ETV Bharat / sports

টি-২০ বিশ্বকাপ ইতিহাসৰ পাঁচ শীৰ্ষ বলাৰ : তালিকাত নাম নাই এজনো ভাৰতীয়ৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:19 PM IST

Most Wickets in T20 WC : টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা ৫ জন বলাৰৰ তালিকাত এজনো ভাৰতীয় বলাৰ নাই । এই তালিকাত বাংলাদেশৰ কিংবদন্তি বলাৰ চাকিবে শীৰ্ষস্থান দখল কৰিছে ।

Most Wickets in T20 WC
লাচিথ মালিংগা (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৮ মে' : আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে কাউণ্ট ডাউন আৰম্ভ হৈছে । অহা 2 জুনৰ পৰা 20 টা দলৰ খেলুৱৈসকলে তেওঁলোকৰ বেট-বলৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা দেখা যাব । এই টুৰ্ণামেণ্টত বেটছমেনৰ উপৰি বলাৰসকলেও আধিপত্য বিস্তাৰ কৰা দেখা যাব । কিন্তু তাৰ পূৰ্বে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট অৰ্জন কৰা শীৰ্ষ ৫ বলাৰৰ বিষয়ে ইয়াত উল্লেখ কৰিব বিচৰা হৈছে । এই তালিকাখনত পাকিস্তানৰ বলাৰসকলে আধিপত্য বিস্তাৰ কৰিছে । তালিকাত ৩ গৰাকী পাক বলাৰ শীৰ্ষ ৫-ত আছে ।

  1. চাকিব আল হাছান : বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰগৰাকী হৈছে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ । চাকিবে ৩৬ খন মেচৰ ৩৫ টা ইনিংছত ৪৭ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 9 ৰাণত 4 টা উইকেট । চাকিব উক্ত খেলুৱৈসকলৰ মাজৰ এজন, যিয়ে এতিয়ালৈকে টি-২০ বিশ্বকাপৰ৮ টা সংস্কৰণৰ আটাইকেইটাতে অংশগ্ৰহণ কৰিছে । এতিয়া তেওঁ টি-২০ বিশ্বকাপৰ নৱম ছিজনত তেওঁৰ বলিঙৰ যাদু দেখুৱাবলৈ সাজু হৈছে ।
  2. শ্বাহিদ আফ্ৰিদি : টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদি । তেওঁ ৩৪ খন মেচৰ ৩৪ টা ইনিংছত ৩৯ টা উইকেট দখল কৰিছে । আফ্ৰিদিৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে ১১ ৰাণত ৪ টা উইকেট ।
  3. লাচিথ মালিঙ্গা : শ্ৰীলংকাৰ প্ৰাক্তন দ্ৰুত বলাৰ লাচিথ মালিঙ্গা টি-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ আছে । মালিঙ্গাই ৩১ খন মেচত ৩৮ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৩১ ৰাণত ৫ টা উইকেট । মালিঙ্গাই টি-২০ বিশ্বকাপত পাঁচটা উইকেটৰ ক্লাবটো নিজৰ নাম সন্নিৱিষ্ট কৰিছে ।
  4. ছয়ীদ আজমল : পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন স্পিন বলাৰ ছয়ীদ আজমল টি-২০ বিশ্বকাপৰ ইতিহাসত চতুৰ্থ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । ছয়ীদৰ ২৩ খন মেচৰ ২৩ টা ইনিংছত ৩৬ টা উইকেট আছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 19 ৰাণৰ বিনিময়ত 4 টা উইকেট ।
  5. অজন্তা মেণ্ডিছ : টি-২০ বিশ্বকাপত সৰ্বাধিক উইকেট দখল কৰা বলাৰসকলৰ ভিতৰত শ্ৰীলংকাৰ প্ৰাক্তন স্পিন বলাৰ অজন্তা মেণ্ডিছ ৫ নম্বৰত আছে । তেওঁ ২১ খন মেচত ৩৫ টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 8 ৰাণত 6 টা উইকেট ।

শীৰ্ষ ১০ ত কেৱল এজন ভাৰতীয় বলাৰ : শীৰ্ষ ৫ জন বলাৰৰ ভিতৰত কোনো ভাৰতীয় বলাৰ নাই, যিয়ে টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰিছে । ইয়াৰ বাহিৰেও শীৰ্ষ 10 উইকেট সংগ্ৰহকাৰীৰ ভিতৰত কেৱল এজন ভাৰতীয় বলাৰ আছে । তেওঁ এই টি-২০ বিশ্বকাপত ভাৰতৰ খেলিব নোৱাৰে । তেওঁ হৈছে ভাৰতীয় অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন । অশ্বিন টি-২০ বিশ্বকাপত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ সাত নম্বৰ স্থানত আছে । তেওঁ ভাৰতৰ হৈ ২৪ খন মেচত ৩২ টা উইকেট দখল কৰিছে ।

লগতে পঢ়ক :নিউয়ৰ্কত ৰোহিতসহ ভাৰতীয় দল : লণ্ডনৰ পৰা দলত যোগ দিব পাণ্ডিয়াই - Team India Touchdown New York

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.