ETV Bharat / state

ৰাজ্য উত্তাল ‘কা’বিৰোধীৰ প্ৰতিবাদত: ভিন্ন ঠাইত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 9:55 PM IST

Protest against CAA Assam
Anti CAA Protest in Assam

Anti CAA Protest in Assam: ৰাজ্যত ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে ‘কা’বিৰোধী প্ৰতিবাদ ৷ বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত সাব্যস্ত হ’ল প্ৰতিবাদ ৷ বিভিন্ন ঠাইত আৰক্ষীৰে হতাহতি হ’ল প্ৰতিবাদকাৰীৰ ৷

ৰাজ্য উত্তাল ‘কা’বিৰোধীৰ প্ৰতিবাদত

নিউজ ডেস্ক, 14 মাৰ্চ: কা বলৱৎ হোৱাৰ পিচতে ৰাজ্যত পুনৰ গা কৰি উঠিল বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ জাতীয় দল-সংগঠনৰ উপৰিও বিৰোধী দলো হৈ পৰিছে প্ৰতিবাদমুখৰ ৷ বৃহস্পতিবাৰেও ৰাজ্যত দেখা গ’ল নাগৰিকত্ব সংশোধনী আিনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ আছুৱে সাব্যস্ত কৰিলে ৰাজ্যজুৰি প্ৰতিবাদ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তিনিচুকীয়া: ‘কা’ বিৰোধী আন্দোলন ৰুদ্ধ কৰিবলৈ অসম আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী, কামাণ্ডোকে আদি কৰি বিভিন্ন গোট সাজু হৈ আছে ৷ তাৰ মাজতে বৃহস্পতিবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই ক’লা পতাকা উত্তোলন কৰি ‘কা’ৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আৰক্ষীৰ বাধাকো নেওচি আঞ্চলিক সমিতিসমূহে নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত ‘কা’ৰ বিৰোধিতাৰে ক’লা পতাকা উত্তোলন কৰে ।

লখিমপুৰ: লখিমপুৰৰ বিভিন্ন স্থান বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰে । লখিমপুৰ নগৰৰ শ্বহীদ বেদীৰ সমীপত জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই ‘কা’ৰ প্ৰতিবাদত কলা পতাকা উত্তোলন তোলে ৷ প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে ক’লা পতাকাসমূহ আজুৰি লৈ যায় ৷ তৃণমূল কংগ্ৰেছৰ জিলা সমিতিয়েও জিলা কাৰ্যালয়ৰ সন্মুখত ‘কা’ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনীয়ে মানৱ শৃংখল কৰি লখিমপুৰত ‘কা’ৰ বিৰুদ্ধে শ্লোগান দিয়ে । তদুপৰি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সম্মুখত ছাত্ৰ সমাজে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত কাৰ্যসূচীত বাসু বৰা নামৰ এজন ছাত্ৰৰ ভৰি কিছু পৰিমাণে অগ্নিদগ্ধ হয় । আৰক্ষীয়ে তিনিজন ছাত্ৰক আটক কৰি সদৰ থানালৈ লৈ যায় ।

শিৱসাগৰ: শিৱসাগৰত অব্যাহত আছে ‘কা’বিৰোধী প্ৰতিবাদ । ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত প্ৰায় দুই তিনি শতাধিক লোকে ‘কা’ বাতিলৰ দাবীত উত্তাল কৰি তোলে দ'লমুখ চাৰিআলিৰ সমীপৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখ ভাগ । আনহাতে ক’লা পাতাকা আঁৰি ‘কা’ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ৷ ক’লা পাতাকালৈ সমদল বাহিৰ কৰে আছুৱে । নগৰৰ বিভিন্ন স্থানত ক’লা পতাকা ওলমোৱাৰ সময়ত আৰক্ষীৰ লগত তীব্ৰ বাক-বিতণ্ডা হয় আছুৰ নেতা-কৰ্মীৰ । সদৌ অসম ছাত্ৰ সন্থাক টাৰ্গেট নকৰিবলৈ সকিয়নী প্ৰদান কৰাৰ উপৰিও অনশন তথা ধৰ্মঘটৰ দৰে কাৰ্যসূচীক অপমান নকৰিবলৈ সকিয়নী আছুৰ ।

সৰুপথাৰ: সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই সৰুপথাৰ নগৰত ক’লা পতাকা উত্তোলন কৰে ‘কা’ৰ বিৰোধিতা কৰি । উক্ত কাৰ্যসূচীত বাধা আৰোপ কৰে আৰক্ষীয়ে । আনহাতে প্ৰতিবাদী আছু কৰ্মীসকলে জুবিন গাৰ্গক ৰাজপথৰ আন্দোলনলৈ ওলাই অহাৰ বাবে আহ্বান জনায় । অসমৰ ৰাইজক আহ্বান জনায় যে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত যাতে সকলো ৰাজপথলৈ ওলাই আহে ।

কলিয়াবৰ: কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ক'লা পতাকা প্ৰদৰ্শন কৰি 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে বুধবাৰে নিশা ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । প্ৰতিবাদৰ ফলত জখলাবন্ধাত আৱদ্ধ হৈ পৰে উজনি-নামনি যাতায়ত । জখলাবন্ধা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পুনৰ যান-বাহন সুচল কৰে । প্ৰতিবাদকাৰীৰে আৰক্ষীৰ টানা আঁজোৰাও লাগে । গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষী-প্ৰশাসনক দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ।

তেজপুৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই তেজপুৰৰ আদালত চাৰিআলিত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে ক'লা পতাকা আৰু প্লে’কাৰ্ড লৈ কা প্ৰত্যাহাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰী আছু কৰ্মীসকলৰ হাতত থকা ক’লা পতাকা আৰক্ষীয়ে কাঢ়ি লোৱাৰ চেষ্টা চলোৱাৰ ফলত দুয়োপক্ষৰ মাজত মাজত টনা-আজোৰা লাগে৷

ডিব্ৰুগড়: ডিব্ৰুগড়তো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ত উৰিল আছুৰ ক'লা পতাকা । সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই থানা চাৰিআলিৰ মণ্ডল বিজেপি কাৰ্যালয়ত ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰিলে প্ৰতিবাদ । চহৰখনৰ বিজেপি কাৰ্যালয়ৰ ওপৰিও আন আন ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই 'কা'ৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।

জোনাই: জোনাইতো দেখা গ’ল ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ ৰে'লৱে ষ্টেচনৰ উপৰিও বিভিন্ন ৰাজহুৱা স্থানত ক’লা পতাকা লগাই আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বাংলাদেশীক সংস্থাপনৰ বাবে প্ৰণয়ন কৰা অসম আৰু অসমীয়াবিৰোধী ক'লা আইনখন সংসদত গৃহীত কৰি আইনত প্ৰণয়ন কৰিলেও অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ ।

চিৰাং: চিৰাঙৰ বিজনীতো ক’লা পতকা উৰুৱালে আছুৱে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজনীত আছুৰ ক’লা পতাকা লৈ প্ৰতিবাদ । বিজনী চহৰৰ মাজমজিয়াত ক’লা পতাকা আঁৰি, হাতে হাতে ক’লা পতাকা লৈ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীৰ হাতৰ পৰা ক’লা পতাকা কাঢ়ি লয় বিজনী আৰক্ষীয়ে ।

গোলাঘাট: গোলাঘাট জিলাতো ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় বিভিন্ন দল-সংগঠনে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ । বৃহস্পতিবাৰে গোলাঘাট জিলা আয়োক্ত কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ‘কা’ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰয়োজনত গুলী খাব, কিন্তু কোনো কাৰণতে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন মানি নলয় বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ ।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইন অসমৰ ক্ষেত্রত সম্পূৰ্ণ অৰ্থহীন : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.