ETV Bharat / state

শিহৰণকাৰী পথ দুৰ্ঘটনাৰ দৃশ্য বন্দী CCTV ত - accident in jorhat

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:51 PM IST

Accident in Jorhat: শিহৰণকাৰী পথ দুৰ্ঘটনাৰ দৃশ্য আৱদ্ধ CCTV কেমেৰাত । আহত 2 ।

cctv-visual-of-the-road-accident-in jorhat
শিহৰণকাৰী পথ দুৰ্ঘটনাৰ দৃশ্য বন্দী CCTV ত (Etv bharat)

শিহৰণকাৰী পথ দুৰ্ঘটনাৰ দৃশ্য বন্দী CCTV ত (Etv bharat)

যোৰহাট, 13 মে’: যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জিলাখনৰ লিচুবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ন আলি বলিয়া গোহাঁই পুখুৰীৰ ওচৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । চিচিটিভিত দেখিবলৈ পোৱা অনুসৰি AS-03 AA 3938 নম্বৰৰ গাড়ীখন তিতাবৰ দিশৰ পৰা যোৰহাট নগৰৰ দিশে তীব্ৰ বেগত আহি AS 04P 4497 নম্বৰৰ এল্ট’ বাহনখনক মহতিয়াই লৈ যায় ৷

ইয়াৰ পিচতেই পথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰেক্টৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ লগতে এজন চাইকেল আৰোহীকো মহতিয়াই লৈ যায় বাহনখনে । জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা AS-03 AA 3938 নম্বৰৰ বাহনখন চলাই আহিছিল তিতাবৰ স্বাস্থ্য বিভাগৰ মহকুমা চিকিৎসা বিষয়া এগৰাকীয়ে ।

দুৰ্ঘটনাটোৰ ফলত চাইকেল আৰোহীজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । ফলত সংকটজনক অৱস্থাত ততাতৈয়াকৈ দুয়োকে যোৰহাট মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

AS 03AA 3938 নম্বৰৰ বাহনখনৰ গতিবেগ ইমানেই তীব্ৰতৰ আছিল যে প্ৰথমে এল্ট’ বাহনখনক মহতিয়াই নিয়াৰ পিছত ৰৈ থকা এখন ট্ৰেক্টৰক প্ৰচণ্ড জোৰে খুন্দা মাৰে বাহনখনে, যাৰ ফলত পথটোৰে আহি থকা চাইকেল আৰোহীজন ওফৰি ৰৈ থকা ট্ৰেক্টৰখনৰ ওপৰত পৰে ।

দুৰ্ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত যোৰহাট জিলাৰ যান-বাহন আৰক্ষী আৰু লিচুবাৰী আৰক্ষী উপস্থিত হৈ ঘটনা পৰ্যবেক্ষণ কৰাৰ লগতে ততাতৈয়াকৈ আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । এই পথ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি শিহৰিত হৈ পৰিছিল পথচাৰীৰ লগতে স্থানীয় লোক ।

অৱশ্যে কি কাৰণত মহকুমা চিকিৎসা বিষয়া এগৰাকীয়ে তীব্ৰ গতিত বাহনখন চলায় আহিছিল বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: যাত্ৰীবাহী ৰে’লৰ খুন্দাত হোজাইত নিহত এজন - Hojai train collision

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.