দাপোন দ্য মিৰ’ৰ উদ্যোগত খৰ্বকায়সকলৰ মৌলিক নাটক প্ৰদৰ্শন - artist pabitra rabha - ARTIST PABITRA RABHA

🎬 Watch Now: Feature Video

thumbnail
পবিত্ৰ ৰাভাৰ ভাষ্য (etv bharat assam)

By ETV Bharat Entertainment Team

Published : May 20, 2024 at 1:55 PM IST

1 Min Read
Choose ETV Bharat

ওদালগুৰি, ২০ মে’: নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা নাট্য পৰিচালক, অভিনেতা পবিত্ৰ ৰাভাই সমাজৰ অৱহেলিত খৰ্বকায় লোকসকলক এক সুকীয়া পৰিচয় দিয়াৰ লক্ষ্য বান্ধি লৈছে ৷ সেই উদ্দেশ্যৰেই তেওঁ আৰম্ভ কৰে দাপোণ দ্যা মিৰ’ৰ ৷

ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী জলাহ-নভঙাত গঢ়ি তোলা দাপোণ দ্যা মিৰ’ৰ জৰিয়তে ২৫ দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছিল ৷ দেওবাৰে সামৰণি পৰে এই নাট কৰ্মশালাৰ ৷ খৰ্বকায় লোকৰ বসতি অঞ্চলত আমেৰিকাৰ বিশিষ্ট নাট্য নিৰ্দেশক-পৰিচালক ডেনিয়েল এ কেলিন টুৱে ২৫ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰে ৷

দেওবাৰে অভিনেতা আৰু পৰিচালকৰ দ্বাৰা পৰিকল্পিত তিনিখন মৌলিক নাটক ক্ৰমে শূন্য দূৰত্বৰ ছবি, মৰমৰ চম্পা আৰু সাহস প্ৰদৰ্শন কৰা হয় ৰআিজৰ আগত ৷ খৰ্বকায় নাট্যশিল্পীসকলে নাট প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷ এই মৌলিক নাট প্ৰদৰ্শনত দাপোন দ্যা মিৰ’ৰ সঞ্চালক পবিত্ৰ ৰাভা, সংগীত ব্যৱস্থাপক দীপু ৰাভা আদিয়ে সহায়-সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক : নৃত্যশিল্পী বিপুল চন্দ্ৰ দাসলৈ মহানগৰীৰ নৰ্তন কলা নিকেতনৰ বিশেষ সন্মান - Anand Mohan Bhagwati Award 2024

ABOUT THE AUTHOR

With a dedicated team of entertainment reporters in all the state capitals, ETV Bharat brings out the latest trends from fashion and entertainment. ETV Bharat also has a team of specialised experts who exclusively write for the portal. It brings you stories from the silver screen to the mobile screen. It will be your last stop for all your entertainment stories....view details