ETV Bharat / state

জে বি ৰোডৰ নিৰ্মাণৰ দাবীত শিক্ষাৰ্থীৰ সমদল - Poor Road Communication

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 1:18 PM IST

PROTEST IN JORHAT : উন্নয়নৰ শ্ল'গানেৰে মুখৰিত ৰাজ্যৰ চৌদিশ । এইবাৰ সবকা সাথ, সবকা বিকাশ শ্ল'গানেৰে ৰাইজৰ ওচৰত পুনৰ ভোট ভিক্ষা কৰিলে শাসকীয় বিজেপি দলৰ সাংসদ প্ৰাৰ্থীসকলে । চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল গ্ৰামাঞ্চলৰ বহতো ঠাইত । পিচে চহৰাঞ্চলটো এতিয়াও বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে একাংশ ৰাইজে ।

POOR ROAD CONDITION
ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত (ETV BHARAT ASSAM)

যোৰহাট, 14 মে’ : যোৰহাট নগৰৰ পৰা ককিলামুখ সংযোগী জে বি ৰোড বছৰৰ পাচত বছৰ ধৰি নিৰ্মাণ আৰু মেৰামতি কৰা হোৱা নাই । প্ৰায় ৩০ খন গাঁও যোৰহাটৰ নগৰৰ সৈতে সংযুক্ত এই পথটো নিৰ্মাণ আৰু মেৰামতিৰ দাবীত ৰাইজে বিগত সময়ত আবেদন নিবেদন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

অৱশেষত ২০২৩ চনত পথটোৰ আধাৰশিলা স্থাপন কৰা হয় যদিও অজ্ঞাত কাৰণত নিৰ্মাণ বন্ধ হৈ আছে । যাৰ বাবে অঞ্চলটোৰ ৰাইজ আজি পুনৰ ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী যোৰহাট নগৰলৈ আহিবলৈ এইটোৱেই এক মাত্ৰ পথ । যি পথেৰে বাৰিষা বাদেই, খৰালিও গাড়ী-মটৰ চলাচল কৰিবলৈ অসুবিধা হয় । যাৰ বাবে ৰাইজে পথটো খৰকীয়াকৈ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

উল্লেখ্য় যে ২০২৩ বৰ্ষতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আধাৰশিলা কৰা এই পথটো আজি পৰ্যন্ত ৩০ শতাংশও কাম সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠানে । ফলত উক্ত বিধস্ত পথটোৰে যাতায়ত কৰি যমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলবাসী ৰাইজ ।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে সকলো কেঁচা পথ পকীকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰতিশ্ৰুতিতে আৱদ্ধ হৈ ৰ'ল । ফলত বিধস্ত পথে এতিয়া যোৰহাটবাসীক জ্বলা -কলা খুৱাইছে । চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল গ্ৰামাঞ্চলৰ বহতো ঠাইত । পিচে চহৰাঞ্চলটো এতিয়াও বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে একাংশ ৰাইজে ।

লগতে পঢ়ক:মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত; কাণসাৰ নাই বগীনদী আৰক্ষীৰ ! - Women Protest In Lakhimpur
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.