ডাম্পাৰে খুন্দিয়ালে যাত্ৰীবাহী ৰে’লক - NE Express hit by dumper

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:12 PM IST

thumbnail
ডাম্পাৰে খুন্দিয়ালে যাত্ৰীবাহী ৰে’লত (Etv bharat assam)

নলবাৰী, 8 মে’: নলবাৰীত যাত্ৰীবাহী ৰে’লক খুন্দিয়ালে ডাম্পাৰে ৷ জানিব পৰা মতে, নলবাৰীৰ সন্ধাত চলন্ত এখন ৰে’লত এখন ডাম্পাৰৰ পিছৰ অংশই খুন্দা মাৰি চুঁচৰি যোৱা ঘটনা সংঘটিত হৈছে ৷ সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা তথা ৰে’লখনৰ ভিতৰত থকা যাত্ৰীসকলৰ জীৱন ৰক্ষা পৰে । 

ৰে’লখন নামনিমুৱা নৰ্থ-ইষ্ট এক্সপ্ৰেছ বুলি জানিব পৰা গৈছে ৷ ডাম্পাৰখনৰ নম্বৰ TR 06 1897 । 

উল্লেখযোগ্য যে, নলবাৰীৰ সন্ধাত ৰে’লৱে ট্ৰেক নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল উক্ত ডাম্পাৰখন । ডাম্পাৰখনে খুন্দিয়াই চোঁচৰাই নিয়াত যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । দুপৰীয়া প্ৰায় 2.25 বজাত সংঘটিত হয় এই ঘটনাটো । 

ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । উক্ত ঘটনাৰ পিছতে ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হয় ।

লগতে পঢ়ক: মৰিয়নীত বস্তাত ভৰাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ - Deadbody Recovered

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.