ETV Bharat / sports

গম্ভীৰ-অভিষেক নায়াৰলৈ কে কে আৰৰ বিজয়ৰ কৃতিত্ব - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 12:17 PM IST

IPL 2024 Winner: কলকাতা নাইট ৰাইডাৰ্ছ চেম্পিয়ন হোৱাৰ আঁৰত আছিল মেণ্টৰ গৌতম গম্ভীৰ আৰু সহঃ প্ৰশিক্ষক অভিষেক নায়াৰ । দুয়োগৰাকীৰে অৱদানক স্বীকাৰ কৰে দলটোৰ খেলুৱৈসকলে ।

IPL 2024 Winner
কে কে আৰৰ খেলুৱৈয়ে গম্ভীৰ আৰু অভিষেক নায়াৰক দিলে বিজয়ৰ কৃতিত্ব (ANI)

স্প’ৰ্টছ ডেস্ক, ২৭ মে': আই পি এলৰ ২০২৪ ছিজনৰ চূড়ান্ত খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত শোচনীয়ভাৱে পৰাজিত ছানৰাইজাৰ্ছ হায়দৰাবাদ । এই বিজয়ৰ লগে লগে কলকাতাই আই পি এলৰ তৃতীয়টো ট্ৰফী তুলি ল'বলৈ সক্ষম হয় । এই বিজয়ৰ বাবে কে কে আৰৰ খেলুৱৈসকলে মেণ্টৰ গৌতম গম্ভীৰ আৰু সহঃ প্ৰশিক্ষক অভিষেক নায়াৰৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

কে কে আৰে সম্পূৰ্ণ একপক্ষীয়ভাৱে ফাইনেলত হায়দৰাবাদক ৮ উইকেটত পৰাজিত কৰে । কে কে আৰে ১১৩ ৰাণতে হায়দৰাবাদক অল আউট কৰে, যিটো আই পি এলৰ ফাইনেলত এতিয়ালৈকে সৰ্বনিম্ন মুঠ ৰাণ আছিল । ২০১২ চনৰ পিচত কে কে আৰে খিতাপ দখল কৰিবলৈ সক্ষম হয় । আনহাতে দলটোৱে দ্বিতীয়বাৰৰ বাবে এম এ চিদাম্বৰম ষ্টেডিয়ামত আই পি এলৰ ফাইনেল খেলিছিল ।

২০১৪ চনৰ সংস্কৰণৰ পৰা কে কে আৰ দলৰ অংশ হৈ থকা অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলো বিজয়ৰ পিচত আৱেগিক হৈ পৰা দেখা গৈছিল । তেওঁ কৈছিল, "ইয়াক বৰ্ণনা কৰিবলৈ কোনো ভাষা নাই । ইয়াৰ অৰ্থ বহুত । মই সুখী যে আমি সকলোৱে বহুত শৃংখলাবদ্ধ আছিলো আৰু এটা লক্ষ্যৰ দিশত অগ্ৰসৰ হৈছিলো । এই ফ্ৰেঞ্চাইজিটোৱে মোৰ বাবে বহুত কাম কৰিছে । এইটো আমাৰ সকলোৰে পৰা তেওঁলোকলৈ এটা ডাঙৰ উপহাৰ ।"

পেচাৰ হৰ্ষিত ৰাণাই আই পি এল চেম্পিয়ন হোৱাৰ অনুভূতি বৰ্ণনা কৰাটোও কঠিন বুলি উল্লেখ কৰে । ফাইনেলত দুটা উইকেট দখল কৰা হৰ্ষিতে বিজয়ৰ পিচত কয়, "মই কিমান সুখী সেয়া ক'ব নোৱাৰো ।"

ইফালে কে কে আৰৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে আই পি এল কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে ২১ টা উইকেট লাভ কৰিছে । চক্ৰৱৰ্তীয়ে সহঃ প্ৰশিক্ষক অভিষেক নায়াৰৰ অৱদানক প্ৰশংসা কৰে ।

কোৱালিফায়াৰ ১ ত ২৮ বলত ৫১ আৰু ফাইনেলত ২৬ টা বলত ৫২ ৰাণ কৰি এছ আৰ এইচৰ বিৰুদ্ধে দুটা সুন্দৰ ইনিংছ খেলা অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰেও দলটোৰ সফলতাত নায়াৰৰ ভূমিকাৰ কথা উল্লেখ কৰে ।

ভেংকটেশে কয়, "ইয়াক লৈ সঁচাকৈয়ে সুখী । বৰুণে উল্লেখ কৰাৰ দৰে, অভিষেক নায়াৰ বিশ্বৰ সকলো কৃতিত্বৰ যোগ্য । কিছুমান অৱদান অজ্ঞাত থাকে, মই নিশ্চিত কৰিব বিচাৰো যে সেইবোৰ নহয় । এই মানুহজনে এই ফ্ৰেঞ্চাইজিৰ বাবে যিধৰণে কাম কৰি আছে তাৰ বাবে বিশ্বৰ সকলো কৃতিত্বৰ যোগ্য । এই বিজয়টো সেই অনুৰাগীসকলৰ বাবে যিয়ে ১০ বছৰ অপেক্ষা কৰি আছিল ।"

নীতিশ ৰাণাই কয় যে, যেতিয়া গৌতম গম্ভীৰক দলটোৰ মেণ্টৰ হিচাপে মনোনীত কৰা হৈছিল তেওঁ যথেষ্ট সুখী হৈছিল । ৰিংকু সিঙেও কয় যে, তেওঁৰ ৭ বছৰৰ সপোন সম্পূৰ্ণ হৈছে । তেওঁ গোটেই দল আৰু গৌতম গম্ভীৰৰ বাবে গৌৰৱান্বিত ।

লগতে পঢ়ক :'জি জি দুখ নকৰিব, এয়া ভগৱানৰ ইচ্ছা': গৌতম গম্ভীৰক কিয় এনেদৰে সান্ত্বনা দিছিল শ্বাহৰুখে ? - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.