অইল ইণ্ডিয়াৰ চাৰিটা বিভাগ স্থানান্তৰৰ যো-জা: আছুৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান - AASU protest in Duliajan
AASU Blocked Oil India headquarter : আছুৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজানৰ অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় । সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই অৱৰোধ কৰে অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ।

Published : May 14, 2024 at 1:10 PM IST
মৰাণ, ১৪ মে’ : অইল ইণ্ডিয়া উত্তৰ-পূৰ্বাঞ্চলৰ অতি লাভজনক উদ্যোগ । দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই । ১৯৫৯ ৰ ১৮ ফেব্ৰুৱাৰী প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে ।
ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্যকাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেড সকলো কাম-কাজ প্ৰতিষ্ঠাৰ দিনৰ পৰা পৰিচালিত হৈ আহিছে । কিন্তু দুলীয়াজান মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ যো-জা চলোৱাক লৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠনে ।
ইয়াৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে মঙলবাৰে পুৱাৰে পৰা কৰা প্ৰতিবাদত স্তব্ধ হৈ পৰে দুলীয়াজান অইল ইণ্ডিয়াৰ প্ৰশাসনিক কাৰ্যালয়ৰ কাম-কাজ । উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পাচত নয়দালৈ স্থানান্তৰ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল-সংগঠনে ।
মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই অৱৰোধ কৰে অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় । অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা । অইল ইণ্ডিয়া লিমিটেডৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি সদৌ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই মঙলবাৰে পুৱাৰ পৰা অইলৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰৱেশ পথ, মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে ।
প্ৰতিবাদকাৰীসকলে লগতে অইল ইণ্ডিয়াৰ বিভিন্নস্থানত সিচঁৰতি তৈল ক্ষেত্ৰলৈ বিষয়া কৰ্মচাৰীক অনা নিয়া কৰা অইলৰ গধুৰ আৰু লঘু যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে । অইল ইণ্ডিয়াৰ এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।

