ETV Bharat / state

২০ টকাতে ঘৰুৱা এসাঁজ ভাতৰ জুতি ক'ত ল'ব ? - Lunch at a lower price

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 10:53 PM IST

Lunch at a lower price in Guwahati: গুৱাহাটীলৈ আহিলে আপুনি ২০ টকীয়া ভাতৰ সোৱাদ ল'ব বিচাৰে নেকি ? গুৱাহাটীৰ ক'ত পোৱা যায় ২০ টকীয়া ভাত জানিবলৈ পঢ়ক এই প্ৰতিবেদন...
A woman sells lunch at a lower price in Ulubari Guwahati
২০ টকাতে ঘৰুৱা এসাঁজ ভাতৰ জুটি ক'ত ল'ব ? (ETV Bharat Assam)

২০ টকাতে ঘৰুৱা এসাঁজ ভাতৰ জুটি ক'ত ল'ব ? (ETV Bharat Assam)

গুৱাহাটী,১১ মে': কোনে ভাবে কাৰ বাবে ? এসাঁজ খোৱাৰ কথা আন্তৰিকতাৰে কোনে সোধে ? পিছে কংক্ৰিটৰ মহানগৰীতো জীয়াই আছে মানৱতা । মাত্ৰ ২০ টকাত এসাঁজ ভাত । মহঙা দিনত আন্তৰিকতাৰ এষাৰ মাত । বৰ্তমান সময়ত বজাৰত প্ৰতিবিধ সামগ্ৰীৰে জুই চাই দাম । তেনে পৰিস্থিতিত আপুনি এখন হোটেলত নিৰামিষ ভাত এসাঁজ খাবলৈ ৫০-১০০ টকা ভৰিবলগীয়া হয় । কিন্তু গুৱাহাটীত এনেকুৱা এখন হোটেল আছে য'ত আপুনি ২০ টকাতে জুতি ল'ব পাৰিব এসাঁজ নিৰামিষ ভাতৰ ।

গুৱাহাটীৰ উলুবাৰীৰ এটা বিশেষ গলি । এগৰাকী বিশেষ মহিলা । গুৱাহাটী মহানগৰীৰ উলুবাৰী এই বিশেষ গলিটোত বিশেষ মহিলাগৰাকীৰ আছে এখন বিশেষ হোটেল । উদ্যমী মহিলাগৰাকীৰ প্ৰচেষ্টাত আৰম্ভ হৈছে এই হোটেলখন । এই হোটেল খনত ২০ টকীয়া ভাতৰ সোৱাদ ল'বলৈ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আহে গ্ৰাহক । মহানগৰীৰ উলুবাৰী জানু দত্ত নামৰ মহিলাগৰাকীয়ে লকডাউনৰ ২ বছৰ আগৰে পৰা ২০ টকীয়া ভাত বিক্ৰী কৰি আহিছিল। প্ৰথমে তেওঁ বিৰুবাৰী শ্মশান বজাৰত বিক্ৰী কৰিছিল ২০ টকীয়া ভাত ।

২০ টকাত ভাত বিক্ৰী কৰাৰ বাবে তেওঁৰ কাষত থকা হোটেলবোৰে বেয়া পোৱাৰ লগতে জি এম চি লোকেও সমস্যা কৰিছিল ৷ ইয়াৰ পিছত তেওঁ উলুবাৰী উৰণ সেঁতুৰ তলতো বিক্ৰী কৰিছিল কিন্তু তাতো একে সমস্যাৰ সন্মুখীন হৈছিল । তাৰ পিছতে তেওঁ ঘৰতে আৰম্ভ কৰে দোকানখনৰ। উলুবাৰী মৌজাদাৰ অফিচৰ বিপৰীত দিশে তেওঁ নিজৰ ঘৰৰ চিৰিৰ তলত দোকানখন আৰম্ভ কৰে ।

তেওঁৰ খাদ্য সুস্বাদু আৰু স্বাস্থ্যসন্মত হোৱাৰ বাবে দিনৰ ১১.৩০ বজাৰ পৰা ৪ বজালৈ দূৰ-দূৰণিৰ পৰা দুপৰীয়াৰ ভাতসাঁজৰ সোৱাদ ল'বলৈ শাৰী পাতে গ্ৰাহকে । পুৱা ৪ বজাৰ পৰাই তেওঁ দিনটোৰ বাবে ঘৰতে খাদ্য প্ৰস্তুত কৰে । ২০ টকাৰ নিৰামিষ ভাতৰ উপৰিও বিভিন্ন প্ৰকাৰৰ মাছৰ ব্যঞ্জন, মাংস, পনীৰ ব্যঞ্জন আন হোটেলৰ তুলনাত কম মূল্যত পোৱা যায় ।

মূল্যবৃদ্ধিয়ে কোঙা কৰা এইহেন দিনটো জানু দত্তৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । কিয়নো যিসময়ত গুৱাহাটী মহানগৰীত এসাঁজ ভাতৰ বাবে একাংশ লোকে হাহাকাৰ কৰি ফুৰিবলগীয়া হয় তেনে সময়ত মানুহৰ কথা চিন্তা কৰি ভোকৰ ভাতমুঠি যোগান ধৰাতো এক মহান মানৱ সেৱাৰ কাম ।

লগতে পঢ়ক: বৃ্দ্ধ পিতৃ-মাতৃৰ প্ৰতি অনন্য সেৱা এগৰাকী যুৱকৰ - Humanity Of A Young Man In Jonai
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.