ETV Bharat / state

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সহস্ৰাধিক অস্থায়ী অইল সুৰক্ষা কৰ্মীৰ গণ সমাৱেশ - oil security workers protest

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 8:42 PM IST

oil security workers protest : অইল ইণ্ডিয়া লিমিটেডৰ সা-সম্পত্তি সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা হাজাৰ হাজাৰ যুৱকৰ জীৱন-জীৱিকাক লৈ হেতালি খেলাৰ অভিযোগ অস্থায়ী সুৰক্ষা কৰ্মীসকলৰ ৷ দাবী পূৰণ নহ'লে অইল ইণ্ডিয়াৰ বিৰুদ্ধে ধাৰবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সকীয়নি ৷

oil security workers protest
শ-শ অস্থায়ী সুৰক্ষা কৰ্মীৰ গণ জাগৰণ সমাৱেশ

শ-শ অস্থায়ী সুৰক্ষা কৰ্মীৰ গণ জাগৰণ সমাৱেশ

মৰাণ, 24 মাৰ্চ : প্ৰখৰ ৰ'দকো নেওচি দেওবাৰে ডিব্ৰুগড় জিলাত টিংখাঙৰ মুকলি পথাৰত শ-শ প্ৰতিবাদী অস্থায়ী সুৰক্ষা কৰ্মীয়ে গণ সমাৱেশ আয়োজন কৰে ।

এই গণ সমাৱেশত অইলৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সুৰক্ষা কৰ্মীসকলে ক্ষোভ উজাৰি কয় যে, প্ৰয়োজনত তেওঁলোকে জেললৈ যাবলৈও সাজু ৷ অইলৰ সম্পত্তিৰ সুৰক্ষাৰ দায়িত্বত থকা হাজাৰ হাজাৰ যুৱকৰ জীৱন-জীৱিকাক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবদাকাৰীসকলে ।

উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ সা-সম্পত্তি সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰায় 2 সহস্ৰাধিক যুৱক । 2002 চনৰ পৰা প্রায় 22 বছৰ ধৰি ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে তেওঁলোক । কোনো ধৰণৰ অস্ত্ৰ তথা সা-সুবিধাৰ অবিহনেই ২৪ ঘন্টাই অতন্দ্ৰ প্ৰহৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱা এইসকল অস্থায়ী নিৰাপত্তা কৰ্মী আজি বিপাঙত পৰিছে।

কাৰণ অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই অতি কৌশলগতভাৱে এইসকল সুৰক্ষা কৰ্মীক গাঁওৰক্ষী বাহিনীৰ আওতাত পেলাই মাহিলী অতি কম পাৰিতোষিকত নিজৰ কাম সমাধান কৰি আহিছে । যিকোনো প্ৰতিকূল পৰিস্থিতিতো নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিৰস্ত্ৰভাৱে কৰ্তব্য সম্পাদন কৰা এইসকল সুৰক্ষা কৰ্মীয়ে এমাহত লাভ কৰে মাত্ৰ তিনি হাজাৰ টকা। অইলৰ পৰা এক নিশ্চিত নিযুক্তি তথা সুৰক্ষিত ভৱিষ্যতৰ আশাত বছৰ-বছৰ ধৰি দায়িত্ব পালন কৰি অহা এইসকল যুৱকে আজিও নাপালে নিজৰ প্ৰাপ্য।

সুৰক্ষা কর্মীসকলক অইল আৰু গেছ কোম্পানীয়ে অতি কৌশলপূর্ণভাৱে সংশ্লিষ্ট আৰক্ষী প্ৰশাসনৰ যোগেদি গাঁওৰক্ষী বাহিনী ( VDP ) ৰ নামত ব্যৱহাৰ কৰি আহিছে বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে । ফলস্বৰূপে চৰকাৰী অনুমোদিত VDPৰ নীতি নির্দেশনাৰ আধাৰত দিন ৰাতি একাকাৰ কৰি 24 ঘণ্টাই কর্তব্য পালন কৰা সুৰক্ষা কৰ্মীসকলে উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে বুলি দাবী কৰে । নিজৰ প্ৰাপ্যৰ বাবে তেওঁলোকে পৃথকে পৃথকে বহুবাৰ দাবী জনাই আহিছে যদিও প্রতিবাৰেই বিভাগীয় কর্তৃপক্ষই VDP ৰ নীতিৰ সুযোগ গ্রহণ কৰি এইসকল লোকক বঞ্চিত কৰি আহিছে । সেয়ে অইল ভিডিপি চিকিউৰিটিসকলৰ
পৰিতোষিক বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ তথা অইলৰ চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল কৰা আদি বিভিন্ন দাবীত টিংখাঙৰ উদালবাম প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত গণ সমাৱেশ কৰি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ প্ৰতি ক্ষোভ উজাৰে ৷

অনাগত দিনত এই দাবীসমূহ পূৰণ নহ'লে অইল ইণ্ডিয়াৰ বিৰুদ্ধে ধাৰবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে অইলৰ অস্থায়ী সুৰক্ষা কৰ্মীসকলে।

লগতে পঢ়ক: ডিফুত বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ৰ বৃহৎ প্ৰচাৰ - BJP election campaign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.