ETV Bharat / state

চাকৰিয়েই শেষ আশা নহয়; নিমকী বেচিও থিয় দিব পাৰি নিজৰ ভৰিত; গীতাঞ্জলি-শিৱানীয়ে দেখুৱাই দিলে - Self reliant Business women

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 7:24 PM IST

IDEAL LADIES OF DIBRUGARH: জীৱন-জীৱিকাৰ বাবে মাথো এটি চাকৰিয়েই শেষ আশা হ’ব নোৱাৰে ৷ এই কথা সাৰোগত কৰি ডিব্ৰুগড়ৰ দুই যুৱতীয়ে বাছি ল’লে আত্মনিৰ্ভৰশীল হোৱাৰ পথ ৷ নিচেই কম মূলধনেৰে ব্যৱসায় আৰম্ভ কৰা দুই যুৱতীয়ে পিছলৈ আৰু চাবলগীয়া হোৱা নাই ঘূৰি ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

SELF RELIANT BUSINESS WOMEN
বহিৰাজ্যতো সমাদৰ লাভ গীতাঞ্জলি-শিৱানীয়ে প্ৰস্তুত কৰা নিমকীৰ (Etv Bharat Assam)

গীতাঞ্জলি-শিৱানীৰ ক্ষুদ্ৰ উদ্যোগ (ETV Bharat Assam)

মৰাণ, 14 মে’: ডিব্ৰুগড় চহৰৰ দুই যুৱতীয়ে দেখুৱাইছে কৰ্ম নিদৰ্শন । ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা সময়ত চহৰখনৰ মিলন নগৰৰ দুই যুৱতীৰ কাম-কাজৰ বাবে চৰ্চা লাভ কৰা দেখা গৈছে ।

এই যুৱতী দুগৰাকীৰ নাম ক্ৰমে গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়া । পৰিয়ালৰ আৰ্থিক সমস্যা দূৰ কৰিবলৈ দুই যুৱতীয়ে মাত্ৰ ৯০ টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰি বৰ্তমানে মাহিলী উপাৰ্জন কৰে প্ৰায় দুই লাখকৈ টকা ।

উল্লেখ্য যে, ২০১৯ চনৰ ৩ মাৰ্চত দুই যুৱতীয়ে আৰম্ভ কৰিছিল "চিনাকি ফুড প্ৰডাক্ট" নামৰ এটি সৰু ব্যৱসায় । দুয়োগৰাকীয়ে ঘৰতে আৰম্ভ কৰিছিল নিমকী প্ৰস্তুত কৰা এটি কাৰখানা ।

মাতৃ মিনতি শইকীয়া আৰু মোমায়েক অজয় ৰাজখোৱাৰ প্ৰবল উৎসাহ আৰু সাহসৰ বাবে আজি এই দুইগৰাকী যুৱতীয়ে তেওঁলোকৰ ব্যৱসায় দুগুণে বৃদ্ধি কৰি নতুন প্ৰজন্মৰ বাবে এক পথ প্ৰদৰ্শক হিচাপে পৰিচয় দিছে ।

প্ৰথমাৱস্থাত নিজে দোকানে দোকানে নিমকীৰ যোগান ধৰিছিল দুয়ো যুৱতীয়ে ৷ উচ্চ শিক্ষিত গীতাঞ্জলি আৰু শিৱানীয়ে এতিয়া নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ সাতগৰাকী যুৱক-যুৱতীক ব্যৱসায়টোৰ জৰিয়তে কৰ্মসংস্থাপন প্ৰদান কৰিছে । ডিব্ৰুগড়ৰ বাহিৰেও আন আন জিলাতো তেওঁলোকৰ নিমকীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ।

কৰ্মসূত্ৰে দিল্লী, কলিকতা আৰু বিহাৰত থকা অসমৰ প্ৰায়সংখ্যক ব্যক্তিয়ে কুৰিয়াৰযোগে সংগ্ৰহ কৰিছে যুৱতীদ্বয়ে প্ৰস্তুত কৰা নিমকী ৷ গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়াৰ এই কৰ্ম সংস্কৃতিক উদ্যোগ বিভাগে বিভিন্ন ধৰণৰে সহযোগিতা আগবঢ়াই তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিছে । সাহস, একাগ্ৰতা আৰু ধৈৰ্য থাকিলে সকলো কামেই যে সফলভাৱে কৰিব পাৰি, সেই কথা প্ৰমাণ কৰি দেখুৱাইছে ডিব্ৰুগড়ৰ যুৱতীদ্বয়ে ৷

লগতে পঢ়ক: এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self Reliant Weaver In Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.