ETV Bharat / sports

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে নিউয়ৰ্ক পালেগৈ হাৰ্দিক পাণ্ডিয়া - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:02 PM IST

HARDIK PANDYA REACHED NEW YORK : আই পি এলৰ পিছত টী 20 বিশ্বকাপৰ জ্বৰত ক্ৰিকেট অনুৰাগীসকল ৷ 1 জুনত বাংলাদেশৰ বিৰুদ্ধে ৱাৰ্মআপ মেচত অংশগ্ৰহণ কৰি ভাৰতীয় ক্ৰিকেট দলে আৰম্ভ কৰিব টী 20 বিশ্বকাপৰ যাত্ৰা ৷ যাৰ বাবে ইতিমধ্যে নিউয়ৰ্কত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক হাৰ্দিক পাণ্ডিয়া ৷

T20 WORLD CUP 2024
হাৰ্দিক পাণ্ডিয়া নিউয়ৰ্কত উপস্থিত (Source : ANI)

স্প’ৰ্টছ ডেস্ক, 29 মে’: নিউয়ৰ্কত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক হাৰ্দিক পাণ্ডিয়া ৷ টী 20 বিশ্বকাপত অংশগ্ৰহণৰ উদ্দেশ্যে বিগত 25 মে’ত ৰাওনা হোৱা দলটোত নাছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকী ৷ তাৰ সলনি ক্ৰিকেটাৰগৰাকীয়ে লণ্ডনত অৱসৰৰ সময় উদযাপন কৰি আছিল ৷

খেলুৱৈগৰাকীৰ অনুৰাগী তথা সমৰ্থকসকলে কেতিয়ানো তেওঁ নিউয়ৰ্কত উপস্থিত হয় তাক জানিবলৈ আগ্ৰহী হৈ আছিল ৷ অৱশেষত খেলুৱৈগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম পোষ্টযোগে নিউয়ৰ্ক যাত্ৰাৰ বিষয়ে ৰাজহুৱা কৰে ৷ পাণ্ডিয়াই নিজৰ ফটো শ্বেয়াৰ কৰি দেশৰ কৰ্তব্য পালনৰ বাবে উপস্থিত বুলি কেপচনত লিখে ৷

লগতে পঢ়ক: যশস্বী জয়ছোৱালসহ 8 গৰাকী খেলুৱৈ প্ৰথমবাৰলৈ নামিব টি-20 বিশ্বকাপৰ ক্ৰীজত - T20 World Cup 2024

হাৰ্দিক পাণ্ডিয়া ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক আৰু অনুৰাগীয়ে খেলুৱৈগৰাকীৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰে ৷ পাণ্ডিয়াই চলিত আই পি এলৰ ছিজনত চূড়ান্তভাৱে ব্যৰ্থ হোৱা দেখা গৈছিল ৷ পোনতে পাণ্ডিয়াই ৰোহিত শৰ্মাৰ অনুৰাগীৰ দ্বাৰা ট্ৰ’লৰ সন্মুখীন হৈছিল ৷ ইয়াৰ পিছতো খেলুৱৈগৰাকীৰ বেটৰ পৰা ৰাণ ওলোৱাত ব্যৰ্থ হয় আৰু পইণ্ট তালিকাৰ শেষৰ স্থানতে সীমাবদ্ধ হৈ থাকিবলগীয়া হয় ৷ অৱশ্যে বলিঙৰ ক্ষেত্ৰত পাণ্ডিয়াই কিছু উন্নত প্ৰদৰ্শন কৰি কেইটামান উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

চলিত বৰ্ষৰ আই পি এলৰ সমাপ্তিৰ পিছতে খেলুৱৈগৰাকীয়ে অৱসৰৰ সময় কটাবলৈ লণ্ডনলৈ ৰাওনা হৈছিল ৷ ইয়াৰ মাজতে পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ খবৰে সংবাদ চৰ্চা লাভ কৰে ৷

লগতে পঢ়ক: বিবাহ বিচ্ছেদ: হাৰ্দিক-নাতাশাৰ বিচ্ছেদৰ কাহিনীৰে মিল আছে এগৰাকী তাৰকা ফুটবলাৰৰ বিচ্ছেদৰ কাহিনীৰ - Hardik Natasa Divorce Controversy

খেলুৱৈগৰাকীৰ পত্নী নাতাশাই কিছুদিন পূৰ্ব ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা পাণ্ডিয়া উপাধি আঁতৰাই পেলোৱা সকলোৰে দৃষ্টিগোচৰ হৈছিল ৷ পৰৱৰ্তী সময়ত বলীউডৰ অভিনেত্ৰী দিশা পাটানীৰ বয়ফ্ৰেণ্ড হিচাপে পৰিচিত আলেকজেণ্ডাৰৰ সৈতে নাতাশাক একেলগে বহুলোকে প্ৰত্যক্ষ কৰে ৷ দুয়োৰে একেলগে কটোৱা মূহুৰ্তৰ ফটোৰ প্ৰতি লক্ষ্য ৰাখি হাৰ্দিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ খবৰ জুইৰ দৰে বিয়পি পৰে ৷

অৱশ্যে খেলুৱৈগৰাকীয়ে বিবাহ বিচ্ছেদৰ সংক্ৰান্তত বৰ্তমানলৈকে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকী নিউয়ৰ্কত উপস্থিত হৈছে আৰু অনুৰাগীৰ তেওঁৰ ওপৰত বহু আশা আছে ৷

অৱশ্যে এতিয়াও দুৰ্দান্ত ফৰ্মত থকা ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলী আৰু ৰিংকু সিংহ এতিয়াও উপস্থিত হোৱা নাই নিউয়ৰ্কত ৷ দুয়োগৰাকী খেলুৱৈকে বাংলাদেশৰ বিৰুদ্ধে 1 জুনত অনুষ্ঠিত হ’বলগা ৱাৰ্মআপ মেচত দেখা পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ইতিহাসৰ পাঁচ শীৰ্ষ বলাৰ : তালিকাত নাম নাই এজনো ভাৰতীয়ৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.