলা প্ৰণামী শইকীয়া দেৱীয়ে অন্য মহিলাসকলকো তেওঁৰ দৰে ওলাই আহি স্ব-নিৰ্ভৰ হোৱাৰ বাবে আহ্বান জনাই । প্ৰতিগৰাকী মহিলাৰ আদৰ্শ হৈ পৰিছে প্ৰণামী শইকীয়া দেৱী । প্ৰণামী দেৱী শইকীয়াৰ এই আদৰ্শই বাট দেখুৱাব আন বহু মহিলাক ।

লগতে পঢ়ক: চৰকাৰী সাহায্য় অবিহনেই স্বাৱলম্বী নিৰ্মালি বৰদলৈ পূজাৰী - Self Reliant Woman

এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self Reliant Weaver In Golaghat

তাঁতশালক জীৱিকাৰ সমল হিচাপে লৈ স্বাৱলম্বিতাৰ বাট দেখুৱাইছে বিৰাজ গগৈয়ে - Handloom Industry In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.