ETV Bharat / state

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্রশাসনিক কার্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 5:19 PM IST

Protest Against Oil India : দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্রশাসনিক কার্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ কাৰিকৰী পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল বাতিল কৰাৰ লগতে বিসংগতিৰ তদন্তৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

Protest Against Oil India
তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

অইল ইণ্ডিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

মৰাণ, 11 জানুৱাৰী : দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কার্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অইল ইণ্ডিয়াৰ মুখ্য প্ৰশাসনিক কার্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ লগতে তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে ৷

উল্লেখযোগ্য যে অইলৰ কাৰিকৰী পদৰ পৰীক্ষাত বিসংগতি হোৱাৰ অভিযোগ তুলি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ, আন্দোলন কৰি আহিছে ৷ কিন্তু দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি অইল ইণ্ডিয়াৰ 187 টা কাৰিকৰী পদৰ ফলাফল ঘোষণা কৰে কৰ্তৃপক্ষই ৷ 9 জানুৱাৰীৰ নিশা ঘোষণা কৰা হয় অইলৰ 187 টা কাৰিকৰী পদৰ বিসংগতিপূৰ্ণ নিযুক্তি পৰীক্ষাৰ ফলাফল ৷ ইয়াৰ পাছতেই পুনৰ আন্দোলন আৰম্ভ হয় দুলীয়াজানত ৷

আজি কাৰিকৰী পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল বাতিল কৰাৰ লগতে বিসংগতিৰ তদন্তৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰি দুলীয়াজানত উত্তাল পৰিবেশ সৃষ্টি কৰে ৷ অতি শীঘ্ৰে নিযুক্তি পৰীক্ষাৰ ফলাফল বাতিল নকৰিলে অইল ইণ্ডিয়াৰ বিৰুদ্ধে 19 জানুৱাৰী তাৰিখে অইলৰ উদ্যোগিক মূল প্ৰবেশদ্ধাৰ বন্ধ কৰাৰ লগতে ধাৰবাহিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ৷

বিগত 20 অক্টোবৰত 187 টা কাৰিকৰী পদৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল- সংগঠনে এই বিসংগতিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ কিন্তু এই বিসংগতিপূৰ্ণ পৰীক্ষা সম্পৰ্কত অইল কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : তিতাবৰত আৰক্ষী মুৰ্দাবাদ ধ্বনি, দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.