ETV Bharat / state

চৰকাৰী সাহায্য় অবিহনেই স্বাৱলম্বী নিৰ্মালি বৰদলৈ পূজাৰী - Self reliant woman

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 6:49 PM IST

Self reliant woman: যি সময়ত কৰ্ম সংস্থাপন বিচাৰি একাংশ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে চিৰা, সান্দহ, পিঠাগুড়ি, আচাৰ,খাৰলি,কাহুদি আদি প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে আন দহগৰাকী মহিলাক কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হৈছে গোলাঘাট জিলাৰ বাদুলিপাৰৰ নিৰ্মালি বৰদলৈ পূজাৰীয়ে ।

Self reliant woman
উদ্য়মী মহিলা
উদ্য়মী মহিলা

গোলাঘাট, ২৩ এপ্ৰিল: সময় আৰু পৰিস্থিতিয়ে জীৱন-জীৱিকা সলনি কৰিবলৈ বাধ্য় কৰে । সৰহ সংখ্য়কেই বিচাৰে স্বাভিমানেৰে জীয়াই থকাৰ পথ । এই পথে কেৱল স্বাৱলম্বিতাৰ সন্ধান নিদিয়ে, সমান্তৰালভাৱে আন দহজনৰ বাবে মুকলি কৰে উপাৰ্জনৰ ক্ষেত্ৰ । তেনে এগৰাকী উদ্য়মী মহিলা হৈছে গোলাঘাট জিলাৰ বাদুলিপাৰৰ নিৰ্মালি বৰদলৈ পূজাৰী ।

এইগৰাকী মহিলাই নিজৰ প্ৰচেষ্টাত নিৰ্মালি ফুড প্ৰডাক্ট নামৰ এটি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হোৱাৰ লগতে কৰ্ম সংস্থাপন দিছে আন কুৰি গৰাকী মহিলাক । ২০১৯ তে পৰীক্ষামূলকভাৱে নিৰ্মালি বৰদলৈ পূজাৰীয়ে গোলাঘাট জিলাৰ বাদুলিপাৰৰ নিজা ঘৰত আৰম্ভ কৰিছিল নিৰ্মালি ফুড প্ৰডাক্ট নামৰ এই ক্ষুদ্ৰ উদ্যোগটো । লাহে লাহে দেখিলে ইয়াৰ সম্ভাৱনীয়তাৰ দিশ । তাৰ পাচৰে পৰা যেন উভতি চাবলগীয়া নহ'ল নিৰ্মালি বৰদলৈ পূজাৰীৰ ।

লাহে লাহে ক্ষুদ্ৰ উদ্যোগটোৰ পৰিসৰ বৃদ্ধি হ'বলৈ ধৰিলে । নিৰ্মালি ফুড প্ৰডাক্তৰ উৎপাদিত খাদ্য সম্ভাৰ এতিয়া ৰাজ্যৰ কেইবাখনো জিলালৈ প্ৰেৰণ কৰি আছে । চিৰা, সান্দহ, পিঠাগুড়ি, কোমল চাউল,বুটৰ গুৰি, বিভিন্ন ফল-মূলৰ পৰা তৈয়াৰ কৰা আচাৰ,খাৰলি,কাহুদি এতিয়া জিলাখনৰ প্ৰায়ভাগ লোকৰে মাজত পৰিচিত । উৎকৃষ্ট ব্ৰেণ্ড হিচাপে "নিৰ্মালি ফুড প্ৰডাক্ট" ৰ গৰাকী নিৰ্মালি বৰদলৈ পূজাৰীয়ে চৰকাৰী সাহায্য় অবিহনেই লাভ কৰিছে সাফল্য় ।

তেওঁ এই প্ৰসংগত কয় যে স্থানীয়ভাৱে বিভিন্ন প্ৰজাতিৰ ধান সংগ্ৰহ কৰি ঢেঁকীত খুন্দি প্ৰস্তুত কৰা নিৰ্মালি ফুড প্ৰডাক্তৰ ৰুচি সন্মত খাদ্য সামগ্ৰীয়ে এতিয়া জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানলৈকে তেওঁ চৰকাৰৰ পৰা পোৱা নাই কোনো উদগনি । আনকি গোলাঘাট তথা উদ্যোগ বিভাগে দিয়া নাই উৎসাহ । যদিহে চৰকাৰৰ পৰা তেওঁ কোনো সাহায্য় লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে ইয়াৰ পৰিসৰ ৰাজ্য়ৰ আন ঠাইলৈকো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব বুলি কয় ।

লগতে পঢ়ক:এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self Reliant Weaver In Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.