ETV Bharat / state

মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত; কাণসাৰ নাই বগীনদী আৰক্ষীৰ ! - women protest in lakhimpur

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:19 AM IST

Women protest against Boginodi police : লখিমপুৰৰ ১৪ মাইলত শ শ মহিলাৰ ৰণচণ্ডী মূৰ্তি । আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে মহিলাসকলে ৷ হত্য়াকাৰীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন ৷

women protest in lakhimpur
মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত: কাণসাৰ নাই বগীনদী আৰক্ষীৰ (ETV BHARAT ASSAM)

মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত: কাণসাৰ নাই বগীনদী আৰক্ষীৰ (ETV BHARAT ASSAM)

লখিমপুৰ 14 মে’ : এগৰাকী মহিলাৰ মৃত্যুৰ ঘটনাক কেন্দ্র কৰি সোমবাৰে বিয়লি লখিমপুৰৰ বগীনদী অঞ্চলত একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে । এগৰাকী মহিলাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত মহিলাসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, যোৱা 7 মে'ত লখিমপুৰ জিলাৰ ভীমপৰা বালিজানৰ অৱন্তী দাস নামৰ মহিলাগৰাকীক অময়াজ্যোতি দাস নামৰ এগৰাকী মহিলাৰ ভেৰোণীয়া গুণ্ডাই নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে ৷ এই জঘন্য হত্যাৰ পিচতে বগীনদী থানাত মৃতকৰ পৰিয়ালে গোচৰ তৰিছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে আজি পৰ্যন্ত বগীনদী আৰক্ষীয়ে দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰা নাই ৷

তাৰ পিচতে সোমবাৰে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি জাগৃত নাৰী শক্তি অসমৰ সম্পাদিকাৰ নেতৃত্বত 15 নং ৰাজপথৰ কাষত শ শ মহিলাই এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিছে ৷ বগীনদী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰবীণ ভেৰুৱাক তীব্র ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰী মহিলাসকলে ৷

প্ৰতিবাদকাৰীসকলে অ’চি গ’ বেক, বগীনদী আৰক্ষী মুৰ্দাবাদ, হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে আৰক্ষীক কঠোৰ ভাষাৰে গৰিহনা দিয়ে ৷ আনকি হত্যাকাৰীক বগীনদী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ তোলে মহিলাসকলে । অচিৰেই হত্যাকাৰীক উপযুক্ত শাস্তি বিহিবলৈ দাবী জনায় প্ৰতিবাদকাৰী মহিলাসকলে ৷ অন্যথা আগন্তুক দিনত প্ৰতিবাদকাৰী মহিলা সংগঠনটোৱে বগীনদী থানা ঘেৰাও কৰি জংগী আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷

এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷ বগীনদী আৰক্ষী থানাৰ আৰক্ষীয়ে প্ৰকৃততে ৰক্ষণবেক্ষণ দিছে নেকি হত্যাকাৰীক ?

লগতে পঢ়ক: শিহৰণকাৰী পথ দুৰ্ঘটনাৰ দৃশ্য বন্দী CCTV ত - accident in jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.