মধুৰা নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে এখন ডাম্পাৰ - Dumper washed away

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:16 PM IST

thumbnail
মধুৰা নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে এখন ডাম্পাৰ (ETV Bharat Assam)

শিলচৰ, ২৯ মে’: বৰাক উপত্যকাৰ কাছাৰৰ মধুৰা শিল কুৱেৰীত ভয়ংকৰ ঘটনা । মধুৰা নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে এখন শিল বোজাই কৰা ডাম্পাৰ । উটি যোৱা ডাম্পাৰখনৰ পৰা জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা চালক-হেণ্ডিমেনৰ । ভয়ংকৰ দৃশ্য বন্দী কেমেৰাত । ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰৰ প্ৰতিখন নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বৰাক নৈসহ প্ৰতিখন নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে । ফলত বাঢ়নী পানীত বুৰ গৈছে জিলাখনৰ বহু অঞ্চল ।  

ইয়াৰ মাজৰে কাছাৰৰ মধুৰা নৈত ঘটিল এই ভয়ংকৰ অঘটন ৷ মধুৰা শিল কুৱেৰীৰ পৰা শিল কঢ়িয়াই আনিবলৈ গৈছিল ডাম্পাৰখন । নৈৰ প্ৰবল সোঁতে উটুৱাই লৈ গ’ল ডাম্পাৰখন । দৃশ্য দেখিলেই আপুনি অনুমান কৰিব পাৰিব বান পৰিস্থিতি । কাছাৰ জিলাৰ উধাৰবন্ধত অৱস্থিত এই মধুৰা শিলৰ কুৱেৰীটো । কুৱাৰীৰ পৰা শিল আনিবলৈ গৈছিল এই ডাম্পাৰখন । পিছে হঠাৎ মধুৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত নৈৰ মাজত আবদ্ধ হৈ পৰে ডাম্পাৰখন । মুহূৰ্ততে নৈৰ প্ৰবল সোঁতে ডাম্পাৰখন উটুৱাই লৈ যায়  । 

লগতে পঢ়ক: কালিয়নী আৰু দৈগ্ৰোঙৰ ভয়ংকৰ ৰূপ : জন-জীৱনলৈ ভাবুকি - Daigrong and Kaliyoni river

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.