আকাশলংঘী মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে খুচুৰা ব্যৱসায়ীকো - Price hike in Assam

By ETV Bharat Assamese Team

Published : May 15, 2024, 5:39 PM IST

thumbnail
আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক (ETV Bharat Assam)

জোনাই,১৫ মে': মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ জনতাক । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক । সাধাৰণ শাক-পাচলিৰ পৰা আদি কৰি মাছ-মাংসলৈ দ্ৰুত গতিত হোৱা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জোনাইৰ ৰাইজকো । জোনাইৰ দৈনিক বজাৰত প্ৰায় পোন্ধৰ দিনৰ আগতে এক কিলোগ্ৰাম ব্ৰইলাৰ মাংসৰ দাম ২৪০ টকাৰ বিপৰীতে এতিয়া প্ৰতি কিলোত ৩২০ টকা, ছাগলী মাংসৰ দাম ৬০০ টকাৰ বিপৰীতে ৭০০ টকা, আলু ৩০ টকাৰ বিপৰীতে ৪০ টকা, নহৰু, পিয়াঁজ আদি সকলো সামগ্ৰীৰে দাম অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷  

উৎপাদনৰ অভাৱ নে অসাধু চক্ৰই কৃত্ৰিম নাটনি দেখুৱাৰ বাবে এই মূল্যবৃদ্ধি হৈছে এতিয়াও জানিব পৰা হোৱা নাই ৷ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে খুচুৰা ব্যৱসায়ীসকলকো । কিয়নো চৰা দামত সামগ্ৰী ক্ৰয় কৰিবলৈ অপাৰগ জনতাৰ ভিৰ কমিছে বজাৰসমূহত । যাৰ বাবে ব্যৱসায় মন্দা হৈছে খুচুৰা বিক্ৰেতাসকলৰ ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.