ETV Bharat / state

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য়জুৰি আছুৰ বিক্ষোভ - AASU protest against price hike

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 3:48 PM IST

AASU protest: অতি শীঘ্ৰে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নী আছুৰ । নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ আছু ।

AASU protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্য়জুৰি বিক্ষোভ (ETV BHARAT ASSAM)

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্য়জুৰি বিক্ষোভ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১৬ মে': ৰাজ্যত লোকসভাত নিৰ্বাচন শেষ হোৱা পাছতে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণক । সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক । আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছুৱে ৰাজ্য়জুৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণৰ জনতাৰ মুৰত ৰাম টাঙোন দিয়া চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা । "বজাৰত লাগিছে জুই যোগান মন্ত্ৰী আছে শুই" এই শ্লোগানেৰে আজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি এক প্ৰতিবাদী ৰেলী উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ডিব্ৰুগড়তো আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ । শ্বহীদ ভৱনৰ পৰা বৃহৎ সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুকৰ্মীয়ে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান মন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তেওঁৰ পদত্যাগৰ দাবী জনাইছে আছুৱে । ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, উৎকট গৰমকো নেওচি সোণাৰিত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ । অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই চৰাইদেউ জিলা আছুৱে সোণাৰি নগৰত উলিয়ালে প্ৰতিবাদী সমদল । সৰ্বত্ৰে বিজেপি চৰকাৰ বিফল হোৱাৰ অভিযোগ ছাত্ৰ সন্থাৰ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহবান মৰ্মে বৰপেটা জিলা ছাত্ৰ সন্থাই অত্যীৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত জনাই সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অনতিপলমে চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়নী প্ৰদান কৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ দাসে ৷

লগতে পঢ়ক:নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত আছুৰ উত্তাল প্ৰতিবাদ; বহিৰাগত ঠিকা শ্ৰমিক-কৰ্মচাৰীক প্ৰৱেশত বাধা - AASU Protest In Numaligarh Refinery

ৰাজ্য উত্তাল ‘কা’বিৰোধীৰ প্ৰতিবাদত: ভিন্ন ঠাইত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.