ETV Bharat / sports

নিউয়ৰ্কত ৰোহিতসহ ভাৰতীয় দল : লণ্ডনৰ পৰা দলত যোগ দিব পাণ্ডিয়াই - Team India Touchdown New York

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:55 PM IST

Team India Touchdown New York: ১ জুনত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অনুশীলন মেচ খেলিব । তাৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাসহ কেইবাজনো সদস্য নিউয়ৰ্কত উপস্থিত হৈছে । দ্বিতীয়টো দল সোমবাৰে ৰাওনা হ'ব । কিন্তু কোহলী ৩০ মে'ত হে ভ্ৰমণ কৰিব ।

Team India Touchdown New York
বিশ্বকাপৰ বাবে নিউয়ৰ্কত ৰোহিতসহ ভাৰতীয় দলৰ একাংশ সদস্য (IANS Photo)

স্পৰ্টছ ডেস্ক,২৭ মে': জুনৰ পৰা আৰম্ভ হ'ব পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্ৰিকেট । যাক লৈ বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক কৌতূহল অব্যাহত আছে । আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব এই বিশাল প্ৰতিযোগিতা । ইতিমধ্যে আয়োজক দেশলৈ ৰাওনা হৈছে বিশ্বৰ ক্ৰিকেট দলসমূহ । তাৰ পূৰ্বে ভাৰতীয় দলটোও শনিবাৰে ৰাওনা হয় আৰু ইতিমধ্যে নিউয়ৰ্কত দলটোৰ কেইজনমান সদস্য উপস্থিত হৈছে ।

এই সন্দৰ্ভত বি চি চি আইয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । য'ত ভাৰতীয় খেলুৱৈসকল নিউয়ৰ্কত উপস্থিত হোৱা দেখা গৈছে । বি চি চি আইয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে ভাৰতীয় দলটো বিশ্বকাপৰ বাবে নিউয়ৰ্কত উপস্থিত হৈছে । বি চি চি আইয়ে প্ৰকাশ কৰা ভিডিঅ'টোত সকলো খেলুৱৈক ইজনে সিজনক আলিঙ্গন কৰা দেখা গৈছে ।

উল্লেখ্য যে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটোৰ মাত্ৰ কেইজনমান খেলুৱৈহে আমেৰিকাত উপস্থিত হৈছে । ভাৰতৰ সদস্যসকলৰ দ্বিতীয় দলটো ২৭ মে'ত নিউয়ৰ্ক অভিমুখে ৰাওনা হ'ব বুলি আশা কৰা হৈছে । আই পি এল ২০২৪ৰ ফাইনেলৰ বাবে বি চি চি আইয়ে খেলুৱৈসকলক ২ টা দলত ভাগ কৰি প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল । প্ৰথম দলটোত যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, আবেশ খান, যুজবেন্দ্ৰ চাহাল, বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া অন্তৰ্ভুক্ত নাছিল ।

হাৰ্ডিক পাণ্ডিয়াই আই পি এলৰ খেল শেষ হোৱাৰ পিচতে লণ্ডনলৈ গৈছিল । সূত্ৰৰ মতে তেওঁ সোমবাৰে ভাৰতীয় দলত যোগদান কৰিব আৰু নিউয়ৰ্কলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে । একে সময়তে, বিৰাট কোহলীয়ে দ্বিতীয়টো দলৰ সৈতে নিউয়ৰ্কলৈ নাযায় । তেওঁ ৩০ মে'ত নিউয়ৰ্কলৈ ৰাওনা হ'ব । তেওঁ নিজেই বি চি চি আইক আই পি এলৰ পিচত কিছু বিৰতিৰ বাবে দিবলৈ অনুৰোধ জনাইছিল । যাৰ বাবে তেওঁ ১ জুনত আফগানিস্তানৰ বিৰুদ্ধে অনুশীলন মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ।

ভাৰতে ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । তাৰ পিচত ৯ জুনত দ্বিতীয়খন খেলত ভাৰতীয় দলটো পাকিস্তানৰ মুখামুখি হ'ব । প্ৰায় সকলো অনুৰাগীয়ে এই খেলখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক :গম্ভীৰ-অভিষেক নায়াৰলৈ কে কে আৰৰ বিজয়ৰ কৃতিত্ব - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.