ETV Bharat / state

বৃ্দ্ধ পিতৃ-মাতৃৰ প্ৰতি অনন্য সেৱা এগৰাকী যুৱকৰ - Humanity of a young man in Jonai

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:32 PM IST

Humanity of a young man in Jonai: ডিজিটেল পৃথিৱীখনত পিতৃ-মাতৃ প্ৰতি সন্তানৰ দায়িত্ব আৰু শ্ৰদ্ধাৰ পৰিসীমা কিমান সেই সন্দৰ্ভত হয়তো সকলোৱেই জ্ঞাত । তাৰোপৰি বৰ্তমান সময়ত পিতৃ-মাতৃ দিৱসৰ নামত সামাজিক মাধ্যমতে সীমাবদ্ধ হৈ পৰে পিতৃ-মাতৃৰ প্ৰতি থকা স্নেহ-শ্ৰদ্ধা-ভক্তি । ইয়াৰ মাজতে চৰ্চালৈ আহিছে এখন গাঁৱৰ সকলো বৃদ্ধকে পিতৃ-মাতৃ হিচাপে গণ্য কৰি সেৱা আগবঢ়োৱা এজন যুৱক । এই যুৱকজনৰ বিষয়ে জানিবলৈ চাওক এই প্ৰতিবেদন ।

Humanity of a young man in Jonai
বৃ্দ্ধ পিতৃ-মাতৃৰ প্ৰতি অনন্য সেৱা এগৰাকী যুৱকৰ (ETV Bharat Assam)

বৃ্দ্ধ পিতৃ-মাতৃৰ প্ৰতি অনন্য সেৱা এগৰাকী যুৱকৰ (ETV Bharat Assam)

জোনাই,৯ মে': মানৱতা এতিয়াও জীয়াই আছে । এতিয়াও আছে বদান্য়তা । ম্লান পৰা নাই পিতৃ-মাতৃৰ প্ৰতি ভক্তি । যিসময়ত পিতৃ-মাতৃক বৃদ্ধাৱস্থাত অকলে এৰি সন্তানে ভোগ-বিলাসত মগন হৈ থাকে । বৃদ্ধাৱস্থাত একমাত্ৰ আশ্ৰয়স্থল হৈ পৰে বৃদ্ধাশ্ৰম । সামাজিক মাধ্যমতে সীমাৱদ্ধ হৈ থাকে পিতৃ-মাতৃৰ প্ৰতি থকা দায়ৱদ্ধতা । তেনে সময়ত এগৰাকী যুৱকৰ বদান্যতাই দেখুৱাইছে নিদৰ্শন ।

যুৱকজনৰ নাম দীপক দলে । ডিজিটেল পৃথিৱীৰ পৰা পৃথক দীপক দলেয়ে নিজ পিতৃ-মাতৃৰ দৰে গাঁওখনৰ প্ৰতিগৰাকী বৃদ্ধ লোককে সন্তানৰ দৰে মৰম, স্নেহ দায়িত্ব আৰু শ্ৰদ্ধাৰে বিগত বহু বছৰ ধৰি সেৱা আগবঢ়াই আহিছে । য’ত নাই কোনো কৃত্ৰিমতা, নাই কোনো ভেজাল । জোনাইৰ উচ্চ শিক্ষিত যুৱক দীপক দলেয়ে প্ৰথমে অকলেই আৰম্ভ কৰিছিল এই কাম । গাঁওখনৰ বৃদ্ধালোকসকলক সেৱা শুশ্ৰূষা কৰা স্বচ্ছ ছবিখন দেখি সময়ৰ সোঁতত দীপক দলেৰ এই যাত্ৰাত সহায়ক হিচাপে সংগ দিয়ে তেওঁৰ বন্ধু বৰ্গইও ।

বিগত সময়ৰ দৰে বৃহস্পতিবাৰেও দেখা গ’ল একে সুলভ ছবি । দীপক দলে আৰু তেওঁৰ বন্ধু বৰ্গই ব্যস্ত হৈ পৰিল গাঁওখনৰ প্ৰায় শতাধিক পিতৃ-মাতৃ লোকৰ সৈতে । তৃপ্তিৰে এসাঁজ খুৱাই সামাজিকভাৱে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰিলে দীপক দলে আৰু তেওঁৰ বন্ধুবৰ্গই । দীপক দলেৰ এনে ব্যতিক্ৰম মানৱসেৱাৰ বাবে জোনাইৰ বহু গণ্যমান্য ব্যক্তিয়ে একে মুখে ধন্যবাদ জনালে তেওঁক । যান্ত্ৰিকতাই গ্ৰাস কৰা এই সময়ত দীপক দলে ওৰফে টমৰ এই মহানুভৱতা অব্যাহত থাকক পৰৱৰ্তী সময়তো ।

লগতে পঢ়ক: এটা চিচিটিভি ফুটেজ, দেখিলে কঁপি উঠিব আপোনাৰো হৃদয় - Guwahati Crime News
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.