ETV Bharat / sports

বিৰাট কোহলী অবিহনেই টী 20 বিশ্বকাপৰ বাবে অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ - T20 WORLD CUP

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 3:58 PM IST

Indian Team Training Session : টী-২০ বিশ্বকাপৰ বাবে অনুশীলন আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ ৷ অনুশীলন আৰম্ভ কৰিলেও দলটোত এতিয়ালৈকে যোগদান কৰা নাই তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৷ বাংলাদেশৰ বিৰুদ্ধে 1 জুনত হ’বলগীয়া ৱাৰ্মআপ মেচখনতো বিৰাট কোহলীক দেখা পোৱাৰ আশা ক্ষীণ বুলি অনুমান কৰা হৈছে ৷

T20 world cup 2024
টীম ইণ্ডিয়াৰ অনুশীলন আৰম্ভ (Source : IANS photos)

স্প’ৰ্টছ ডেস্ক, 29 মে’ : ভাৰতীয় ক্ৰিকেট দলটোৱে টী 20 বিশ্বকাপৰ বাবে মঙলবাৰৰে পৰা আৰম্ভ কৰিছে অনুশীলন ৷ এই অনুশীলনত উপস্থিত নাই তাৰকা বেটছমেন বিৰাট কোহলী ৷ ইতিমধ্য়ে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে অনুশীলন কৰি থকাৰ এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমছনৰ লগতে দলটোৰ বাকীসকল খেলুৱৈয়ে অনুশীলনত উপস্থিত থকা দেখা গৈছে ৷

ভাৰতীয় দলটোৱে অনুশীলনৰ সময়ত ফুটবল খেলি থকা দেখা গৈছে ৷ কিন্তু কোনো এজন খেলুৱৈকে ক্ৰিকেট খেলি থকা ভিডিঅ’টোত দেখা নগ’ল ৷ কিন্তু বৰ্তমানলৈকে দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলী উপস্থিত হোৱা নাই নিউয়ৰ্কত ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কোহলীয়ে 1 জুনত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ৱাৰ্মআপ মেচখনত অংশগ্ৰহণ নকৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা ৫ বেটছমেন; তালিকাত থকা ভাৰতীয় কোন ? - T20 World Cup 2024

উল্লেখ্য যে, মঙলবাৰে পত্নী অনুস্কাৰ সৈতে বিৰাটক ডিনাৰত অংশগ্ৰহণ কৰাৰ সময়তে মুম্বাইত দেখা গৈছিল ৷ একাংশ ৰিপ’ৰ্টত পূৰ্বে উল্লেখ কৰা অনুসৰি, বিৰাট কোহলীয়ে 20 মে’ত নিউয়ৰ্কলৈ যাত্ৰা কৰি 31 মে’ত অনুশীলনত অংশগ্ৰহণ কৰাৰ কথা ৷

বি চি চি আয়ে প্ৰকাশ কৰা এই ভিডিঅ’ত দলটোৰ অন্যতম প্ৰশিক্ষক সোহম দেশাইয়ে দলটোক প্ৰশিক্ষণ প্ৰদান কৰি থকা দেখা গৈছে ৷ প্ৰশিক্ষকগৰাকীয়ে কয় যে, এই অনুশীলন মাথো দৈনন্দিন অভ্যাস আছিল ৷ যিয়ে খেলুৱৈসকলক নিয়মীয়া অনুশীলনৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব ৷ তেওঁলোকে অনুশীলনৰ প্ৰথম দিনটোত ক্ৰিকেট নেখেলাৰ কথাও প্ৰশিক্ষকগৰাকীয়ে ব্যক্ত কৰে ৷

ভাৰতীয় ক্ৰিকেট দলটোৰ সহ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই নিউয়ৰ্কত উপস্থিত হৈ যথেষ্ঠ আনন্দিত বুলি প্ৰকাশ কৰে ৷ আন দুগৰাকী সদস্য ক্ৰমে ৰবীন্দ্ৰ জাদেজা আৰু সূৰ্যকুমাৰ যাদৱেও নিউয়ৰ্কত উপস্থিত হৈ সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে ৷

টী 20 বিশ্বকাপৰ কাৰ্যসূচী অনুসৰি, ভাৰতে 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব ৷ পৰৱৰ্তী সময়ত ক্ৰমে পাকিস্তানৰ বিৰুদ্ধে 9 জুনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে 12 জুনত আৰু কানাডাৰ বিৰুদ্ধে 15 জুনত গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰতে অংশগ্ৰহণ কৰিব ৷ দলটোৰ প্ৰথম তিনিখন মেচ নিউয়ৰ্কত অনুষ্ঠিত হোৱাৰ বিপৰীতে অন্তিমখন মেচ ফ্লৰিডাৰ লডাৰহিলত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে নিউয়ৰ্ক পালেগৈ হাৰ্দিক পাণ্ডিয়া - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.