ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত আছুৰ উত্তাল প্ৰতিবাদ; বহিৰাগত ঠিকা শ্ৰমিক-কৰ্মচাৰীক প্ৰৱেশত বাধা - AASU protest in Numaligarh Refinery

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:16 PM IST

Numaligarh Refinery Expansion Project: নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পত বহিৰাগত ঠিকা শ্ৰমিক-কৰ্মচাৰীক নিৰ্মাণ প্ৰতিষ্ঠানে নিয়োগ কৰি থলুৱাক বঞ্চনা কৰাৰ অভিযোগ । নুমলীগড় শোধনাগাৰত অনিৰ্দিষ্ট কাললৈ বহিৰাগত শ্ৰমিকৰ প্ৰৱেশ বন্ধ কৰাৰ দাবী ।

Numaligarh Refinery Expansion Project
থলুৱাক বঞ্চনা কৰাৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত আছুৰ উত্তাল প্ৰতিবাদ (ETV BHARAT ASSAM)

গোলাঘাট, ১৪ মে: নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিচতে ইয়াক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ লগতে থলুৱা নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ হৈছিল । পিচে সম্প্ৰসাৰণ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ এবছৰ থকা সময়তেই থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগত মঙলবাৰে প্ৰগতি প্ৰবেশদ্বাৰ উত্তাল হৈ পৰে । বহিৰাগত ঠিকা শ্ৰমিক-কৰ্মচাৰীক নিৰ্মাণ ঠিকা প্ৰতিষ্ঠানসমূহে নিয়োগ কৰি থলুৱাক বঞ্চনা কৰাৰ প্ৰতিবাদত মঙলবাৰে আছুৰ মৰঙি আঞ্চলিক সমিতিৰ নেতৃত্বত স্থানীয় ৰাইজ, নিবনুৱা ওলাই আহে ৷

প্ৰগতিদ্বাৰৰ প্ৰবেশ পথ অৱৰোধ কৰি থলুৱা শ্ৰমিক-কৰ্মচাৰীৰ বাদে বহিৰাগত শ্ৰমিক-কৰ্মচাৰীক এন আৰ এলত প্ৰৱেশত বাধা প্ৰদান কৰে ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই থলুৱা নিবনুৱাক নিয়োগ কৰি বহিৰাগতক বিদায় দিয়াৰ দাবী জনায় ৷ অন্যথা এন আৰ এলৰ সম্প্ৰসাৰণ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য স্থবিৰ কৰি দিব বুলিও সকীয়াই দিয়ে এন আৰ এল কৰ্তৃপক্ষক ৷

আনহাতে, থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকৰ নুমলীগড় শোধনাগাৰ ভিতৰত প্ৰৱেশ কৰাত অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰে প্ৰতিবাদকাৰীয়ে । ইয়াৰ উপৰি ৮৫৫ গৰাকী শ্বহীদ কেঁচা তেজৰ বিনিময়ত অসম চুক্তিৰ আধাৰত স্থাপন কৰা নুমলীগড় শোধনাগাৰত পূৰ্বৰ পৰাই স্থানীয় শিক্ষিত নিবনুৱা যুৱক -যুৱতীক বঞ্চিত কৰি বিহাৰ, পশ্চিমবংগৰ পৰা অহা যুৱক-যুৱতীৰে ভৰি পৰিছে ।

শোধনাগাৰ কৰ্তৃপক্ষক বহুবাৰ স্থানীয় নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিবলৈ দাবী জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে । অতি সোনকালে শোধনাগাৰত নিবিদা লাভ কৰা কোম্পানী সমূহে জিলাৰ বিভিন্ন প্ৰান্তৰ ৫০ শতাংশ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন নিদিয়া পৰ্যন্ত বহিৰাগত শ্ৰমিকৰ নুমলীগড় শোধনাগাৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ কৰে ।

লগতে পঢ়ক:অইল ইণ্ডিয়াৰ চাৰিটা বিভাগ স্থানান্তৰৰ যো-জা: আছুৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান - AASU Protest In Duliajan

জে বি ৰোডৰ নিৰ্মাণৰ দাবীত শিক্ষাৰ্থীৰ সমদল - Poor Road Communication

মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত; কাণসাৰ নাই বগীনদী আৰক্ষীৰ ! - Women Protest In Lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.