এটা চিচিটিভি ফুটেজ, দেখিলে কঁপি উঠিব আপোনাৰো হৃদয় - Guwahati crime news

By ETV Bharat Assamese Team

Published : May 9, 2024, 5:32 PM IST

thumbnail
মহানগৰীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা ঘটনা (ETV BHARAT ASSAM)

গুৱাহাটী, ৯ মে’ : মহানগৰীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা ঘটনা । পিতৃক প্ৰহাৰ কৰি ৰাজপথত পেলাই থৈ গ’ল কুলাংগাৰ পুত্ৰই ৷ গুৱাহাটীৰ জ্যোতিনগৰৰ লুইত পথত সংঘটিত হৈছে এই ঘটনা । জ্যোতিনগৰৰ বাসিন্দা প্ৰবাল দাস নামৰ লোকজনে পিতৃ প্ৰভাত দাসক ৰাজহুৱা স্থানত কাঠেৰেভাৱে প্ৰহাৰ কৰিছিল । ইয়াৰ পিচতে সমগ্ৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷

ইয়াৰ পিচতে, চানমাৰি আৰক্ষীয়ে প্ৰবাল দাসক নিশাই আটক কৰে । যদিও পিতৃৰ কাতৰ অনুৰোধত মাৰপিট কৰা কুলাংগাৰ পুত্ৰ প্ৰবাল দাসক যাবলৈ দিলে চানমাৰি আৰক্ষীয়ে । আৰক্ষীয়ে নিজাববীয়াকৈ জামিনযুক্ত গোচৰত যাবলৈ দিয়ে অভিযুক্ত প্ৰবাল দাসক । জানিব পৰামতে, বুধবাৰে সামান্য কথাতে পিতৃক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল প্ৰবালে ৷ কেমেৰা সন্মুখত "ঘৰুৱা কন্দল" বুলি দাই সৰা মন্তব্য দি পলায়ন কৰিছিল কুলাংগাৰ পুত্ৰই ৷

লগতে পঢ়ক: ডাম্পাৰে খুন্দিয়ালে যাত্ৰীবাহী ৰে’লক - NE Express hit by dumper

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.